• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিডিঅ’ কলযোগে কথা পাতি আছিল স্বামীৰ লগত, কৈছিল ‘মই সম্পূৰ্ণ নিৰাপদ’ , তেনেতেই ৰকেটৰ শব্দ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 5:30 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ পৰা ভিডিঅ’ কলত স্বামীৰ সৈতে কথা পাতি আছিল শ্বিজা আনন্দ নামৰ মহিলাগৰাকীয়ে। ভিডিঅ’ কলত স্বামী আৰু পৰিয়ালক নিজকে সুৰক্ষিত বুলি আশ্বাস দি আছিল। হঠাৎ এটা ডাঙৰ শব্দ হ’ল আৰু ফোনটো বিচ্ছিন্ন হৈ গ’ল। 

তাৰ পিছত সিফালৰ পৰা বাৰে বাৰে ফোন আহিছিল, কিন্তু কোনেও ফোনটো ৰিচিভ নকৰিলে। কিছু সময়ৰ পাছত কেৰালাৰ শ্বিজা আনন্দৰ ঘৰলৈ খবৰ আহিল যে তেওঁ ৰকেটৰ আক্ৰমণত আহত হৈছে। তেওঁৰ অস্ত্ৰোপচাৰ হ’ব। 

কেৰালাৰ ৪১ বছৰীয়া শিজা আনন্দ পেছাত এগৰাকী নাৰ্ছ। কৰ্মসংস্থাপনৰ বাবে বিগত ৭ বছৰ ধৰি ইজৰাইলত আছে তেওঁ। তেওঁৰ স্বামী আৰু দুটা সন্তান মহাৰাষ্ট্ৰৰ পুনেত থাকে। শনিবাৰে ইজৰাইলৰ আক্ৰমণত আহত হয় শ্বিজা।

শ্বিজাৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা হামাছ বাহিনীৰ আক্ৰমণৰ পিছত তেওঁক পৰিয়ালে দেশলৈ উভতি যাবলৈ কৈছিল। কিন্তু শ্বিজাই কৈছিল যে তেওঁ নিৰাপদ। ইয়াৰ পিছত শ্বিজাই ভিডিঅ’ কলত কথা পাতি স্বামীক আশ্বস্ত কৰি আছিল। 

পিছত শ্বিজাৰ এজন সহকৰ্মীয়ে ফোন কৰি হামাছৰ আক্ৰমণত শ্বিজাৰ আঘাতৰ বিষয়ে অৱগত কৰে।  শ্বিজা গুৰুতৰভাৱে আহত হয় আৰু লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

ইফালে যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰিস্থিতি বাবে শ্বিজাৰ স্বামীয়ে পত্নী গুৰুতৰভাৱে আহত বুলি জনোৱাৰ পিছতো পত্নীৰ কাষলৈ যাব পৰা নাই। কিন্তু কেৱল শ্বিজাই নহয়, তেওঁৰ দৰে কেৰালাৰ বহু বাসিন্দা ইজৰাইলত বাস কৰে। 

অৱশ্যে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে তেওঁলোকক নিৰাপদে স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিছে। কেৰালাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেৰালাৰ ২০০ ৰো অধিক বাসিন্দাক বেথলেহমৰ এখন হোটেলত ৰখা হৈছে। সংবাদ মাধ্যমে জনাইছে যে তেওঁলোক সকলো নিৰাপদ।

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd