শনিবাৰে অৰ্থাৎ পেলেষ্টাইনী হামাছ বাহিনীয়ে ইজৰাইলৰ ওপৰত ভয়ানক আক্ৰমণ সংঘটিত কৰে। ২০ মিনিটৰ ভিতৰতে হামাছ বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে।
তেতিয়াৰ পৰাই যুদ্ধ আৰম্ভ হৈছে। হামাছে অবিৰতভাৱে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই আছে। স্থল আৰু আকাশী পথেৰে ইজৰাইলত প্ৰৱেশ কৰিছে হামাছ বাহিনীয়ে।
বিগত ৫ দিনৰ সংঘাতত এতিয়ালৈকে ৩৫০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ইয়াৰে ১২০০ নাগৰিক ইজৰাইলৰ। গাজাতো ৭৬৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে ইজৰাইলী সেনাই মঙলবাৰে জনাইছে যে এতিয়ালৈকে ১৫০০ হামাছ সেনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ইজৰাইলৰ সেনাই মঙলবাৰে অৱগত কৰে যে ছিৰিয়াৰ পৰা ইজৰাইলৰ সীমান্তত একাধিক আক্ৰমণ চলি আছে। ইজৰাইলৰ সেনাইও এই গোলাবৰ্ষণৰ প্ৰত্যুত্তৰ দিছে।
সূত্ৰ অনুসৰি হামাছ বাহিনীয়ে চিৰিয়াৰ উপৰি লেবাননৰ পৰাও ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইজৰাইলৰ সেনাই এতিয়াও হামাছ বাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাব পৰা নাই। কাৰণ ইজৰাইলৰ কমেও ১৬৩ জন লোক হামাছ বাহিনীয়ে বন্দী কৰিছে। ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। ইজৰাইলে গাজা ষ্ট্ৰিপত এটা বোমা নিক্ষেপ কৰিলে তাৰ পৰিৱৰ্তে এজন বন্দীক হত্যা কৰাৰ ভাবুকি দিছে হামাছে।
ইফালে ইজৰাইলে গাজা ষ্ট্ৰিপক নিয়ন্ত্ৰণত ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পানী যোগানো বন্ধ কৰি দিয়া হৈছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা গাজাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পানী যোগান বন্ধ হোৱাৰ লগে লগে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।





