নৃশংস হত্যাকাণ্ড। আমেৰিকাত পুনৰ গণহত্যা। সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা। জানিব পৰা মতে, এজন বন্দুকধাৰীয়ে আমেৰিকাৰ মেইনৰ লুইষ্টনত আক্ৰমণ চলাইছিল।
এলোপাথাৰিত গুলীচালনাত ২২ জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত ৫০ ৰ পৰা ৬০জন লোক আহত হয়।
এই আক্ৰমণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আমেৰিকাৰ ইতিহাসৰ অন্যতম বৃহৎ গণ গুলীচালনা বুলি এই ঘটনাক গণ্য কৰা হৈছে।
আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বুধবাৰে নিশা বন্দুকধাৰীয়ে একাধিক স্থানত আক্ৰমণ চলায়।
মেইনৰ লুইষ্টনৰ ৱালমাৰ্টৰ এটা বিতৰণ কেন্দ্ৰ, বলিং আলি আৰু স্থানীয় বাৰত গুলীচালনা কৰে বন্দুকধাৰীয়ে।
হঠাৎ হোৱা আক্ৰমণৰ বাবে সাধাৰণ ৰাইজৰ পলায়নৰ কোনো উপায় নাছিল।
লুইষ্টন আৰক্ষীৰ সূত্ৰ অনুসৰি বন্দুকধাৰীৰ আক্ৰমণত কমেও ২২ জন লোকৰ মৃত্যু হয়। আন ৫০ৰ পৰা ৬০জন লোক আহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে তদন্তকাৰী দল। আনহাতে, আৰক্ষীয়েও অভিযুক্তক বিচাৰি উলিয়াবলৈ তালাচী অভিযান আৰম্ভ কৰিছে।
আহতসকলৰ চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়সমূহৰ সৈতে যোগাযোগ কৰা হৈছে।
আজি পুৱা লুইষ্টন আৰক্ষী বিভাগে জনোৱা মতে, কমেও দুজন বন্দুকধাৰীয়ে চহৰখনত ঘূৰি ফুৰিছে। বিভিন্ন ঠাইত আক্ৰমণ চলাইছে। সন্দেহযুক্ত বন্দুকধাৰী দুজনৰ ফটোও প্ৰকাশ কৰা হৈছে
ছবিখনত তেওঁলোকৰ হাতত চেমি অটোমেটিক ৰাইফল দেখা যায়। বিপদৰ পৰা হাত সাৰিবলৈ স্থানীয় দোকানসমূহ বন্ধ ৰখাৰ পৰামৰ্শ দিয়া হৈছে।
ইফালে, বন্দুকধাৰীৰ আক্ৰমণৰ পিছত পুনৰবাৰ প্ৰশ্নৰ আওতালৈ আহিছে আমেৰিকাৰ বন্দুক নীতি। বন্দুক সহজে ক্ৰয় আৰু অনুজ্ঞাপত্ৰ দিয়াৰ বাবে এনেধৰণৰ হিংসা বৃদ্ধি পাইয়েই আছে। বিশেষকৈ যোৱা কেইবছৰমানৰ পৰা এই আক্ৰমণ কেইবাগুণো বৃদ্ধি পাইছে।