• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থতে আৰ্টফেড বন্ধৰ ষড়যন্ত্ৰ কৰিছে নেকি চৰকাৰে? জাতীয় মহিলা শক্তিৰ প্ৰশ্ন 

টিভি চেনেল, বাতৰি কাকত, ৱেব পোৰ্টেল, হাই প্ৰফাইল ব্যক্তিগত স্কুল, চাহ বাগান, ৰিজ’ৰ্ট, অজস্ৰ মাটি-সম্পত্তি, নামী-বেনামী কোম্পানীৰ পিছত দুখীয়া শিপিনীৰ তাঁত শালখনলৈ চকু কিয়? - জাতীয় মহিলা শক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 8:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ গাঁৱে গাঁৱে, ঘৰে ঘৰে মহিলাসকলে তাঁত বয়৷ ই অসমীয়া মানুহৰ ঐতিহ্য৷ হস্ত তাঁত-বস্ত্ৰ শিল্প অসমৰ জাতীয় শিল্প৷ 

২০১৯-২০ বৰ্ষৰ হস্ততাঁত জৰীপৰ তথ্য অনুসৰি, অসমত ১২ লাখ ৮৩ হাজাৰ গৰাকী শিপিনী আছে; তাঁতশালৰ সংখ্যা ১২.৪৬ লাখৰ ওপৰত৷ 

অসমৰ অৰ্থনীতি কৃষি নিৰ্ভৰ – এইটো সকলোৱে জানে৷ অসমৰ অৰ্থনীতিলৈ সৰ্বাধিক অৱদান আগবঢ়ায় কৃষি খণ্ডই৷ কিন্তু দ্বিতীয় সৰ্বাধিক অৱদান হস্ত তাঁত-বস্ত্ৰ খণ্ডৰ৷ এইটো খণ্ডৰ পৰা উপাৰ্জিত ধনেৰে ৰাজ্যৰ লক্ষাধিক পৰিয়াল চলে৷ 

২০২১-২২ বিত্ত বৰ্ষত অসম চৰকাৰী তত্বাৱধানত অসমৰ শিপিনীসকলে ১,৮৯,৯২১ মিটাৰ কাপোৰ বৈ ৰাজ্যৰ অৰ্থনীতিলৈ অতুলনীয় অৱদান আগবঢ়াইছে৷ (Economic Survey of Assam, 2022-23).   নিজা উদ্যোগত ঘৰে ঘৰে শিপিনীসকলে বোৱা কাপোৰৰ হিচাপ নাই৷ 

ৰাজ্যৰ শিপিনীসকলক শৃঙ্খলিতভাৱে সুবিধা আগবঢ়োৱাৰ অৰ্থে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰ সৃষ্টিৰ অৰ্থে ১৯৭৭ চনৰ ২৭ জুলাই তাৰিখে Assam Apex Weavers And Artisans Cooperative Federation Ltd. চমুকৈ ARTFED গঠন কৰা হৈছিল৷ 

ARTFED এটা সমবায় সংঘ৷ ইয়াৰ অন্তৰ্গত ২২ খন জিলা পৰ্যায়ৰ আৰু ৮৬৭ খন প্ৰাথমিক পৰ্যায়ৰ সমবায় সমিতি তথা ১৪১ খন অন্য বিভিন্ন পৰ্যায়ৰ সমবায় সমিতি আছে৷  উক্ত সমবায় সমিতিসমূহৰ জৰিয়তে কেইবা লাখ শিপিনী পৰিয়াল আৰ্থিকভাৱে উপকৃত হৈ আছে৷ 

আনহাতে ARTFED-য়ে উক্ত শিপিনীসকলৰ বাবে এখন বৃহৎ বজাৰ উপলব্ধ কৰি থৈছে৷ দেশজুৰি ARTFED-ৰ ৫৩টা শ্ব’ৰূম আছে৷ তাৰে ৪৮টা শ্ব’ ৰূম অসমত আৰু বাকী ৫টা কলকাতা, জয়পুৰ, ইন্দোৰ, দিল্লী আৰু কানপুৰত আছে৷ চৰকাৰে বাংগালুৰুতো এটা শ্ব’ৰূম খোলাৰ ব্যৱস্থা কৰিছে৷ উক্ত শ্ব’ৰূমসমূহৰ প্ৰায়বোৰেই ARTFED-ৰ নিজা ভূমিৰ ওপৰত অৱস্থিত৷  অসমৰ লাখ লাখ শিপিনীয়ে ARTFED-য়ে প্ৰস্তুত কৰি দিয়া বজাৰৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আৰ্থিকভাবে স্বাভলম্বী হৈছে।

কিন্তু বিস্ময়কৰভাৱে ৰাজ্য চৰকাৰে ARTFED বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ৯ আগষ্টৰ দিনা বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত আগবঢ়োৱা ভাষণত এই কথা ঘোষণা কৰিছে৷ 

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে যোৱা ১২ জুলাই তাৰিখে ৰাজ্য কেবিনেটে ARTFED বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ সেই মৰ্মে যোৱা ৪ আগষ্টত হস্ত তাঁত-বস্ত্ৰ আৰু ৰেচম বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ বৰাই এক নিৰ্দেশনাত কেবিনেট সিদ্ধান্তৰ বিষয়ে অৱগত কৰি ARTFED-ৰ ক’ত কিমান সা-সম্পত্তি আছে, কিমান কৰ্মাচাৰী আছে ইত্যাদি তথ্য় চৰকাৰক জনাবলৈ নিৰ্দেশ দিছে৷ 

 মুখ্যমন্ত্ৰীয়ে ARTFED এটা লোকচানমুখী প্ৰতিষ্ঠান বুলি উল্লেখ কৰি ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে৷ কিন্ত ARTFED-ৰ চৰকাৰী ৱেবছাইটৰ বর্ণনাত (https://artfed.assam.gov.in/about-us/history-2) স্পষ্টভাৱে কোৱা হৈছে যে বিগত বহুবছৰ ধৰি ARTFED-য়ে পৰ্যাপ্ত লাভ/মুনাফা কৰি আহিছে৷ 

জাতীয় মহিলা শক্তিয়ে এক প্ৰেছ বিবৃত্তি যোগে কয় যে ইয়াৰ কাৰণ জানিবলৈ হ’লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ ব্যৱসায়িক কাম-কাজসমূহ বিশ্লেষণ কৰিব লাগিব৷ 

“মন কৰিবলগীয়া যে শ্ৰীমতী শৰ্মা কমেও তিনিটা টিভি চেনেল, এটা বহুল প্ৰচাৰিত ৱেব পোৰ্টেল, এখন বাতৰি কাকত, এখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বিশাল ইংৰাজী মাধ্যমৰ বিদ্যালয়, এখন পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্ট, একাধিক চাহ বাগিছা আদিৰ অধিকাৰী৷ এগৰাকী ব্যৱসায়-সফল মহিলা হিচাপে তেখেতৰ ব্যৱসায়িক সাফল্যত আমাৰ আমাৰ আপত্তি কৰিবলগীয়া নাথাকিলহেতেন৷ তেখেতৰ প্ৰতি আমি শুভেচ্ছাও আগবঢ়ালোহেতেন যদিহে স্বামী ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সুবাদত সকলো চৰকাৰী পৃষ্ঠপোষকতা বা প্ৰয়োজনীয় সুবিধা তেখেতলৈ আগবঢ়োৱা নহ’লহেতেন৷” জাতীয় মহিলা শক্তিয়ে লগতে কয়।

জাতীয় মহিলা শক্তি লগতে কয়, “ৰাজহুৱা অভিযোগ আছে যে বিগত কিছু বছৰ ধৰি অসমৰ দুখীয়া শিপিনীসকলৰ হস্ত তাঁত-বস্ত্ৰ খণ্ডটোত শ্ৰীমতী ভূঞাই চকু দিছে৷ তেখেতে ইতিমধ্যে শুৱালকুছিসহ কেইবা ঠাইত বিশাল তাঁত শাল সম্ভাৰ স্থাপন কৰি হস্ত্ৰ তাঁত বস্ত্ৰৰ উৎপাদন আৰু বিক্ৰিৰ ব্যৱস্থা কৰিছে৷ তেখেতে ‘Golden Threads Of Assam’ নামেৰে এটা পাট-মুগাৰ ব্ৰাণ্ড প্ৰস্তুত কৰি বিশ্বজুৰি অসমৰ পাট-মুগাৰ বস্ত্ৰসম্ভাৰ বিক্ৰিৰ ব্যৱস্থা কৰিছে৷ ”

মন কৰিবলগীয়া যে মাননীয় মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী শ্ৰীমতী শৰ্মাই তেখেতৰ ব্যৱসায় তথা উদ্যোগৰ কেন্দ্ৰভূমি সম্প্ৰতি কাজিৰঙালৈ স্থানান্তৰ কৰাৰ কথা সকলোৰে চকুত পৰিছে৷ শ্ৰীমতী শৰ্মাই নিজে তেখেতৰ ছছিয়েল মিডিয়া প্লেটফৰ্মত ইয়াৰ প্ৰচাৰ কৰিছে৷ শ্ৰীমতী শৰ্মাৰ কাজিৰঙাৰ নিকটৱৰ্তী কাঞ্চনজুৰি চাহ বাগিছা আৰু কাঞ্চনজুৰি ৰিজ’র্টৰ আশে-পাশে হস্ত তাঁত-বস্ত্ৰ উদ্যোগ সম্প্ৰসাৰণৰ প্ৰয়াস চলোৱাৰ তথ্য ছছিয়েল মিডিয়াযোগে প্ৰচাৰ হৈছে৷

তাৰ সমান্তৰালকৈ শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা সপ্তাহতে, যোৱা ৮ আগষ্টৰ দিনা বোকাখাটত ৮৫ কোটি টকা ব্যয়সাপেক্ষে ‘হেণ্ডলুম পাৰ্ক’ (হস্ত তাঁত উদ্যান) স্থাপনৰ আধাৰশিলা স্থাপন কৰিছে৷ 

জাতীয় মহিলা শক্তিয়ে লগতে কয় যে ৰাজহুৱা অভিযোগ অনুসৰি উক্ত হস্ত তাঁত উদ্যান মূলতঃ শ্ৰীমতী শৰ্মাৰ ব্যৱসায়িক সুবিধাৰ অৰ্থে স্থাপনৰ দিহা কৰা হৈছে৷  ৰাজহুৱা অভিযোগ অনুসৰি, ARTFED বন্ধ কৰি দিয়াৰ আঁৰতো একেই কাৰণ বিদ্যমান৷ 

মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীৰ সেৱাৰ অৰ্থে চৰকাৰী আমোলা-বিষয়াক কেনেদৰে ব্যৱহাৰ কৰা হৈছে তাৰ শেহতীয়া উদাহৰণ হ’ল, অলপতে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন ৰাধাকৃষ্ণ চাহ বাগিছাত মৎস্য পালনৰ অৰ্থে পুখুৰী খান্দি থকা কাৰ্য্য পৰিদর্শনৰ বাবে যোৱা শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে যোৰহাটৰ উপায়ুক্ত পুলক মহন্তই মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছে পিছে কৰ্মচাৰীৰ দৰে ঘুৰি ফুৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে৷ এই ক্ষেত্ৰত এখন জিলাৰ উপায়ুক্তই আন এখন জিলাত অনাচৰকাৰী ব্যক্তিৰ সৈতে পথাৰৰ বোকা খছি কি কাৰণত, কি প্ৰয়োজনত গৈছিল বুলি প্ৰশ্ন কৰিছে জাতীয় মহিলা শক্তিয়ে।

জাতীয় মহিলা শক্তিয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও মুকলি প্ৰশ্ন আগবঢ়াইছে । সেই প্ৰশ্ন কেইটা হ’ল –

১/ আপোনাৰ সন্মানীয় সহধৰ্মিনীয়ে তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিৰ অৰ্থে পোনপটীয়া চৰকাৰী পৃষ্ঠপোষকতা পাই থকাটো কিমান সত্য? এই বিষয়ে আপুনি অৱগতনে? 

২/ বোকাখাট হেণ্ডলুম পাৰ্কখন আপোনাৰ সহধৰ্মিনীৰ ব্যৱসায়িক সুবিধাৰ অৰ্থে স্থাপন কৰা হৈছে নেকি? অসমৰ হস্ত তাঁত-বস্ত্ৰৰ বজাৰখন শ্ৰীমতী শৰ্মাৰ হাতত অৰ্পন কৰাৰ গোপন অভিসন্ধি অনুসৰিয়ে ARTFED বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে নেকি? 

৩/ টিভি, চেনেল, বাতৰি কাকত, ৱেব পোৰ্টেল, হাই প্ৰফাইল ব্যক্তিগত স্কুল, চাহ বাগিচা, ফাইভ ষ্টাৰ ৰিজ’ৰ্ট, অজস্ৰ ঠাইত মাটি-সম্পত্তি, নামে-বেনামে অলেখ কোম্পানী – ইমানবোৰ হোৱাৰ পিছতো দুখীয়া শিপিনীসকলৰ তাঁত শালখনকো আপোনাৰ পৰিয়ালে কুক্ষিগত কৰিবলৈ বিচাৰিছে কিয়? 

৪/ ARTFED-ৰ জৰিয়তে শিপিনীসকলে লাভ কৰি অহা সা-সুবিধা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰ কৰিব বিচৰা হৈছে নেকি? 

৫/ ARTFED-ৰ পুঁজিত ধন থকাৰ পিছতো ইয়াৰ কৰ্মচাৰীসকলক যোৱা ২২ মাহ ধৰি দৰমহা নিদিয়াটো ARTFED বন্ধ কৰি দিয়া ষড়যন্ত্ৰ অংশ বিশেষ নেকি? ARTFED বন্ধ কৰি দি ইয়াৰ কৰ্মচাৰীসকলক সংস্থাপনহীন কৰিব কিয় বিচৰা হৈছে? 

৬/ ARTFED-ক শক্তিশালী কৰি ৰাজ্যৰ দুখীয়া শিপিনীসকলক সকাহ দি তেওঁলোকক শক্তিশালী কৰাৰ সলনি তেওঁলোকৰ শালখনৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিব খোজাৰ কৰ্পোৰেট কৌশলটো উক্ত শিপিনীসকলৰ প্ৰতি আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ প্ৰতি অন্যায় নহয়নে?

অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিয়ে এই অভিযোগ উত্থাপন কৰি প্ৰশ্ন উত্থাপন কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd