বিপদে লগ নেৰা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। পাকিস্তানৰ এক আদালতে দুৰ্নীতিৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পিছতে আজি গ্ৰেপ্তাৰ কৰা হয়।
ইছলামাবাদৰ বিচাৰ আদালতে খানক পাঁচ বছৰৰ বাবে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাতো বাধা আৰোপ কৰাৰ লগতে ১ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে। এই জৰিমনা পৰিশোধ নকৰিলে তেওঁ অতিৰিক্ত ৬ মাহ কাৰাবাস খাটিব লাগিব।
খানৰ বিৰুদ্ধে তেওঁৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত বিদেশৰ ব্যক্তিৰ পৰা লাভ কৰা উপহাৰ অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু আদালতে এই গোচৰত তেওঁক দোষী সাব্যস্ত কৰে।
আদালতৰ এই ৰায়ৰ পিছতো অৱশ্যে ইমৰান খানে অভিযোগ অস্বীকাৰ কৰিছে। ইমৰান খানৰ ৰাজনৈতিক দল তেহৰিক-ঈ-ইনচাফে এই ৰায়ৰ বিৰুদ্ধে খান শীঘ্ৰেই পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰিছে।
লক্ষণীয়ভাৱে, যোৱা মে’ মাহতো দুৰ্নীতিৰ অভিযোগত খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশখনত হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছিল। খানৰ সমৰ্থকসকলে তেওঁৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল।
উল্লেখ্য যে, বিগত বৰ্ষত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হ’বলগা হৈছিল ইমৰান খান। আনহাতে, খানে তেওঁৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ বুলি অভিহিত কৰি দেশৰ সেনাবাহিনী এই ষড়যন্ত্ৰত জড়িত বুলি অভিযোগ কৰিছিল।
অৱশ্যে খানে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰি সেনাই এই বিষয়ত কোনো ভূমিকা লোৱা নাই বুলি স্পষ্ট কৰি দিছিল।