অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চি আই ডি) বজালী জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰিছে।
বজালী জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক সোমবাৰে (০৪ ছেপ্টেম্বৰ) এক উৎকোচ গ্ৰহণ সম্পৰ্কীয় দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়।
ইয়াৰ পূৰ্বে বুঢ়াগোহাঁইক চমন জাৰি কৰিছিল অসম আৰক্ষীৰ চি আই ডিয়ে।
লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই
গুৱাহাটীস্থিত বিভাগটোৰ মুখ্য কাৰ্যালয়ত চি আই ডিৰ বিষয়াই তেওঁক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে বজালীৰ পূৰ্বৰ আৰক্ষী অধীক্ষকগৰাকীৰ ইয়াৰ পূৰ্বে বদলি হৈছিল আৰু তেওঁৰ সেৱা গুৱাহাটীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন কৰা হৈছিল।
বজালীৰ ডি এছ পি পুস্কল গগৈ, সহকাৰী আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিং শৰ্মাকো এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক: চন্দ্ৰৰ মাটি এৰি শূন্যলৈ উৰিল বিক্ৰম, তাৰ পিছত দ্বিতীয়টো সফল অৱতৰণ চন্দ্ৰযান-৩ লেণ্ডাৰৰ
ইয়াৰ পূৰ্বে ১ ছেপ্টেম্বৰত অসম আৰক্ষীৰ চি আই ডিয়ে বজালী আৰক্ষীৰ ৫জন বিষয়া আৰু দুজন চালককে ধৰি ৭জন লোকক উৎকোচৰ অভিযোগত আটক কৰিছিল।