• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাখী বন্ধনৰ উপহাৰ জীৱন! ভগ্নীক কিডনি দানেৰে জীৱন ৰক্ষা ভাতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 1:28 pm
Raksha Bandhan gift
4.6k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ আগষ্টত সমগ্ৰ দেশে উদযাপন কৰিছে ৰাখী বন্ধন উৎসৱ। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ পৰম স্নেহ আৰু সন্মানৰ বান্ধোনক এই উৎসৱৰ মাজেৰে উদযাপন কৰা হ’ল দেশত। ৰাখী বন্ধনৰ এই শুভ ক্ষণত নিজ ভগ্নীক এক অমূল্য উপহাৰ দি চৰ্চালৈ আহিছে এগৰাকী যুৱক।

এই যুৱকগৰাকীয়ে ভগ্নীক উপহাৰ দিছে জীৱন। বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ বাবে ডায়েলাইছিছ কৰি থকা ভগ্নীৰ বেদনা সহ্য কৰিব নোৱাৰি যুৱকগৰাকীয়ে নিজৰ বৃক্ক দান কৰি জীৱন ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাতৃস্নেহৰ নিদৰ্শন দাঙি ধৰা এই যুৱকগৰাকী হায়দৰাবাদৰ বাসিন্দা। এক সাক্ষাৎকাৰত দুষ্যন্ত ভাৰ্কৰ নামৰ যুৱকগৰাকী আৰু তেওঁৰ ভগ্নী শীতল ভাণ্ডাৰীয়ে এই বিষয়ে ব্যক্ত কৰিছে। এয়া জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত হৈ থাকিব বুলি দুয়ো মন্তব্য কৰে।

এই সন্দৰ্ভত শীতল ভাণ্ডাৰীয়ে কয়, “ডায়েলাইছিছৰ পিছত আগতে মই দুৰ্বলতা, অনিদ্ৰা আদি বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিলো। দুৰ্বলতাৰ বাবে মই কাম কৰিব পৰা নাছিলো। ভাইটিয়ে ইয়াৰ পিছতে এটা সাহসী সিদ্ধান্ত লৈছিল যে তেওঁ নিজৰ বৃক্ক দান কৰিব বিচাৰে।”

তেওঁ লগতে উল্লেখ কৰা মতে ভাতৃৰ এই সিদ্ধান্তৰ পিছতে যোৱা জুন মাহত সফলতাৰে কিডনি সংৰোপন কৰা হয়। শীতলে লগতে প্ৰতিগৰাকী ভগ্নীৰ যিকোনো পৰিস্থিতিত সহায় কৰিব পৰা এনে এজন ভাতৃ থাকিব লাগে বুলিও মন্তব্য কৰে।

ইফালে এই সন্দৰ্ভত দুষ্যন্তই কয়, “মোৰ ভগ্নী ২০১৭ চনৰ পৰাই কিডনীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ডাঃ এ ভি ৰাও আৰু সুজিত ৰেড্ডীৰ দলটোৱে আমাক বহুত সহায় কৰিলে। তেওঁলোকে মোৰ বৃক্ক মোৰ ভগ্নীৰ দেহত সফলতাৰে সংৰোপন কৰিছে।”

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd