• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৮ মাহে নাই দৰমহা: পথৰ কাষত ইডলি বিক্ৰী কৰি সংসাৰ চলাইছে চন্দ্ৰযান-৩ৰ সৈতে জড়িত কাৰিকৰী কৰ্মীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 4:10 pm
Chandrayaan-3
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰযান-৩ৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছিল দেশবাসী। ভাৰতীয় প্ৰযুক্তিবিদ্যা ইতিহাসৰ গৌৰৱোজ্জ্বল ক্ষণ হিচাপে বৈবেচিত হৈছিল ইছৰোৰ এই সাফল্য। পিছে ইছৰোৰ চন্দ্ৰযান-৩ৰ এই সফলতাক উদযাপন কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক সত্য।

চন্দ্ৰযান-৩ৰ অভূতপূৰ্ব সাফল্য আৰু চৰ্চাৰ মাজতে প্ৰকাশ পোৱা তথ্য অনুসৰি চন্দ্ৰযান-৩ৰ লঞ্চপেড নিৰ্মাণৰ কাম কৰা এইচ ই চি (হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেড)ৰ এগৰাকী কাৰিকৰী কৰ্মীয়ে এতিয়া সংসাৰ চলাবলৈ বিক্ৰী কৰিছে ইডলি।

নাম তেওঁৰ দীপক কুমাৰ উপৰিয়া। দীপক কুমাৰে এতিয়া ৰাঁচীৰ পথৰ কাষৰ ষ্টলত ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বিবিচিৰ প্ৰকাশিত খবৰ মতে, ৰাঁচীৰ ধুৰৱা অঞ্চলত পুৰণি বিধানসভাৰ সমুখৰ বিপৰীত দিশত উপৰিয়াৰ এখন দোকান আছে।

প্ৰকাশিত খবৰ অনুসৰি, চন্দ্ৰযান-৩ৰ বাবে ফল্ডিং প্লেটফৰ্ম আৰু স্লাইডিং দ্বাৰ নিৰ্মাণ কৰা ভাৰত চৰকাৰৰ কোম্পানী হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেডৰ পৰা ১৮ মাহে দৰমহা লাভ কৰা নাই দীপকে।

এনে পৰিস্থিতিত পথৰ কাষত এনেদৰে এখন দোকান খুলিবলগীয়া হৈছে। চন্দ্ৰযান-৩ গত আগষ্ট মাহত চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠত অৱতৰণ কৰিছিল। ইয়াৰ লগে লগে ভাৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল।

সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে চন্দ্ৰযান অভিযানৰ লঞ্চপেড কৰ্মীসকলকো সম্বোধন কৰিছিল। কিন্তু ইয়াৰ আঁৰত লুকাই থাকিল ৰাঁচীৰ এইচ ই চিৰ কৰ্মচাৰীসকলে ১৮ মাহৰ বকেয়া দৰমহাৰ বিষয়।

বিবিচিৰ তথ্য অনুসৰি, এইচ ই চিৰ প্ৰায় ২৮০০ কৰ্মচাৰীয়ে বিগত ১৮ মাহৰ পৰা দৰমহা লাভ কৰা নাই বুলি দাবী কৰিছে। এই কৰ্মীসকলৰ ভিতৰৰে এগৰাকী দীপক কুমাৰ উপৰিয়া।

এক সাক্ষাৎকাৰত উপৰিয়াই কয় যে তেওঁ যোৱা কেইদিনমানৰ পৰা ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। তেওঁ এই সময়ছোৱাত একেলগে পৰিচালনা কৰি আহিছে দোকান আৰু কাৰ্যালয়ৰ কাম।

১৮ মাহে প্ৰাপ্য দৰমহা লাভ নকৰাৰ পিছতো তেওঁ ৰাতিপুৱা দোকানয ইডলি বিক্ৰী কৰি দুপৰীয়া কাৰ্যালয়লৈ যায়। সন্ধিয়া ঘৰলৈ উভতাৰ পূৰ্বে পুনৰ ইডলি বিক্ৰী কৰে উপৰিয়াই।

নিজৰ এই অভাৱনীয় পৰিস্থিতিৰ বিষয়ে বাখ্যা কৰি উপৰিয়াই উল্লেখ কৰা মতে, প্ৰথমে তেওঁ ক্ৰেডিট কাৰ্ডৰ সহায়ত পৰিয়াল পোহপাল কৰিছিলো। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তেওঁ ২ লাখ টকাৰ ঋণ পাইছিল।

কিন্তু পিছত তেওঁৰ এই সুবিধা কৰ্তন হয় আৰু এনে অৱস্থাত তেওঁ আত্মীয়ৰ পৰা ধন লৈ পৰিয়াল চলাবলৈ আৰম্ভ কৰে। কিন্তু লাহে লাহে তেওঁৰ ঋণৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। তাৰ বিপৰীতে তেওঁ পৰিশোধ কৰাত ব্যৰ্থ হয় ঋণৰ কিস্তি।

“এতিয়ালৈকে মই চাৰি লাখ টকাৰ ঋণ লৈছো। যিহেতু মই কোনো লোককে টকা ঘূৰাই দিব পৰা নাই, গতিকে এতিয়া মানুহে ঋণ দিয়া বন্ধ কৰি দিছে। তাৰ পিছত মই মোৰ পত্নীৰ গহনা বন্ধকত ৰাখি কিছুদিন পৰিয়াল চলাইছিলো।”— উপৰিয়াই কয়।

পৰিস্থিতি অধিক চিন্তনীয় হৈ পৰাৰ পিছত তেওঁ ইডলি বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। “মোৰ পত্নীয়ে ভাল ইডলি বনায়। মই প্ৰতিদিনে বিক্ৰী কৰি ৩০০ৰ পৰা ৪০০ টকা পাওঁ। ইয়াৰে মই ৫০-১০০ টকা লাভ কৰো। মই এই টকাৰে ঘৰ চলাই আছো।”— উপৰিয়াই লগতে কয়।

 

Meet Deepak Kumar Uprariya who sells Tea & Idli in Ranchi. He is a Technician, who worked for building ISRO’s Chandrayaan-3 launchpad. For the last 18 months, he has not received any salary.

“When I thought I would die of hunger, I opened an Idli shop” (BBC Reports) pic.twitter.com/cHqytJvtfj

— Cow Momma (@Cow__Momma) September 17, 2023

উল্লেখ্য যে, উপৰিয়া মধ্যপ্ৰদেশৰ হৰ্দা জিলাৰ বাসিন্দা। ২০১২ চনত তেওঁ ব্যক্তিগত কোম্পানীৰ চাকৰি এৰি ৮ হাজাৰ টকা দৰমহাত এইচ ই চিত যোগদান কৰিছিল। চৰকাৰী কোম্পানী হোৱাৰ বাবে তেওঁৰ ভৱিষ্যত উজ্জ্বল হ’ব বুলি আশা কৰিছিল যদিও মূৰকত হিতে বিপৰীত হ’ল।

উপৰিয়াৰ সংসাৰত আছে দুই কন্যা সন্তান। আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ দিব পৰা নাই দুই কন্যাৰ বিদ্যালয়ৰ মাচুল। পৰিণতিত বিদ্যালয়ৰ পৰা তেওঁলৈ দৈনিক জাননী প্ৰেৰণ কৰা হৈছে।

আনকি কন্যাৰ শ্ৰেণীকোঠাতো শিক্ষকসকলে এইচ ই চিত কাম কৰা অভিভাৱকৰ সন্তান কোন বুলি প্ৰশ্ন কৰি থিয় হ’বলৈ কয়। এয়া খোদ উপৰিয়াই স্বীকাৰ কৰিছে সাক্ষাৎকাৰটোত।

উপৰিয়াই লগতে কয়, “ইয়াৰ পিছত মোৰ দুয়ো সন্তান অপমানিত হয়। মোৰ ছোৱালীকেইজনী কান্দি কান্দি ঘৰলৈ আহে। তেওঁলোকক কান্দি থকা দেখি মোৰ হৃদয় ভাঙি যায়। কিন্তু মই তেওঁলোকৰ সন্মুখত কান্দিব নোৱাৰো।”

প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই পৰিস্থিতি এতিয়া কেৱল দীপক উপৰিয়াৰে নহয়। তেওঁৰ দৰে এইচ ই চিৰ লগত জড়িত আন একাংশ লোকেও একেধৰণৰ কাম কৰি জীৱিকা উপাৰ্জন কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd