• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেহেকক কেনেকৈ হত্যা কৰিছিল আজিজে? চিচি টিভি কেমেৰাত উদ্ধাৰ চাঞ্চল্যকৰ ফুটেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 9:43 pm
127.2k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ডিব্ৰুগড়ত নিজৰ প্ৰেমিকাক হত্যা কৰি ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ থকা আজিজ আহমেদ ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে।

জেৰাত এটা এটাকৈ কেইবাটাও বিস্ফোৰক কথা কৈছে আজিজে। পাৰ্টীলৈ নি প্ৰেমিকা মেহেক শৰ্মাক হত্যা কৰিছিল নেকি আজিজ আহমেদে?

শনিবাৰে বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা মেহেক শৰ্মাক মাতি নিছিল আজিজ আহমেদে। মেহেকক লাহোৱাল বাইপাছত থকা মেল’ ব্ৰিজ ধাবালৈ লৈ গৈছিল আজিজ আহমেদে। এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে পৰীক্ষা কৰিছিল ধাবাখনৰ চিচি টিভিৰ ফুটেজ।

৯ ছেপ্তেম্বৰৰ বিয়লি ৩ বাজি ১০ মিনিটত আজিজৰ ইনোভাৰ পৰা নামি মেহেক শৰ্মা ধাবাত সোমোৱাৰ দৃশ্য বন্দী হৈছে চিচি টিভিত। কিছু সময় ধাবাত কটোৱাৰ পিছত ইনোভা গাড়ীখনত উঠি আজিজ আহমেদৰ সৈতে ধাবাৰ পৰা ওলাই গৈছিল মেহেক শৰ্মা। তাৰ পাছত ক্ৰমে সন্ধিয়া ৭ বজাত আৰু নিশা ৯ বজাত মেহেকলৈ দুবাৰ ফোন কৰিছিল মাতৃয়ে।

৭ বজাত মাকৰ সৈতে ভালদৰেই কথা পতা মেহেক শৰ্মাই ৯ বজাত মাকে ফোন কৰোতে কান্দি কান্দি পাতিছিল কথা। তেতিয়াই মেহেক বিপদত পৰা বুলি অনুমান কৰিব পাৰিছিল মাতৃয়ে। 

চিচিটিভি কেমেৰাৰ ফুটেজ অনুসৰি নিশা ১১ বজাত পুনৰ একেখন গাড়ীৰে আজিজৰ সৈতে মেল’ ব্ৰিজ ধাবা উপস্থিত হৈছিল মেহেক। শনিবাৰে নিশা ১১ বজাৰ পৰা দেওবাৰে পুৱতি নিশা ২ বাজি ৪৫ মিনিটলৈকে ধাবাখনতে উপস্থিত আছিল মেহেক আৰু আজিজ। ইমানখিনিলৈকে আৰক্ষীৰ আগত সৈ কাঢ়িলেও মেহেকক হত্যা কৰাৰ কথা এতিয়াও স্বীকাৰ কৰা নাই আজিজ আহমেদে। 

উল্লেখ্য যে, ধাবাখনৰ পৰা ওলাই অহাৰ ১ ঘণ্টা ২৫ মিনিট পিছত ডিব্ৰুগড়ৰ বকুল বাইপাছত উদ্ধাৰ হৈছিল মেহেকৰ ক্ষতবিক্ষত মৃতদেহ। 

ইফালে ২ টা সন্তানৰ পিতৃ আজিজে বলপূৰ্বকভাৱে মেহেক শৰ্মাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ চাঞ্চল্যকৰ কথাও পোহৰলৈ আহিছে।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ সন্দেহ মতে, ধাবাৰ পৰা আহি থকাৰ সময়তে মেহেকক গাড়ীৰ পৰা চলন্ত গতিয়াই দি গাড়ীৰে চেপি হত্যা কৰা হৈছিল। মেহেকৰ মূৰ আৰু ভৰিৰ আঘাতলৈ লক্ষ্য কৰি পৰিয়ালৰ লোকেও এই সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষী সূত্ৰৰ মতে, আদালতে ৭ দিনৰ আৰক্ষী জিম্মাত দিছে আজিজ আহমেদক। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত কি কথা প্ৰকাশ পাই সেয়া হ’ব লক্ষনীয়।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd