তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু আৰক্ষী চকীৰ অধীনৰ পাহাৰাঞ্চল লিডু মালো গাঁৱৰ পৰা সেনাৰ এটি দলে অঞ্চলটোত অভিযান চলাই আজি এন এছ চি এনৰ তিনিটা লিংকমেনক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ওপৰত ভিত্তি কৰি মাৰ্ঘেৰিটাস্থিত ১৪ নং অসম ৰাইফলছৰ সেনাৰ এটা দলে আজি পুৱাৰ ভাগত লিডুৰ মালো গাঁৱত অতৰ্কিতে অভিযান চলায়। ফলত অভিযান কালত সেনাৰ দলটোৱে অঞ্চলটোৰ পৰা তিনিজন এন এছ চি এনৰ লিংকমেনক আটক কৰে।
আটকাধীন লিংক মেন কেইজন ক্ৰমে কামৈ হাখুন, কুমচেং হাখুন আৰু নুকচাম বংটাই বুলি চিনাক্ত কৰাৰ লগতে তিনিওজন এন এছ চি এন খাপলাং গোটৰ লিংকমেন বুলি সেনাৰ দলটোৱে চিনাক্তকৰণ কৰিছে।
আনহাতে আটকাধীন এন এছ চি এনৰ লিংকমেন কেইটাৰ পৰা সেনাৰ দলটোৱে চাৰিডাল আই ই ডি ডিটেনেটৰ, আই ই ডি বিস্ফোৰণত ব্যৱহৃত এটা নিয়ন্ত্ৰক যন্ত্ৰ, আপত্তিজনক তথ্য সম্বলিত এটা ম’বাইল হেণ্ডছেটৰ লগতে এখন ছিম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে অভিযানকাৰী সেনাৰ দলটোৱে আটকাধীন তিনিওজনকে লিডু আৰক্ষী চকীত চমজাই দিয়া বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।