• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আহমেদাবাদত কিৱি ধুমুহা! বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2023 9:34 pm
England vs New Zealand Cricket World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদত আজি ৰণডংকা বাজিল ক্ৰিকেট বিশ্বকাপৰ। ২২ গজৰ এই মহাৰণৰ প্ৰথমখন মেচতে আজি মুখামুখি হৈছিল ১৯ৰ দুই ফাইনেলিষ্ট ইংলেণ্ড আৰু নিউজিলেণ্ড। দুই হেভীৱেইট দলৰ মাজত এক ৰোমাঞ্চকৰ মেচৰ আশা কৰিছিল ক্ৰিকেটপ্ৰেমীয়ে।

কিন্তু ক্ৰিকেটপ্ৰেমীক চমক দি আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কিৱি বাহিনীয়ে এক অনবদ্য তথা দুৰন্ত প্ৰদৰ্শন দাঙি ধৰে, যাৰ পৰিণতিত প্ৰথম মেচতে চূড়ান্ত ৰূপে মুখথেকেচা খাবলৈ বাধ্য হয় ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড।

Apply Now

ইংৰাজ বাহিনীক বিধ্বস্ত কৰি বিশ্বকাপৰ উদ্বোধনী মেচত আজি ৯ উইকেটত চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে নিউজিলেণ্ডে। দলৰ অধিনায়ক কেন উইলিয়ামছন, তাৰকা বলাৰদ্বয় ইছ সোধি আৰু টিম চাউদীৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিতো কিৱি বাহিনীয়ে দাঙি ধৰে অসাধাৰণ প্ৰদৰ্শন।

এই জয়ৰ মূলতে আছিল দলৰ আক্ৰমণাত্মক অপেনিং বেটাৰ ডেভন কনৱে’ আৰু উদীয়মান অলৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰ। দুয়ো বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে অপৰাজিত শতকীয় ইনিংছেৰে নিউজিলেণ্ডক দিয়ে আকাংক্ষিত বিজয়।

অৱশ্যে তাৰ পূৰ্বে দলৰ বলিং আক্ৰমণে নিউজিলেণ্ডক প্ৰদান কৰিছিল এক শক্তিশালী স্থিতি। সাম্প্ৰতিক সময়ৰে অন্যতম শ্ৰেষ্ঠ আৰু আক্ৰমণাত্মক ইংলেণ্ডৰ বেটিং লাইন আপক কিৱি বলাৰে বান্ধি ৰাখে ২৮২ ৰাণত।

টছত জয়ী হৈ তদাৰকী কিৱি অধিনায়ক টম লাথামে ইংলেণ্ডক বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত দলটোৱে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৮২ ৰাণ। দলৰ হৈ জ’ ৰুটে সৰ্বাধিক ৭৭ ৰাণৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে অধিনায়ক বাটলাৰৰ বেটৰ পৰা আহে ৪৩ ৰাণ।

অপেনাৰ জনী বেয়াৰষ্ট’ই ৩৩, হেৰী ব্ৰুকে ২৫, লিভিংষ্ট’নে ২০ ৰাণকৈ মূল্যৱান বৰঙণি যোগায়। লক্ষণীয়ভাৱে দলৰ ১১ গৰাকী খেলুৱৈয়েই দহকৰ ঘৰত ৰাণ সংগ্ৰহ কৰি অন্য এক অভিলেখ অৰ্জন কৰে।

নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে তিনিটা, চেণ্টনাৰ আৰু ফিলিপছে দুটাকৈ আৰু ব’ল্ট-ৰচিন ৰবীন্দ্ৰই এটাকৈ উইকেট দখল কৰে। ইফালে ২৮৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে আৰম্ভণিতে উজুটি খায়।

ইনিংছৰ দ্বিতীয় অভাৰৰ প্ৰথমটো বলতে ব্যক্তিগত কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে বিদায় লয় অপেনাৰ উইল ইয়ঙে। অৱশ্যে ইয়াৰ পিছত আৰু দলৰ কোনো হানি হ’বলৈ নিদিলে আনগৰাকী অপেনাৰ ডেভন কনৱে’ আৰু ৰচিন ৰবীন্দ্ৰই।

দুয়ো ইংলেণ্ডৰ বলিং আক্ৰমণক হেলাৰঙে প্ৰতিহত কৰি, একপ্ৰকাৰে বিধ্বস্ত কৰি দলক ৩৬.২ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত কৰায়। কনৱে’ই ১২১ বলত ১৯ টা চাৰি আৰু ৩ টা ছয়েৰে ১৫২ ৰাণত অপৰাজিত থাকে।

আনহাতে আনগৰাকী শতক অৰ্জনকাৰী ৰবীন্দ্ৰই ৯৬ বলত ১১ টা চাৰি আৰু ৫ টা ছয়েৰে ১২৩ ৰাণত অপৰাজিত হৈ ৰয়। নিউজিলেণ্ডৰ ইনিংছত পতন ঘটা একমাত্ৰ উইকেটটো দখল কৰে চেম কুৰাণে। অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত ৰবীন্দ্ৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd