• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পানীয়েই প্ৰাণ: পিছে সাৱধান! অধিক পানীয়েও কৰে ক্ষতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2023 3:18 pm
Dangers Of Drinking Too Much Water
1.1k
VIEWS
Share on FacebookShare on Twitter

পানী জীৱৰ প্ৰাণ। মানুহকে ধৰি সকলো জীৱৰ শৰীৰতে নিৰ্দিষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। কম পানী খোৱা বা পানী নোখোৱাকৈ থাকিলে শৰীৰৰ ক্ষতি কৰে। কিন্তু একেদৰে অত্যাধিক পানী খোৱাটোও ভাল নহয়।

অত্যাধিক পানী খালে বৃক্ক আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি হ’ব পাৰে। তেজৰ ঘনত্ব হ্ৰাস হ’ব। শৰীৰত নিমখৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। শৰীৰ, মুৰ ফুলিব পাৰে। মুৰৰ বিষৰ পৰা উশাহ চুটি হোৱালৈকে সমস্যা হ’ব পাৰে।

শৰীৰ সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ পানীৰ কোনো বিকল্প নাই। পানী খালে মুৰৰ বিষ হ্ৰাস কৰে। পেশীৰ শক্তি বৃদ্ধি পায়। হাড়ৰ যোৰা আৰু কাৰ্টিলেজ সুৰক্ষিত কৰে।

পানীয়ে ছালখন ধুনীয়া কৰি ৰাখে। ওজন হ্ৰাস কৰে। শৰীৰত জলীয় পদাৰ্থৰ ভাৰসাম্য বজাই ৰাখে। পানীয়ে শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰাখে।

পানীয়ে মূৰ বা চকু, দাঁত, হৃদযন্ত্ৰ, হাঁওফাঁও,বৃক্ক, যকৃত, পাচন তন্ত্ৰ, খাদ্যনলীৰ কাৰ্য স্বাভাৱিক কৰি ৰাখে। কম পানী খোৱাটোৱে শৰীৰৰ ক্ষতি কৰে।

প্ৰায় সকলোৱে এই কথা জানে। কিন্তু আপুনি অত্যাধিক পানী খালেও মাৰাত্মক বিপদ ঘটিব পাৰে। চিকিৎসকসকলে কয় যে অধিক পানী খোৱাৰ ফলত তেজত ছডিয়ামৰ পৰিমাণ হ্ৰাস হয়।

ফলস্বৰূপে, বমি অহা, ভাগৰ, টোপনি, অত্যাধিক প্ৰস্ৰাৱ আৰু মুৰৰ বিষ হয়। অধিক পানী খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয়। হৃদযন্ত্ৰৰ ওপৰত অপ্ৰয়োজনীয় চাপ বাঢ়ে। হাৰ্ট এটেক হ’ব পাৰে।

অতিৰিক্ত পানীয়ে বৃক্ক ফিল্টাৰ কৰাৰ প্ৰক্ৰিয়া ব্যাহত কৰে। কোষবোৰত অতিৰিক্ত পানী গ’লে শৰীৰৰ কোষবোৰ ফুলি যায়। মুৰৰ কোষবোৰো ফুলিব পাৰে। ইয়াৰ ফলস্বৰূপে মগজুৰ ষ্ট্ৰোক হ’ব পাৰে।

অতিৰিক্ত পানীয়ে শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্ৰাস কৰে। ফলত বুকুৰ বিষ আৰম্ভ হয়। যকৃতৰ সমস্যা বাঢ়ি গৈ থাকে। পেটৰ বিষ আৰম্ভ হয়।

কেৱল সেয়াই নহয়, চিকিৎসকসকলে দাবী কৰে যে প্ৰয়োজনতকৈ অতিৰিক্ত পানী শৰীৰলৈ গ’লে মৃত্যু হ’ব পাৰে। কিছুমান দিনে ৮ গিলাচ পানী খাব লাগে বুলি কয়, আন কিছুমানে কয় যে ২ লিটাৰ পানী যথেষ্ট।

কিন্তু সকলোৰে শৰীৰক একেই পানীৰ প্ৰয়োজন নহয়। শৰীৰত পানীৰ চাহিদা শৰীৰৰ আকৃতি আৰু আমি কিমান কাম কৰোঁ, আমি কেনে ধৰণৰ খাদ্য খাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।

চিকিৎসকে কয় যে ব্যক্তিজনৰ যিমান ওজন তাক ৩০ ৰে হৰণ কৰিলে যি সংখ্যা ওলায় তেওঁ দৈনিক সিমান লিটাৰ পানী খাব লাগে। যদি আপুনি প্ৰতিদিনে আধা ঘণ্টাৰ ব্যায়াম কৰে তেন্তে আপুনি অতিৰিক্ত ৭০০ মিলি লিটাৰ পানী খাব লাগিব।

অধিক পাচলি আৰু ফলমূল খালে পানী অলপ কম খালে কোনো ক্ষতি নহয়। কিয়নো আমি গ্ৰহণ কৰা পানীৰ ২০-২৫ শতাংশ খাদ্যৰ পৰা আহে।

গতিকে পানী কমো নহয়, বেছিও নহয়। বিপদ এৰাই চলিবলৈ আপুনি হিচাপ ৰাখি পানী খাব লাগিব।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd