আৰম্ভণিৰে পৰা কাবাডী খেলত ভাৰতে আধিপত্য বিস্তাৰ কৰি আহিছে। বিশ্বকাপৰ পৰা এছিয়াডলৈ ভাৰত মানে কাবাডীত সোণ। এটা এছিয়াডত ব্যতিক্ৰম হোৱাৰ পিছত পুনৰ ভাৰতীয় কাবাডীৰ শিৰত উজলিল সোণৰ মুকুট।
একেৰাহে দুখন এছিয়াডত মহিলা কাবাডীত সোণৰ পদক জয় কৰাৰ পাছত জাকার্টাত অনুষ্ঠিত হোৱা অন্তিমখন এছিয়াডৰ ফাইনেলত ইৰাণৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় মহিলা দলটো।
এইবাৰভাৰতীয় মহিলা কাবাডী দলে ফাইনেলত চীনা টাইপেইক ২৬-২৫ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। এই মেচখন আছিল অতি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক। এটা সময়ত সকলোৱে মানসিক চাপত পৰি গৈছিল। শেষত ভাৰতীয় মহিলা দলে স্নায়ু যুঁজত উত্তীৰ্ণ হ’ল।
লগতে পঢ়কঃ কূটনীতিবিদসকলক ভাৰতৰ পৰা ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰিত কৰিলে কানাডাই
চীনা টাইপেইক পৰাস্ত কৰি ভাৰতে আজি সোণৰ পদক অৰ্জন কৰিলে। সমগ্ৰ বিশ্বই দেখিলে এক বৃহৎ যুঁজ। ভাৰতে ১০০ সংখ্যক পদকটো স্বৰ্ণ পদকেৰে পূৰ্ণ কৰিলে। ভাৰতীয় মহিলা কাবাডী খেলুৱৈৰ পৰাক্ৰমেৰে ভাৰতে লাভ কৰিলে আৰু এটা সোণৰ পদক ।
আজিৰ খেলখনত হাফ টাইমলৈকে ভাৰতীয় মহিলা দলে ১৪-৯ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছিল।
ভাৰতীয় মহিলা কাবাডী দলে ছেমি ফাইনেলত নেপালক ৬১-১৭ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদকৰ দৌৰত ফাইনেলত উঠিছিল।
লগতে পঢ়কঃ চাণক্য বাণীৰে চিনাক্ত কৰক জীৱনৰ শত্ৰু: গঢ় দিয়ক সফল জীৱন
মহিলা কাবাডীত যোৱা বছৰৰ স্বৰ্ণ বিজয়ী আৰু এইবাৰৰ হট ফেভাৰিট ইৰাণক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মুখামুখি হৈছিল চীন।