ভোটাৰ তালিকাৰ এছ আই আৰ প্ৰত্যাহাৰ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শনিবাৰে হায়দৰাবাদত নাগৰিক সমাজৰ গোট আৰু বাওঁপন্থী সংগঠনৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। হুছেইন সাগৰ হ্ৰদৰ পাৰৰ টেংক বুণ্ডত এই প্ৰতিবাদ সাৱ্যস্ত কৰা হয়।
ভাৰতীয় ত্ৰিৰংগ কঢ়িয়াই লৈ প্ৰতিবাদকাৰীয়ে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছ আই আৰ), মুখ্য নিৰ্বাচন জ্ঞানেশ আয়ুক্ত কুমাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শ্লোগান দিয়ে।
অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ, অধ্যাপক হৰগোপাল, এম এল চি কোডান্দৰাম, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া অকুনুৰী মুৰালীৰ দৰে বিশিষ্ট ব্যক্তি আৰু কৰ্মী।
কেইবাটাও নাগৰিক সমাজ আৰু ছাত্ৰ সংগঠনৰ সন্মিলিত জোঁট পিপল এগেইনষ্ট এছ আই আৰৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
আয়োজকসকলে এক বিবৃতিত কয় যে এছ এফ আই, নেশ্যনেল এলায়েন্স অৱ পিপলছ মুভমেণ্টছ (এন এ পি এম), পি ডি এছ ইউ, আৰু কেইবাটাও নাগৰিক সমাজ আৰু ছাত্ৰ সংগঠনে যৌথভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে।
অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে কয় যে চৰকাৰে যন্তৰ মন্তৰক প্ৰতিবাদস্থলী হিচাপে প্ৰত্যাহাৰ (ডিন’টিফাইড) কৰিছে, কিন্তু দেশত য’তেই এছ আই আৰৰ বিৰুদ্ধে আপত্তি উত্থাপন হয়, সেয়াই যন্তৰ মন্তৰ হৈ পৰে।
তেওঁ সাংবাদিকৰ আগত কয়, “আপোনালোকে এই দেশৰ প্ৰতিখন চহৰক ডিন’টিফাই কৰিবলৈ চেষ্টা কৰিছে নেকি? দেশৰ প্ৰতিজন ব্যক্তিক ডিন’টিফাই কৰিবলৈ চেষ্টা কৰিছে নেকি?”
উল্লেখ্য যে প্ৰভাকৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী।
তেওঁ এছ আই আৰ বিলুপ্তি, “যোগ্য ভোটাৰক বাহাল ৰখা”, নিৰ্বাচন আয়োগক ভংগ কৰি নিৰ্বাচন আয়ুক্তৰ বাছনি সমিতিত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা, আৰু ভাৰতৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।
এন এ পি এমৰ কিৰণ ভিছাই অভিযোগ কৰে যে আয়োজকসকলে প্ৰতিবাদ কৰি টেংক বুণ্ডৰ ওপৰেৰে মানৱ শৃংখল গঠন কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে ইয়াক বাধা দিছিল।
তেওঁ নিৰ্বাচন আয়োগে বিজেপিৰ সম্প্ৰসাৰিত ৰূপ হিচাপে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয় যে এন ডি এ চৰকাৰে ২০২৩ চনত নিৰ্বাচন আয়োগ আইনত সংশোধনী আনে য’ত প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক যৌথভাৱে নিৰ্বাচন আয়ুক্তক “নিযুক্তি” দিব পৰা ক্ষমতা দিয়ে। ইয়াৰ পূৰ্বে ভাৰতৰ মুখ্য ন্যায়াধীশও ইয়াত অন্তৰ্ভুক্ত আছিল।
Economist Parakala Prabhakar joins a human chain protest against the Special Intensive Revision (SIR) of electoral rolls at Tank Bund in Hyderabad.
Video: @siddthakur2 https://t.co/mbj1Mw072P
— The Hindu (@the_hindu) October 24, 2026
ভিছাই কয় যে তেওঁলোকৰ মূল দাবীসমূহৰ ভিতৰত আছে বৰ্তমানৰ এছ আই আৰ প্ৰত্যাহাৰ কৰা আৰু ২০০২ চনৰ মেনুৱেল অনুসৰি প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰা, চি ই চি জ্ঞানেশ কুমাৰৰ পদত্যাগ, আৰু মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন, ২০২৩ বাতিল কৰা।





