এক ভয়াৱহ বিস্ফোৰণে আজি পুৱাই কঁপাই তোলে ৰাছিয়াৰ এক গেছ ষ্টেচন। এই ঘটনাত ৩ শিশুকে ধৰি ৩৫ গৰাকী লোকৰ মৃত্যু হয়। এই ভয়ংকৰ বিস্ফোৰণত আন বহুকেইগৰাকী লোক গুৰুতৰভাৱে আহত হয়।
ৰাছিয়াৰ দাগেস্তান চহৰত সংঘটিত হৈছে এই বিস্ফোৰণ। ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ পাছতে তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে টেলিগ্ৰাম বাৰ্তা যোগে উল্লেখ কৰা মতে, প্ৰথমে দাগেস্তানৰ ৰাজধানী মাখাচকালাৰ এটা ৰাস্তাৰ কাষত থকা এটা গাড়ী মেৰামতি কৰা কাৰখানাত এই অগ্নিকাণ্ড সংঘটিত হয়।
ক্ৰমাৎ এই জুই কাষৰ গেছ ষ্টেচনলৈ জুই বিয়পি পৰে। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। জুয়ে গেছ ষ্টেচন ছানি ধৰাৰ লগে লগে ধাৰাবাহিকভাৱে বিস্ফোৰণ ঘটে।
ব্যক্তিৰ প্ৰাণহানিৰ লগতে এই বিস্ফোৰণৰ ফলত কোটি কোটি টকাৰ সম্পত্তি জুইত জাহ যায়।





