• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতিৰ তাণ্ডৱ: বিধ্বস্ত হিমাচল-উত্তৰাখণ্ড, মৃত্যুৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 10:30 am
flood in Himachal and Uttarakhand
1.5k
VIEWS
Share on FacebookShare on Twitter

ৰুক্ষ প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে দুই পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। অতিমাত্ৰা বৃষ্টিপাতৰ ফলত হোৱা বান আৰু ভূমিস্খলনে অধিক ভয়াৱহ কৰি তুলিছে ৰাজ্য দুখনৰ পৰিস্থিতি।

এই দুৰ্যোগত ৰাজ্য দুখনত মৃত্যুৰ সংখ্যা ৬৬লৈ বৃদ্ধি পাইছে। বানবিধ্বস্ত অঞ্চলসমূহত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। অৱশ্যে ভূমিস্খলনৰ ফলত বহু পথ বন্ধ হৈ যোৱাৰ বাবে কিছু ব্যাঘাত জন্মিছে অভিযানত।

উল্লেখ্য যে, যোৱা ১৩ আগষ্টৰ পৰা ধাৰাবাহিকভাৱে মূষলধাৰ বৰষুণ হৈ আছে হিমাচল প্ৰদেশত। এতিয়ালৈকে ৰাজ্যখনত ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে।

লক্ষণীয়ভাৱে, বানৰ এই বিভীষিকাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি দেশৰ ৭৭ তম স্বাধীনতা দিৱসৰ সকলো পৰিকল্পিত কাৰ্যসূচী বাতিল কৰা হয় ৰাজ্যখনত। বৰ্তমান পৰ্যন্ত ৰাজ্যখনত বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজ্যত আগন্তুক দুদিনলৈ বতৰৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। এনে পৰিণতিত অধিক বিষম হৈ পৰিব হিমাচলৰ পৰিস্থিতি।

দুৰ্যোগৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হৈ থকা প্ৰতিটো ঘৰতে অতি সোনকালে বিদ্যুৎ ঘূৰাই দিয়া হ’ব বুলি অৱশ্যে হিমাচল চৰকাৰে ঘোষণা কৰিছে। লগতে খোৱাপানীৰ যোগান পুনৰ আৰম্ভৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও চৰকাৰে সদৰী কৰে।

আনহাতে হিমাচলৰ দৰেই উত্তৰাখণ্ডৰ পৰিস্থিতিও অত্যন্ত উদ্বেগজনক হৈ পৰিছে। ৰাজ্যখনত আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞানী কেন্দ্ৰই সকীয়াই দিছে।

ৰাজ্যখনত বান আৰু ভূমিস্খলনৰ তাণ্ডৱত এতিয়ালৈকে ৬ গৰাকী লোকৰ মৃত্যু হৈছে, সন্ধানহীন হৈ আছে ১০ গৰাকী লোক। বানৰ প্ৰকোপত ৰাজ্যৰ ৰুদ্ৰপ্ৰয়াগত ভাগি পৰে এখন দলং।

অৱশ্যে প্ৰশাসনৰ তৎপৰতাত দুৰ্যোগস্থলীৰ পৰা ৫২ গৰাকী লোকক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰা হয়।

Recent News

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd