• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনাৰ তিনি প্ৰাক্তন প্ৰধানৰ টাইৱান ভ্ৰমণৰ পিছত নিৰাপত্তা সহযোগিতা সন্দৰ্ভত ভাৰতক সকীয়ালে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 7:54 am
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটো: সংগ্ৰহীত।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে বৃহস্পতিবাৰে কয় যে ভাৰতে “এক চীন নীতি” অনুসৰণ কৰিব লাগে আৰু টাইৱানৰ সৈতে “সামৰিক আৰু নিৰাপত্তা” সহযোগিতাৰ পৰা বিৰত থাকিব লাগে। ভাৰতৰ সেনাৰ তিনিগৰাকী প্ৰাক্তন মুৰব্বীয়ে বেইজিঙে বিচ্ছিন্ন অঞ্চল বুলি দাবী কৰা স্ব-শাসিত দ্বীপটো ভ্ৰমণ কৰাৰ কেইসপ্তাহমানৰ পাছতে এইদৰে ভাৰতক সকীয়ালে চীনে।

প্ৰাক্তন সেনা প্ৰধান মনোজ নাৰভানে, নৌসেনা মুৰব্বী কৰমবীৰ সিং আৰু বায়ুসেনা প্ৰধান আৰ কে এছ ভদৌৰিয়াই ৮ আগষ্টত অনুষ্টুপীয়া কিন্তু এক বিৰল ভ্ৰমণত টাই ৱানলৈ গৈছিল। কেটাগালান ফ’ৰামৰ ২০২৩ চনৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় নিৰাপত্তা আলোচনাৰ বাবে টাইপেই ভ্ৰমণ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন শীৰ্ষ নেতৃত্বই আলোচনাত ভাগ লৈছিল।

টাইৱানৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে মুকলি ভাষণ প্ৰদান কৰে।

Apply Now

তিনি সপ্তাহৰ পাছত এই ভ্ৰমণ সন্দৰ্ভত মন্তব্য দিবলৈ গৈ চীনৰ বৈদেশিক মন্ত্ৰালয়ে পোনপটীয়াকৈ ভাৰতৰ নাম উল্লেখ নকৰাকৈয়ে এনে ভ্ৰমণৰ “দৃঢ় বিৰোধিতা” কৰে বুলি অৱগত কৰিছে।

বৃহস্পতিবাৰে বেইজিঙত অনুষ্ঠিত নিয়মীয়া সম্বোধনৰ সময়ত বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে চীনে টাইৱান কর্তৃপক্ষ আৰু চীনৰ সৈতে কূটনৈতিক সম্পৰ্ক থকা দেশসমূহৰ মাজত সকলো ধৰণৰ আনুষ্ঠানিক পাৰস্পৰিক কাৰ্য-কলাপৰ দৃঢ় বিৰোধিতা কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশিত সংবাদমেলৰ আনুষ্ঠানিক প্ৰতিলিপি অনুসৰি ৱাঙে কয় যে এয়া আমাৰ সামঞ্জস্যপূৰ্ণ আৰু স্পষ্ট স্থিতি।

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ৱাঙে কয় যে আমি আশা কৰোঁ যে সংশ্লিষ্ট দেশখনে এক-চীন নীতি মানি চলিব, টাইৱান সম্পৰ্কীয় বিষয়সমূহ বিবেচনাপূৰ্ণ আৰু সঠিকভাৱে চম্ভালিব আৰু টাইৱানৰ সৈতে কোনো ধৰণৰ সামৰিক আৰু নিৰাপত্তা সহযোগিতাৰ পৰা বিৰত থাকিব।

এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে ভাৰতীৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

২০২০ চনৰ জুন মাহত গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত চীন-ভাৰতৰ সম্পৰ্ক গভীৰভাৱে জটিল হৈ পৰাৰ পটভূমিত আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আগন্তুক নতুন দিল্লীৰ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত বেইজিঙে মৌনতা অৱলম্বন কৰাৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে উক্ত ভ্ৰমণৰ প্ৰতি পলমকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰতে এক চীনৰ নীতি অনুসৰণ কৰে যদিও এক দশকৰো অধিক সময় ধৰি দ্বিপাক্ষিক নথিত ইয়াৰ পুনৰাবৃত্তি বন্ধ কৰি দিছে। নতুন দিল্লীয়ে অৱশ্যে টাইৱানৰ সৈতে বেচৰকাৰী সম্পৰ্ক বজাই ৰাখিছে।

বেইজিঙে টাইৱানক বিচ্ছিন্ন অঞ্চল হিচাপে দাবী কৰি কৈছে যে প্ৰয়োজন হ’লে ইয়াক মূল ভূখণ্ডৰ সৈতে বলপূৰ্বকভাৱে একত্ৰিত কৰা হ’ব। ছাই ইং-ৱেন চৰকাৰে বেইজিঙৰ এই দাবী নাকচ কৰি কয় যে টাইৱানৰ জনসাধাৰণেই তেওঁলোকৰ ভৱিষ্যতৰ সিদ্ধান্ত ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd