• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Asia Cup 2023: বৰষুণে পানী কৰিলে ভাৰত-পাক মেচ; পাকিস্তানৰ তীক্ষ্ণ পেচ আক্ৰমণৰ সন্মুখত জিলিকিল হাৰ্দিক-ইশান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 8:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশংকাই সঁচা হৈ পৰিল। বৰষুণে উটুৱাই নিলে ভাৰত-পাকিস্তানৰ খেলখন। নিশা ৯.৫৩ বজাত এই খেলখন পৰিত্যক্ত ঘোষণা কৰা হয়। পাকিস্তানে বেটিং কৰিব নোৱাৰিলে। গতিকে অৱশেষত মেচখন বাতিল কৰা হ’ল।পাকিস্তানে দুখন মেচত ৩ পইণ্ট লাভ কৰি ছুপাৰ ফ’ৰত প্ৰৱেশ কৰে। কাট অফ সময় আছিল নিশা ১০.২৭ বজালৈ। যদি খেল আৰম্ভ হ’লহেঁতেন তেন্তে মেচখনৰ অভাৰ হ্ৰাস পালেহেঁতেন। কিন্তু বৰষুণ বন্ধ হোৱাৰ পিছত খেলপথাৰখন শুকুৱাই খেলিব পৰা কৰি তুলিবলৈ ৪৫ মিনিট সময় দৰকাৰ আছিল।

নিশা ৯.৫০ বজালৈকে বৰষুণ বন্ধ কৰাৰ কোনো লক্ষণ নথকাৰ বাবে অৱশেষত আম্পায়াৰসকলে মেচখন পৰিত্যক্ত ঘোষণা কৰে। পাকিস্তানী ক্ৰিকেটাৰসকলে ড্ৰেছিং ৰুমত ৰোহিত আৰু বিৰাটৰ সৈতে হাত মিলাই থকা দেখা গৈছিল। পাল্লেকেলেত ৯০ শতাংশ বৰষুণৰ আগজাননী দিয়া হৈছে। তাৰ পিছতো ক্ৰিকেট প্ৰেমীসকলে গোটেই মেচখনৰ বাবে আশা কৰিছিল।

Apply Now

ভাৰতীয় ইনিংছৰ সময়ত দুই-তিনিবাৰ বৰষুণৰ বাবে খেল বন্ধ কৰা হৈছিল যদিও সেয়া স্বল্পকালীন আছিল। কিন্তু প্ৰথম ইনিংছৰ বিৰতিৰ লগে লগে পুনৰ বৰষুণ আৰম্ভ হয়। পাকিস্তানে ফিল্ডত নামিবই নোৱাৰিলে। এনে হাই ভল্টেজ মেচ বাতিল হোৱা দেখি ক্ৰিকেটাৰসকলো হতাশ হ’ব। ভাৰতৰ পৰৱৰ্তী খেল সোমবাৰে আছে নেপালৰ বিৰুদ্ধে।

ইপিনে, খেলৰ প্ৰথম ইনিংছত দুটা বিষাক্ত স্পেলেৰে ১০ অভাৰত ৩৫ ৰান দি ৪টা উইকেট দখল কৰে শ্বাহীন আফ্ৰিদিয়ে। তেওঁৰ আক্ৰমণৰ বলি হয় ৰোহিত শৰ্মা, বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাডেজা। ইয়াতেই মেচখন ঘূৰি যায়। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়। অৱশ্যে ৬৬ ৰানত ৪ উইকেট হেৰুৱাই ভাৰতৰ ইনিংছ আগতেই শেষ হ’ব পাৰিলেহেঁতেন৷ কিন্তু মিডল অভাৰত স্পিনাৰসকলৰ ব্যৰ্থতা আৰু নিম্নমানৰ ফিল্ডিঙে ভাৰতক মেচখনত পুনৰ আগবঢ়াত সহায় কৰে।

দুৰ্দান্ত প্ৰদৰ্শন কৰে ঈশান কিষান আৰু হাৰ্দিক পাণ্ডিয়াই। বিশ্বকাপত ভাৰতে বিচাৰি আছিল চাৰি আৰু পাঁচ নম্বৰ বেটছমেন। এছিয়া কাপৰ প্ৰথমখন খেলৰ পিছত সেই সমস্যা যেন কিছু পৰিমাণে সমাধান হ’ল। কঠিন সময়ত পাঁচ নম্বৰলৈ নামি চকু কপালত তুলিলে ঈশান কিষানে। যি ধৰণে খেলি আছিল, যদি তেওঁ আঘাত নাপালেহেঁতেন তেন্তে শতৰাণ অসম্ভৱ নহ’লহেঁতেন। কিন্তু ৮১টা বলত ৮২ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁৰ ইনিংছত আছিল ২টা ছয়, ৯টা চাৰি।

হাৰ্দিক পাণ্ডিয়াৰ সৈতে পাৰ্টনাৰশ্বিপেৰে পঞ্চম উইকেটৰ যুটীত ঈশানে ১৩৮ ৰান যোগ দিয়ে। এছিয়া কাপত পঞ্চম উইকেটত এয়া ভাৰতৰ সৰ্বোচ্চ ৰান। এই দুয়োজনৰ বেটিঙেৰে ভাৰতে মেচলৈ উভতি আহিছিল। হাৰ্দিককো প্ৰশংসা কৰিব লাগিব। সাধাৰণতে বিগ শ্বট খেলিবলৈ পছন্দ কৰে, কিন্তু দলৰ প্ৰয়োজন হ’লে দায়িত্বশীলভাৱে বেটিং কৰে। এটা ছয় আৰু ৭ টা চাৰিৰ সহায়ত ৯০ বলত ৮৭ ৰান সংগ্ৰহ কৰে হাৰ্ডিকে।

ভাৰতে এই দুজনৰ বাবেই সন্মানজনক স্থিতিত উপনীত হয়। শ্বাহীন আফ্ৰিদিৰ পেচত ভাৰতে আৰম্ভণিতে বেটিং দুৰ্যোগৰ সন্মুখীন হৈছিল। পাক পেচাৰগৰাকীয়ে প্ৰথমতেই ৰোহিত শৰ্মা (১১), বিৰাট কোহলী (৪)ক ঘূৰাই পঠিয়ায়। শুভমন গিল (১০) আৰু শ্ৰেয়াছ আয়াৰেও (১৪) ৰান নাপালে। ঈশান আৰু হাৰ্দিকে শীৰ্ষ অৰ্ডাৰৰ বিফলতা চম্ভালিলে। এই দুজনৰ বাহিৰে কোনো বেটছমেনে ৰান নাপালে।

শেষত বুমৰাহে গুৰুত্বপূৰ্ণ ১৬ ৰান সংযোজন কৰে। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। শ্বাহীনে চাৰিটা উইকেট দখল কৰে। হেৰিছ ৰাউফ আৰু নাছিম শ্বাহে ৩টাকৈ উইকেট দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd