• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি ২.৭১ লাখ অংগনাবাড়ী, ৰন্ধন আৰু আশাকৰ্মী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2023 4:39 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে দীৰ্ঘদিন ধৰি নিজৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী, আশাকৰ্মী আৰু ৰন্ধন কৰ্মীসকলক৷ চৰকাৰী চাকৰি কৰি ভালকৈ পৰিয়াল পোহপাল দিয়াটো দূৰৈৰে কথা, এসাজ ভালকৈ খাবলৈও ভাবিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে এইসকল সাধাৰণ কৰ্মচাৰীৰ। মূল্যবৃদ্ধিয়ে কোঙা কৰা এই দিনবোৰত ২ লাখ ৭১ হাজাৰ কৰ্মচাৰী বঞ্চিত হৈ আছে নিজৰ প্ৰাপ্য পাৰিশ্ৰমিকৰ পৰা।

বাৰে বাৰে চৰকাৰক আবেদন নিবেদন কৰি অহাৰ পিছতো সংহত শিশু বিকাশ আচনি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত এই কৰ্মচাৰীসকলৰ সমস্যাৰ সমাধানৰ বাবে আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ।

Apply Now

এইদৰে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত ২ লাখ ৭১ হাজাৰ কৰ্মচাৰীৰ ভিতৰত আছে ১.২১ লাখ অংগনৱাড়ী কৰ্মী, ১.১৭ লাখ ৰন্ধন কৰ্মী, আৰু ৩৩ হেজাৰ আশা কৰ্মী।  

উল্লেখ্য যে দিনটোৰ পৰিশ্ৰমৰ অন্তত মধ্যাহ্ন ভোজন আঁচনিৰ অন্তৰ্গত ৰন্ধন কৰ্মীসকলে দৈনিক লাভ কৰে মাত্ৰ ৫০ টকা হাজিৰা। অৰ্থাৎ এইসকল ৰন্ধন কৰ্মীয়ে মাহে লাভ কৰে মাত্ৰ ১৫০০ টকাৰ মাননি।  এই মাননিও বছৰত মাত্ৰ ১০ মাহৰ বাবে পাবলৈ সক্ষম হয় ৰন্ধনকৰ্মীসকল। মাহিলি কেন্দ্ৰীয় চৰকাৰে ১,০০০ টকা আৰু ৰাজ্য চৰকাৰে ৫০০ টকাকৈ মাননি প্রদান কৰে ৰন্ধন কৰ্মীসকলক।  

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে চমক সৃষ্টি কৰি মুখৰ ফুটনিৰে ৰাজ্যৰ সম্পত্তি বহিৰাগত কোম্পানীক গতাই দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিগত ১৬ মাহে ৰন্ধন কৰ্মী সকলক প্ৰদান কৰা নাই ৰাজ্য চৰকাৰৰ পৰা দিব লগা ৫০০ টকাৰ মাননি।

সদৌ অসম মধ্যাহন ভোজন কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক কনকলতা দাসে সংবাদ মাধ্যমক জানোৱা অনুসৰি ২০২২ চনত তিনি মাহ আৰু ২০২৩ চনত জানুৱাৰীৰ পৰা চলিত মাহলৈকে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক অতিৰিক্ত ৫০০ টকাৰ মাননি প্রদান কৰা নাই। ইফালে সংহত শিশু বিকাশ আঁচনিত কৰ্মৰত ১ লাখ ২১ হেজাৰ অংগনৱাড়ী কৰ্মীয়েও নিয়মীয়াভাৱে মাননি লাভ নকৰে। 

আনহাতে, অংগনৱাড়ী কৰ্মীসকলক মাহিলি কেন্দ্রীয় চৰকাৰে ৪,৫০০ টকা, সহায়িকা সকলক ২,২৫০ টকাকৈ আৰু ৰাজ্য চৰকাৰে কৰ্মীসকলক ২,০০০ টকা আৰু সহায়িকাসকলক ১,০০০ টকাকৈ প্রদান কৰিব লাগে। কিন্তু এই ধনো চৰকাৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক নিয়মীয়াভাৱে আদায় দিয়া নাই। 

উল্লেখ্য যে অংগনৱাড়ী কৰ্মী  ১০,০০০ টকাকৈ মাননি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই কৰ্মী সকলে ২৩ মে’ৰ পৰা ধাৰাবাহিকভাৱে চাৰি দিন প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সমস্যা সমাধানৰ নামত চৰকাৰী কৰ্তৃপক্ষই আশ্বাসৰ বাদে আজিপৰ্যন্ত কাৰ্যকৰী কোনো পদক্ষেপ লোৱা নাই। 

আকৌ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত ৰাজ্যৰ ৩৩ হাজাৰ আশাকৰ্মীয়ে বিগত দুমাহে ৰাজ্য চৰকাৰৰ ১,০০০ টকাৰ মাননি লাভ কৰা নাই। আশাকৰ্মীসকলক কেন্দ্ৰীয় চৰকাৰে ২,০০০ আৰু ৰাজ্য চৰকাৰে ১,০০০ টকাকৈ মাহিলি মাননি প্রদান কৰিব লাগে। কিন্তু এই মাননি কৰ্মীসকলে নিয়মীয়াভাৱে লাভ নকৰে। 

উল্লেখ্য যে, কৰ’ণা কালত দিনে নিশাই জনসেৱা কৰা আশা কৰ্মী সকলক নিৰ্বাচনৰ সময়তো কামত লগালে অসম চৰকাৰে৷ কিন্তু পৰিতাপৰ বিষয়যে আজি পৰ্যন্ত সৰহসংখ্যক আশাই নাপালে মাননি৷ বহুতো আশা কৰ্মীয়ে সংঘবদ্ধভাবে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আশা সকলক Volunteer Worker (স্বেচ্ছাসেৱী কৰ্মী) ৰ নাম দি উপহাস কৰিছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd