• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2023 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন খেল বাকী থকা অৱস্থাতে শংখলা জয়। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত ভাৰতে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। মোহালীত প্ৰথমখন এদিনীয়া খেলত জয়লাভ কৰাৰ পিছত দেওবাৰে ইন্দোৰত অষ্ট্ৰেলিয়াক বৃহৎ ব্যৱধানত পৰাস্ত কৰে টীম ইণ্ডিয়াই।

এছিয়া কাপ জয় কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা জয়ে বিশ্বকাপৰ আগতে ভাৰতীয় দলৰ মনোবল দুগুণ বৃদ্ধি কৰিব।

দেওবাৰে প্ৰথম বেটিং কৰি ভাৰতে ৫ উইকেটত ৩৯৯ ৰান সংগ্ৰহ কৰে। বিজয়ৰ বাবে চাৰিশ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই আৰম্ভণিতে দুটা উইকেট হেৰুৱাইছিল। তাৰ পাছত বৰষুণৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ হৈ থকাৰ বাবে ডাকৱৰ্থ-লুইছৰ নিয়মৰ অধীনত অষ্ট্ৰেলিয়াক ৩৩ অভাৰত ৩১৭ ৰানৰ নতুন টাৰ্গেট দিয়া হয়। কিন্তু ২৮.২ অভাৰতে অন্ত পৰিল অষ্ট্ৰেলিয়াৰ ইনিংছ।

Apply Now

মেচখনত ভাৰতে ৯৯ ৰানত জয়লাভ কৰে। স্বাভাৱিকতে অষ্ট্ৰেলিয়াই দ্ৰুত ৰান সংগ্ৰহ কৰিবলৈ গৈ একেৰাহে উইকেট হেৰুৱাইছিল। ডেভিদ ৱাৰ্নাৰে একমাত্ৰ ৰান লাভ কৰিছিল। দলৰ অ’পেনাৰগৰাকীয়ে ১টা ছয় আৰু ৭টা চাৰিৰ সহায়ত ৩৯টা বলত ৫৩ ৰান সংগ্ৰহ কৰে।

প্ৰসিদ্ধ কৃষ্ণৰ প্ৰথমটো বলত শূন্য ৰানত উভতি যায় ষ্টিভ স্মিথ। মাৰ্নাছ লাবুচেনে ২৭ ৰান সংগ্ৰহ কৰে। কিন্তু শ্বেন এবটে সকলোকে অতিক্ৰম কৰিলে। দলটোৰ ৮টা উইকেট যোৱাৰ পাছত এটা দুৰ্দান্ত ইনিংছ খেলে। ২৯টা বলত তেওঁ পঞ্চাশ ৰাণ সম্পূৰ্ণ কৰে। ৫টা ছয় আৰু ৪টা চাৰিৰ সহায়ত ৩৬টা বলত ৫৪ ৰান সংগ্ৰহ কৰি আউট হয় এবটে। অষ্ট্ৰেলিয়াৰ পেচাৰগৰাকীৰ ৰান বাদ দিলে স্মিথৰ দলটোৱে লাজতেই পৰিলেহেঁতেন। ৰাষ্ট্ৰীয় দললৈ ঘূৰি অহাৰ পাছত ৰবিচন্দ্ৰন অশ্বিনে তিনিটা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজায়ো তিনিজনক আউট কৰে।

এইখন মেচত কামিন্সৰ সলনি দলক নেতৃত্ব দিয়া ষ্টিভ স্মিথে টছত জয়ী হৈ ভাৰতক বেটিং কৰিবলৈ পঠায়। সুযোগৰ ব্যৱহাৰ কৰি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বাংগালুৰুত ৩৮৩ ৰান কৰিছিল। দেওবাৰে টীম ইণ্ডিয়াই ৩৯৯ ৰান সংগ্ৰহ কৰে। তাৰ ভিতৰত আছিল দুটাকৈ শতৰাণ আৰু অৰ্দ্ধ শতৰাণ।

শতক অৰ্জন কৰে শ্ৰেয়াছ আয়াৰ (১০৫) আৰু শুভমন গীলে (১০৪)। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছত শ্ৰেয়াছে এক সুন্দৰ ইনিংছ খেলিলে। এদিনীয়া ক্ৰিকেটত তেওঁৰ এইটো তৃতীয়টো শতক। আনহাতে, এই বছৰটোত গীলৰ পঞ্চমটো শতক।

আনহাতে, কে এল ৰাহুল (৫২) আৰু সূৰ্য্যকুমাৰ যাদৱ (৭২)ৰ অৰ্দ্ধ শতৰাণ। শেষত সূৰ্যৰ বিধ্বংসী বেটিঙেৰে ভাৰতে প্ৰায় ৪০০ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ বাবে পৰ্বত সমান ৰান অতিক্ৰম কৰি জয়ী হোৱাটো ক্ষমতাৰ বাহিৰত আছিল। বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ শৃংখলাৰ অন্তিমখন তথা নিয়মৰক্ষাৰ মেচ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd