মানুহ আজিকালি খুবেই ব্যস্ত। যাৰ বাবে মানুহৰ মানসিক চাপো বাঢ়িছে। সময়ৰ লগে লগে মানুহৰ প্ৰেমৰ ধৰণো সলনি হৈছে।
প্ৰেমক লৈ আজিকালি হুমুনিয়াহ কাঢ়িবলৈ বেছি সময় নালাগে। এই হৃদয় বিদাৰক বেদনাই আপোনাক কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও ধ্বংস কৰিব পাৰে।
বিচ্ছেদ বা সম্পৰ্কৰ দুখ-যন্ত্ৰণাই মানুহক ক্ৰমশঃ মানসিকভাবে দুৰ্বল কৰি তোলাৰ লগতে শাৰীৰিক ভাবেও দুৰ্বল কৰি তোলে। বিচ্ছেদে মানুহক এক গভীৰ দুখ দি যায়। কিন্তু এই দুখ যন্ত্ৰণাবোৰেই কঢ়িয়াই আনিব পাৰে বিপদ। বিচ্ছেদৰ আৱেগ বা যন্ত্ৰণাই একাধিক হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
হয়, এক আশ্চৰ্যজনক তথ্য দাঙি ধৰিছে বিশেষজ্ঞসকলে । অত্যধিক মানসিক চাপে অজানিতে হৃদযন্ত্ৰৰ ক্ষতি কৰে। কাৰণ মানসিক চাপ বাঢ়িলে শৰীৰত কেটেকোলামাইন নামৰ হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। ফলত আমাৰ শৰীৰত অক্সিজেনৰ চাহিদা বাঢ়ি যায়। আৰু এই অতিৰিক্ত অক্সিজেন যোগান ধৰাৰ সময়তে হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে।
কেৱল সেয়াই নহয়, অহৰহ মানসিক চাপ বাঢ়ি যায় আৰু কেতিয়াবা ৰক্তচাপও বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ আকৃতিও সলনি হ’ব পাৰে। কেৱল এয়াই নহয়, হৃদস্পন্দনৰ ছন্দতো অস্বাভাৱিকতাৰ সৃষ্টি কৰে।
যদি মানুহৰ তীব্ৰ মানসিক চাপত থাকে তেন্তে ক’ৰ’নাৰী ধমনীবোৰে হৃদযন্ত্ৰলৈ পৰ্যাপ্ত তেজ যোগান ধৰিব নোৱাৰে। ইয়াৰ ফলত বুকুৰ বিষ হয়, যাক মায়োকাৰ্ডিয়াল ইস্কেমিয়া বোলা হয়।
তদুপৰি হৃদস্পন্দন অস্বাভাৱিকভাৱে বাঢ়িলে মগজুত তেজ জমা হ’ব পাৰে। ইয়াৰ উপৰিও বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিনীয়া মানসিক চাপ বা আৱেগিক চাপত মানসিক চাপৰ হৰম’ন নিৰ্গত হয়, যিয়ে তেজৰ চেনি, কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি কৰিব পাৰে।
ইয়াৰ উপৰিও অত্যধিক মানসিক চাপে মানুহক সমাজৰ স্বাভাৱিক প্ৰবাহৰ পৰা আঁতৰাই দিয়ে। ফলত মানুহ ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰে, আপোনজনৰ লগত সামাজিক যোগাযোগ বন্ধ হৈ যায়। টোপনি কমি যায়। কেৱল সেয়াই নহয়, বহুতে আকৌ এই সমস্যাত ভুগি অত্যধিক ফাষ্ট ফুড খাবলৈ আৰম্ভ কৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ শৰীৰত পৰে।