দেশৰ লগতে সমগ্ৰ অসমত ধুমধামেৰে উদযাপন হৈছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ আনন্দোৎসৱৰ মাজতে মাজুলীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা।
স্বাধীনতা দিৱসৰ দিনাই মাজুলীৰ এক কুলাংগাৰ পুত্ৰই লাঠিৰে মৰিয়াই মৰিয়াই নৃসংশভাবে হত্যা কৰিলে জন্মদাত্ৰী মাতৃক।
এই ঘাতক পুত্ৰৰ নাম ৰাহুল কাকতি। পুত্ৰৰ হাতত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া মাতৃগৰাকী সোনাপী কাকতি। মাজুলী গড়মূৰ থানাৰ অন্তৰ্গত যোৰবিল কাঠনিআটী গাৱঁত সংঘটিত হৈছে এই ভযংকৰ হত্যাকাণ্ড।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও চোকা অস্ত্ৰৰে মাতৃক ঘপিয়াই কাৰাগাৰলৈ গৈছিল ৰাহুল। জেলৰ পৰা ওলাই আহিয়েই আকৌ পাষৱিক কামত লিপ্ত হয় ৰাহুল।
জানিব পৰা মতে, ৰাহুলৰ ঘৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ভাং। বস্তাই বস্তাই ভাং উদ্ধাৰ হৈছে হত্যাকাৰী ৰাহুলৰ ঘৰত।
আৰক্ষী সূত্ৰই জনোৱা মতে, ৰাহুলক গ্ৰেপ্তাৰ কৰি গড়মূৰ থানালৈ তাৎক্ষণিক ভাবে লৈ যোৱা হৈছে।





