যোৰহাট জিলাৰ মৰিয়নিস্থিত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য বৰ্তমান একাংশ দুষ্কৃতিকাৰীৰ বাবে ৰম্যভূমিলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে মৰিয়নিৰ ঐতিহাসিক ধোদৰ আলিৰ দাঁতিতে অভয়াৰণ্যখন অৱস্থিত হোৱা বাবে বিভিন্ন লোকৰ বিশ্ৰামথলী হৈ পৰিছে এই অভয়াৰণ্য। কিন্তু শেহতীয়াকৈ ধোদৰআলিৰ দাঁতিত অভয়াৰণ্যখনত উদ্ধাৰ হৈছে শ শ সুৰাৰ খালি বটল।
প্ৰাপ্ত তথ্য মতে অতি সহজতে কোনো নথকাৰ সুযোগ লৈ একাংশ দুষ্টপ্ৰকৃতিৰ লোকে সুৰাপান কৰি খালি বটল সমূহ অভয়াৰণ্যখনলৈ দলিয়াই দিয়ে। মদৰ বটলৰ লগতে চিপচ জাতীয় সামগ্ৰী, প্লাষ্টিকৰ পানীৰ বটলকে ধৰি অনান্য প্লাষ্টিক জাতীয় সামগ্ৰী অভয়াৰণ্যখনলৈ পেলোৱাৰ ফলত অভয়াৰণ্যখনৰ জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হৈছে।
ইফালে অভয়াৰণ্যখনৰ প্ৰৱেশ পথতে এটা বন শিবিৰ আছে যদিও পৰ্য্যাপ্ত বনকৰ্মীৰ অভাৱত পেট্ৰলিং দিব নোৱাৰে বন বিভাগে। ফলত বন বিভাগৰ এই হেমাহিৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যখন এক প্ৰকাৰৰ ডাষ্টবিনলৈ পৰ্যবসিত কৰি পেলাইছে।
গতিকে স্থানীয় ৰাইজ আৰু স্বেচ্ছাসেৱী সংগঠনে এইক্ষেত্ৰত বনবিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা অনাগত দিনত অভয়াৰণ্যখন ব্যাপক ধ্বংসৰ দিশে গতি কৰিব বুলি স্থানীয় সচেতন মহলে প্ৰকাশ কৰে।