অলপ চলপ নহয়, প্ৰায় ১০০ কেজি ভাং। ভেড়াৰ জাকটোৱে সেইবোৰ হজম পেলালে। গ্ৰীচৰ থেছালিত ঘটিছে এই কাণ্ড। স্বাভাৱিকতে ভাঙৰ প্ৰভাৱত এজাক ভেড়াই ছাগলীৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। ছাগলীতকৈও ওখকৈ জপিয়াই থকা দেখা গৈছে ভেড়াবোৰক।
গ্ৰীচত এইবাৰ ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। ফলত বহু স্থানত মানুহৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে। এই পৰিস্থিতিত পোহনীয়া পশুৰ অৱস্থা আৰু বেয়া। তেনেদৰেই সেই ভেড়াৰ জাকটোও অসহায় হৈ পৰিছিল। অনাহাৰে সিঁহত এজন মানুহৰ ব্যক্তিগত ভাং খেতিত উপস্থিত হ’ল। আৰু সেউজীয়া পাতবোৰ দেখি খাদ্য বুলি ভাবি সিহঁত খাই তহিলং কৰিলে।
লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?
এনে দৃশ্য দেখি মালিকে মূৰে কপালে হাত দিলে। তেওঁ কয়, “হাঁহিম নে কান্দিম বুজিব পৰা নাই। প্ৰথমতে গ্ৰীষ্ম প্ৰবাহৰ ফলত বহু শস্য নষ্ট হৈছিল। তাৰ পিছত আহিল বানপানী। প্ৰায় সকলো হেৰুৱাই পেলালোঁ। এইবাৰ আকৌ এই কাণ্ড! ভেড়াবোৰে সেউজগৃহত সোমাই সকলো খাই পেলালে।”
ফাৰ্মখনৰ মালিকে কয় যে ভেড়াৰ জাকটোৱে ছাগলীতকৈও ওখকৈ জপিয়াবলৈ লৈছিল।
লগতে পঢ়কঃ আঘাতৰ বাবে বাহিৰ হ’ল অক্ষৰ, বিশ্বকাপৰ চূড়ান্ত দলত সোমাল অশ্বিন
উল্লেখ্য যে ২০১৭ চনৰ পৰা গ্ৰীচত ঔষধি হিচাপে ভাং খেতি বৈধ কৰা হৈছে। কেৱল সেয়াই নহয়, বহু লোকে ভাং খেতি কৰি আৰ্থিকভাৱে উপকৃতও হৈছে।