• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডুত ভাঙিল NDA! লোকসভা নিৰ্বাচনত বিজেপিৰ লগত নাথাকে মিত্ৰ AIADMK

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 26, 2023 7:55 am
তামিলনাডুত ভাঙিল NDA! লোকসভা নিৰ্বাচনত বিজেপিৰ লগত নাথাকে মিত্ৰ AIADMK
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইমাহমানৰ পৰাই এই সংঘাতৰ আৰম্ভণি হৈছিল। অৱশেষত সোমবাৰে তামিলনাডুৰ মূল বিৰোধী দল এআইডিএমকেই আনুষ্ঠানিকভাৱে বিজেপি নেতৃত্বাধীন এনডিএৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইডিএমকেৰ মুৰব্বী ই কে পালানিস্বামীৰ নেতৃত্বত দলৰ বৰ্ধিত কাৰ্য্যকৰী সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চেন্নাইত অনুষ্ঠিত সংবাদমেলত পালানিস্বামীৰ ঘনিষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী কে পি মুনুস্বামীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আমি আৰু অ-বিজেপি মিত্ৰশক্তিয়ে তামিলনাডুৰ ৩৯টা সমষ্টিত পৃথক মিত্ৰতাত যুঁজ দিম।

পালানিস্বামীৰ আন এজন ঘনিষ্ঠ নেতা ডি জয়কুমাৰে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নমলাইৰ আচৰণত এআইডিএমকে নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰা এআইডিএমকে বাহিৰ হ’ব পাৰে বুলিও তেওঁ ইংগিত দিছিল।

সোমবাৰে তেওঁৰ ইংগিত বাস্তৱ হ’ল। শেহতীয়াকৈ আন্নমলাইয়ে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা দ্ৰাবিড় ৰাজনীতিৰ পিতৃপুৰুষ আন্নদুৰাইক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। সেয়ে, প্ৰতিবাদত এই সিদ্ধান্ত ল’লে এআইডিএমকে।

উল্লেখ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তামিল অভিনেতা তথা প্ৰাক্তন বিৰোধী নেতা বিজয়কান্তৰ দল ডিএমডিকে-ই তামিলনাডুত এনডিএ এৰিছিল।

দ্ৰাবিড় ৰাজনীতিৰ আন এক প্ৰধান দল ডিএমকে বিগত দুটা দশক ধৰি কংগ্ৰেছৰ মিত্ৰ দল। ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। এই পৰিবেশত এআইডিএমকেৰ এই সিদ্ধান্তই লোকসভা নিৰ্বাচনৰ আগত বিজেপিক কিছু সমস্যাত পেলাইছে বুলি ধাৰণা কৰা হৈছে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকত যোৱা সপ্তাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দল জে ডি এছে এনডিএত যোগদান কৰে যদিও তাৰ পিছতে তামিলনাডুৰ পৰা বিজেপিলৈ আহিল বেয়া খবৰ।

ৰাজনৈতিক পৰ্যবেক্ষকৰ একাংশৰ মতে নতুন পৰিস্থিতিত ডিএমকে-এআইডিএমকেক বাদ দি বিজেপিয়ে অন্যান্য দ্ৰাবিড় দলৰ সৈতে মিত্ৰতা গঢ়ি তুলিব পাৰে। সেই ক্ষেত্ৰত বিজয়কান্তৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহিষ্কৃত এআইডিএমকে নেতা পানীৰচেলভাম নেতৃত্বাধীন গোট আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অম্বুমণি ৰমাদছৰ দল পিএমকেৰ নাম চৰ্চাত আহিছে। লগতে চৰ্চালৈ আহিছে প্ৰয়াত জয়াললিতাৰ একালৰ সংগী শশীকলাৰ ভতিজা এআইডিএমকেৰ প্ৰাক্তন মুৰব্বী টিটিভি দীনকৰণৰ দল এএমএমকে।

উল্লেখ্য যে জয়াললিতাৰ মৃত্যুৰ পিছৰে পৰা তামিলনাডুত এআইডিএমকে নেতৃত্বৰ মাজত সংঘাত চলি আহিছে। প্ৰথমে শশীকলাৰ সহযোগত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী পানীৰচেলভামক অপসাৰণ কৰি পালানীয়ে ক্ষমতা দখল কৰে। ইয়াৰ পিছত শশীকলা দুৰ্নীতিৰ গোচৰত জেললৈ গৈ ক্ষমতা হেৰুৱায়। পান্নীৰ আৰু পালানী ফৈদেও দল ভাঙি পেলায়।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সক্ৰিয়তাই দুয়োটা গোটক একত্ৰিত কৰিছে। উপ-মুখ্যমন্ত্ৰীৰ লগতে দলীয় সমন্বয়কৰ দায়িত্বও দিয়া হয় পান্নীৰচেলভামক। মুখ্যমন্ত্রী পালানি সমন্বয়ক হ’ল৷ কিন্তু বিধানসভা নিৰ্বাচনত এআইডিএমকে পৰাস্ত হোৱাৰ পিছত পুনৰ সংঘাত আৰম্ভ হয়। যাৰ বাবে শেষত পান্নীৰেচেলভামক বহিষ্কাৰ কৰিবলগীয়া হয়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd