যোৰহাট জিলাত বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি আজি কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন আৰ, আধাৰশিলা স্থাপন কৰাৰ লগতে চাহ পৰ্যটনৰ প্রসাৰ আৰু উন্নয়নৰ বাবে অনুমোদন পত্র বিতৰণৰ উপৰি জলজীৱন সন্মিলন উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।
উল্লেখ্য যে যোৰহাট জিলাত সৰ্বমুঠ ২৮৬ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্পৰ আজি মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন আৰু শিলান্যাস স্থাপন কৰে।
মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া এক প্ৰয়োজন পূৰণ কৰি আজি ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেঁতু খন উদ্বোধন কৰাৰ লগতে যোৰহাটৰ আন্তঃগাঁথনি উন্নয়নৰ এক নৱতম সংযোজন হিচাপে ভাৰতীয় বিমানসেৱা প্রাধিকৰণৰ অধীনত প্রস্তাৰিত ৰৰৈয়া বিমান বন্দৰ সম্প্ৰসাৰণ প্রকল্পৰ সৈতে জড়িত ৰৰৈয়া নতুন বিমান কোঠ সংযোগী পথটোৰ শিলান্যাস কৰে। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত লোকনিৰ্মাণ পথ বিভাগে নিৰ্মাণ কৰিবলৈ লোৱা ৮৪০ মিটাৰ দৈৰ্ঘ্যৰ পথটো চাৰি লেনযুক্ত হোৱাৰ লগতে দুয়োফালে দুটা সেৱা পথ আৰু পদপথ থাকিব। পথটোৰ নিৰ্মাণৰ বাবে অনুমোদিত সৰ্বমুঠ প্ৰকল্প ব্যয় ১৫৬.০৯ কোটি টকাৰ ভিতৰত বৈদ্যুতিক আৰু পানী যোগান ব্যৱস্থাৰ স্থানান্তৰকৰণৰ বাবদ ২.১৭ কোটি টকা আৰু ভূমি অধিগ্ৰহণৰ বাবদ ১৪০.৭৪ কোটি টকা আৰু সংযোগী পথ নিৰ্মাণৰ বাবদ ১২.৩৮ কোটি টকা ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে।
আনহাতে, অসমৰ চহকী চাহ উদ্যোগৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই জিলাৰ পৰাই চাহ পৰ্যটনৰ প্রসাৰ আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদম্ফেপৰ অধীনত চাহ বাগানলৈ অনুদান পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে এই পদক্ষেপৰ অধীনত আজি ২২ খন চাহ বাগিচালৈ সৰ্বমুঠ চৰকাৰী অংশ ৩৩.৬ কোটি টকাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমত চাহ পৰ্যটনৰ আন্তঃগাঁথনিৰ প্রসাৰ আৰু উন্নয়নত গুৰুত্ব প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া এই পদক্ষেপৰ জৰিয়তে ৫০ খন আইক’নিক চাহ বাগিচাক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলা হ’ব। ইয়াৰ উপৰি এতিহ্যমণ্ডিত বাঙলা আৰু অতিথাশালাক নতুন ৰূপত সজাই তোলাৰ লগতে বিনোদন, যোগ কেন্দ্ৰ আদিৰ জৰিয়তে আধুনিক সুবিধা প্রদান কৰিব বিচৰা হৈছে।
বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি এঁতিহাসিক যোৰহাটত আয়োজিত জল জীৱন সন্মিলনত জল জীৱন মিছনৰ অন্তৰ্গত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মিত ৬০খন গ্ৰাম্য খোৱাপানী যোগান আঁচনিৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অমৃত কালত ভাৰতক বিশ্ব গুৰুৰ আসনত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সমূহ অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে তাৰে অন্যতম কাৰ্য হিচাপে দেশৰ কোটি কোটি গ্ৰাম্য পৰিয়ালক জল জীৱন মিছনৰ যোগেদি ঘৰে ঘৰে পাইপেৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে যোৰহাট জিলাত আজি উদ্ধোধন কৰা
এই ৬০ খন আঁচনিৰ জৰিয়তে মুঠ ১২,৫০০ ঘৰ পৰিয়াল উপকৃত হ’ব। যোৰহাটবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ লগতে অমৰণ্ট প্রকল্পৰ পৰাও ইতিমধ্যে অনুমোদন হৈ থকা ৪৩ কোটি টকা সংযোজন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে ডি পি আৰ প্রস্তুতৰ কাম আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। যোৰহাট টাউন পানী যোগান আঁচনিখন এক-ডেৰ বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ বাবে বিভাগক এক সময়ভিত্তিক কৰ্ম আঁচনি প্রস্তুত কৰিবলৈ নিৰ্দেশ প্রদান কৰ৷ হৈছে। যোৰহাট-মৰিয়নী পথৰ ওপৰত ৮৩ কোটি টকা ব্যয় সাপেক্ষে আৰু বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং পথত আৰু দুখন উৰণ সেতু নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আজিৰ এই সভাত বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদসকল কামাখ্যা প্ৰসাদ তাছা, পবিত্ৰ মাৰ্ঘেৰিটা, তপন কুমাৰ গগৈ, বিধায়কসকল হিতেন্দ্ৰ নাথ গোস্বামী, ভৱেন ভৰালী, তৰংগ গগৈ ৰূপজ্যোতি কুমী, ভাস্কৰ বৰুৱা, অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব’চী, জলজীৱন মিছনৰ এম ডি কৈলাশ কাৰ্তিক এন, জিলা আয়ুক্ত পুলক মহন্ত প্রমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গসকল উপস্থিত থাকে।
ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আজি ঢেকীয়াখোৱা বৰনামঘৰৰ প্রৱেশ পথত নৱনিৰ্মিত আটকধুনীয়া বাটচ’ৰাটোৰ শুভ উদ্বোধন কৰাৰ লগতে বৰনামঘৰৰ জিৰণি ভৱনটো ভক্তিপ্রাণ ৰাইজৰ নামত উৎসৰ্গিত কৰে।





