বিবাহিত জীৱনৰ প্ৰকৃত সুখ তেতিয়াহে আহে যেতিয়া পৰিয়ালত সন্তান জন্ম হয়। কিন্তু পৃথিৱীৰ অগণন দম্পতীয়ে সেই সুখ নাপায়। বহুত চেষ্টা কৰিও তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে। এই ক্ষেত্ৰত ইউক্ৰেইন তেওঁলোকৰ বাবে গন্তব্যস্থান হ’ব পাৰে। পূব ইউৰোপৰ এইখন দেশত বন্ধ্যা দম্পতীয়ে চেৰ’গেচিৰ জৰিয়তে পিতৃ-মাতৃ হ’ব পাৰে। বৰ্তমান দেশখনক ‘বেবী ফেক্টৰী’ বুলিও জনা যায়।
প্ৰতিবেদন অনুসৰি, সন্তান জন্ম দিব নোৱাৰা দম্পতীয়ে ইউক্ৰেইনত কিছুমান চৰ্ত পূৰণ কৰি পিতৃ-মাতৃ হ’ব পাৰে।
অৱশ্যে এই ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব লগা হয়। গৰ্ভ ভাড়াত লোৱাৰ ক্ষেত্ৰত এই দেশে সন্তান জন্মক সম্পূৰ্ণ বাণিজ্যিক আৰু উদ্যোগিক পৰ্যায়লৈ লৈ গৈছে।
পৰিসংখ্যা অনুসৰি ইউক্ৰেইনত প্ৰতি বছৰে বিদেশী দম্পতীৰ পৰা ২৫০০ৰ পৰা ৩০০০ সন্তান জন্ম হয়। এ এফ পি সংবাদ সংস্থাৰ মতে এই দম্পতীৰ এক তৃতীয়াংশ চীনৰ বাসিন্দা।
উল্লেখ্য যে, ভাৰত আৰু থাইলেণ্ডে বিদেশীৰ বাবে ব্যৱসায়িক সন্তান জন্ম দিয়াৰ সুবিধা বন্ধ কৰি দিছে। এই সুযোগতে ইউৰোপীয় দেশখনৰ ভাগ্য মুকলি হৈছে।
তাত চেৰ’গেচিৰ জৰিয়তে সন্তান লাভৰ নূন্যতম খৰচ ২৫ হাজাৰ ইউৰো ।
এই খৰচ ৭০ হাজাৰ ইউৰো পৰ্যন্ত বৃদ্ধি পায়। কিন্তু ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন চেৰ’গেচি ক্লিনিকত কোৱা হৈছে যে আধা ৰোগীৰ ক্ষেত্ৰত ৩৯ হাজাৰ ৯০০ ইউৰোৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ক্লিনিকৰ ৱেবছাইট অনুসৰি দম্পতীয়ে ইচ্ছা কৰিলে পুত্ৰ সন্তান জন্ম দিব পাৰে, আৰু কন্যাও জন্ম দিব পাৰে।
কিন্তু এনে ক্ষেত্ৰত খৰচ বেছি হ’ব। ল’ৰা বা ছোৱালী বাছি ল’বলৈ দুবাৰ চেষ্টা কৰিব পাৰে। ইয়াৰ বাহিৰেও দম্পতীয়ে কিছু চৰ্ত পূৰণ কৰিব লাগিব। বিশেষকৈ সন্তান জন্ম দিবলৈ অক্ষম দম্পতীয়ে এই প্ৰক্ৰিয়াত সন্তান গৰ্ভধাৰণ কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে সন্তান জন্ম দিবলৈ অক্ষম হোৱাৰ চিকিৎসাৰ নথি-পত্ৰ দেখুৱাব লাগিব।