পাটনাৰ পিছত বাংগালুৰু আৰু এইবাৰ মুম্বাই। অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ৰ বৈঠকত বহিব মিত্ৰজোঁট ‘ইণ্ডিয়া’। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতীক (Logo) কি হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এই বৈঠকতে লোৱা হ’ব পাৰে বুলি শুনা গৈছে। কিন্তু এইটোৱেই একমাত্ৰ কাৰ্যসূচী নহয়, কামৰ তালিকাখন দীঘলীয়া। কংগ্ৰেছৰ সূত্ৰসমূহে তাৰাই ইংগিত দিছে।
জানিব পৰা মতে, ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেন্ট ইনক্লুচিভ এলায়েন্স বা ইণ্ডিয়া মিত্ৰজোঁটে এই বৈঠকত ১১ জনীয়া সমন্বয় সমিতি গঠন কৰিব। সেই বৈঠকত ৰাজ্যিক ভিত্তিত আসন ভাগ-বতৰাৰ বিষয়েও আলোচনা কৰা হ’ব৷
ইণ্ডিয়া এলায়েন্সৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, এই বৈঠকত কমেও পাঁচখন পেনেল গঠনৰ বিষয়ে আলোচনা কৰা হ’ব, যিয়ে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন কাম সম্পন্ন কৰিব। বৈঠকত যৌথ বিবৃতিৰ খচৰা প্ৰকাশ কৰিব পাৰে। ইতিমধ্যে খচৰা প্ৰস্তুতৰ কাম চলি আছে।
ইণ্ডিয়া মিত্ৰজোঁটে ছচিয়েল মিডিয়াক বিশেষ গুৰুত্ব দিবলৈ আগবাঢ়িছে। তৃতীয় বৈঠকত ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে ইজনে সিজনৰ ছ’চিয়েল মিডিয়া কন্টেন্ট কেনেদৰে শ্বেয়াৰ কৰিব পাৰে সেই বিষয়েও আলোচনা কৰা হ’ব।
মিত্ৰজোঁটৰ নেতাসকলে অনুভৱ কৰে যে মিত্ৰজোঁটৰ বিৰোধী দলসমূহে ইটোৱে সিটোৰ পোষ্ট শ্বেয়াৰ কৰিলে ডিজিটেল মিডিয়াত সামগ্ৰিকভাৱে ইণ্ডিয়া মিত্ৰজোঁটৰ এটা ডাঙৰ প্ৰভাৱ পৰিব।
উল্লেখ্য যে বিৰোধী মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক পাটনাত অনুষ্ঠিত হৈছিল। তাতেই মিত্ৰতা গঢ় লৈ উঠিছিল। ইয়াৰ পিছত বাংগালুৰুৰ বৈঠকত আনুষ্ঠানিকভাৱে ইণ্ডিয়া মিত্ৰজোঁটৰ নাম ঘোষণা কৰা হয়। ২৬টা দলৰ এই মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক মুম্বাইত অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াৰ পিছত আৰু অন্ততঃ দুখন বৈঠকৰ কথা আছে। অহা কেইসপ্তাহমানৰ ভিতৰত এখন কলকাতাত আৰু চেন্নাইত আন এখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
বাতৰি অনুসৰি, অহা ৩১ আগষ্টত মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত বিৰোধী মিত্ৰজোঁটৰ নেতাসকল একত্ৰিত হ’ব। ১ ছেপ্টেম্বৰত, পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব মূল বৈঠক। সেই বৈঠকৰ পৰাই ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতীক আৰু অন্যান্য ডাঙৰ ঘোষণাসমূহ কৰা হ’ব।





