• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন-ইংগিত! ইজৰাইলৰ প্ৰতিশোধৰ মাজতে দুই পণবন্দীক মুকলি হামাছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 10:39 am
Israel Palestine war
1.7k
VIEWS
Share on FacebookShare on Twitter

গত ৭ অক্টোবৰত হামাছৰ ইজৰাইল আক্ৰমণে সূচনা কৰা ৰক্তক্ষয়ী যুদ্ধই ইজৰাইল-পেলেষ্টাইনত সম্প্ৰতি বিয়পাই ৰাখিছে কেৱল বিভীষিকাৰ ছাঁ। যুদ্ধৰ এই মৃত্যুকেলীয়ে এইপৰ্যন্ত সহস্ৰ লোকৰ প্ৰাণ লৈছে।

যুদ্ধৰ এই ৰক্তপিপাসু উন্মাদনাৰ মাজতে যেন শুভবুদ্ধিৰ উদয় হৈছে হামাছৰ। চলিত যুদ্ধৰ ভৱিষ্যতলৈ এক ন ইংগিত প্ৰদান কৰি পণবন্দী দুগৰাকী ইজৰাইলী মহিলাক হামাছে মুকলি কৰি দিছে।

মানৱীয় কাৰণত আৰু দুৰ্বল স্বাস্থ্যৰ বাবেই এই দুই মহিলাক মুকলি কৰা হৈছে বুলি সদৰী কৰিছে হামাছৰ সশস্ত্ৰ শাখাৰ মুখপাত্ৰ আবু উবাইদাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চিত কৰিছে দুই মহিলাৰ মুক্তিৰ তথ্য।

দুই মহিলা ক্ৰমে ৭৯ বছৰীয়া নুৰিট কুপাৰ আৰু ৮৫ বছৰীয়া যোচেভেড লিফশ্বিট্জক হামাছে মুকলি কৰা বুলি সদৰী কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰিছে।

গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিঙলৈ মহিলাকেইগৰাকীক লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে হামাছে দুই পণবন্দী আমেৰিকান মাতৃ আৰু কন্যাক মুকলি কৰি দিছিল।

কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হামাছে আৰু ৫০ জন পণবন্দীক মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। লক্ষণীয়ভাৱে যুদ্ধৰ সময়ত হামাছে মুঠ ২২২ জন লোকক পণবন্দী কৰা বুলি নিশ্চিত কৰিছিল ইজৰাইলে।

উল্লেখ্য যে, হামাছৰ আক্ৰমণৰ পিছতে প্ৰতিশোধৰ লক্ষ্যৰে ইজৰাইলে তাৎক্ষণিক আক্ৰমণ আৰম্ভ কৰিছিল। ইজৰাইলৰ এই আক্ৰমণত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱা বুলি গাজাই দাবী কৰিছে।

এই যুদ্ধোন্মাদনাৰ মাজতে হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ পৰিকল্পনাই স্বাভাৱিকতে যুদ্ধৰ ভয়াৱহতা নাশৰ ইংগিত বহন কৰিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd