• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া কাব্য সাহিত্য চহকী কৰি কলকাতাত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 11:11 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক, কবি ৰবীন্দ্ৰ সৰকাৰৰ শুকুৰবাৰে নিশা প্ৰায় ২-৩০ বজাত কলকাতাত প্ৰয়ান ঘটে। অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি সৰকাৰৰ অসমৰ প্ৰতি আছিল অগাধ ভালপোৱা। ২০১৩ চনত ‘ধূলিয়ৰি ভৰিৰ সাঁচ’ নামৰ কবিতা সংকলনখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছিল।

১৯৪১ চনৰ ৭ আগষ্ট‍ত গুৱাহাটী‍ত ৰবীন্দ্ৰ সৰকাৰ‍ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ‍ অপূৰ্ব সৰকাৰ গুৱাহাটীস্থিত উজানবজাৰ ঘাটৰ জাহাজ কোম্পানীৰ চাকৰিয়াল আছিল। মাতৃ‍ৰ সুনীতি সৰকাৰ আছিল এগৰাকী সংগীত শিল্পী।

গুৱাহাটীতে শিক্ষা জীৱনৰ পাতনি মেলি ৰবীন্দ্ৰ সৰকাৰে বঙালী উচ্চ বিদ্যালয়ৰ পৰা ১৯৫৮ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। ইয়াৰ পাছত ১৯৬০ চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট আৰু ১৯৬৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ দমদম মতিজিল কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

Apply Now

ৰবীন্দ্ৰ সৰকাৰে প্ৰথমে অসম ৰে’লৱে স্কুল (বৰ্তমানৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু কাহিলীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষ‍কতাৰে কৰ্মজীৱন আৰম্ভ কৰে। পাচলৈ তেওঁ নেচনেল গ্ৰীণ্ডলেজ বেংক, ইউনাইটেড কমাৰ্চিয়েল বেংক আৰু জেনেৰেন ইঞ্চুৰেঞ্চ কোম্পেনীত চাকৰি কৰি অৱশেষত ১৯৬৭ চনত ভাৰতীয় জীৱন বীমা নিগমত যোগদান কৰে। ইয়াৰ পৰাই তেওঁ ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।

১৯৯৭ চনত তেওঁ চাকৰিসূত্ৰে কলকাতলৈ যায় আৰু তেতিয়াৰ পৰা তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

অসমীয়াৰ লগতে বাংলা সাহিত্যৰো এগৰাকী বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰ আছিল সাম্যবাদী আদৰ্শত বিশ্বাসী। সত্তৰৰ দশকত তেওঁ ভাৰতীয় গণ‍নাট্য সংঘত যোগদান কৰি পিছলৈ অসম শাখাৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল।

ষাঠিৰ দশকৰ শেষৰ ফালে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ‘নৱযুগ’ আলোচনীত এটি কবিতাৰে ৰবীন্দ্ৰ সৰকাৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। ১৯৭১-৭৫ চনলৈকে তেখেতে ‘অসমীয়া কবিতা’ নামৰ কবিতাৰ এখন মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়ীত্বও পালন কৰিছিল। অৱনী চক্ৰৱৰ্তী প্ৰকাশক হিচাপে জড়িত থকা আলোচনীখন অসমীয়া ভাষাৰ প্ৰথমখন কাব্য আলোচনী আছিল।

ৰবীন্দ্ৰ সৰকাৰৰ প্ৰকাশিত কাব্যপুথি কেইখন হৈছে- বৃত্ত ভঙা সময়, সত্তৰ‍ৰ পদাতিক, কালান্তৰ‍ৰ কবিতা, শান্তি কল্যাণ কবিতা, তুমি মোক স্পৰ্শ কৰা, নিজানত ৰাতিৰ শব্দ, পৰমা প্ৰকৃতি, মৌনতাৰ শব্দ, ধূলিয়ৰি ভৰিৰ সাঁচ, অৰূপ কথাৰ জঁকা আৰু ৰবীন্দ্ৰ সৰকাৰ‍ৰ কবিতা।

প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে গণ কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd