• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহৎ নদীবান্ধ: পুঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰি মানৱ অধিকাৰ উলঙ্ঘনৰ দিশে চৰকাৰ-ডঃ দিব্যজ্যোতি শইকীয়া

এন ই নিউজ, লখিমপুৰ by এন ই নিউজ, লখিমপুৰ
October 29, 2023 10:36 am
বৃহৎ নদীবান্ধ: পুঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰি মানৱ অধিকাৰ উলঙ্ঘনৰ দিশে চৰকাৰ-ডঃ দিব্যজ্যোতি শইকীয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ  সচেতন নাগৰিক, সন্থা, সংগঠন, বিশেষজ্ঞ সমিতিয়ে  আশংকা কৰাৰ দৰেই নদী বান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিলে । যাৰ ফলশ্ৰুতিত  নদীপৰীয়া  সাধাৰণ জনতা, লখিমপুৰ, ধেমাজি , দেৰগাঁৱ, মাজুলীবাসী ৰাইজ এতিয়া গভীৰ আতংক আৰু শংকাৰ মাজত। নদীবান্ধৰ পৰিবেশিক প্ৰভাৱক লৈ ৰাইজ এতিয়া গভীৰ চিন্তাত উদ্বিগ্ন। আশংকা কৰাৰ দৰেই নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধে জৈৱ বৈচিত্ৰলৈ ভাবুকি আনি নদীপৰীয়া সভ্যতা সংস্কৃতি ধ্বংস কৰি পেলাব নেকি !?

শেহতীয়াকৈ সাধাৰণ নাগৰিকৰ লগতে সচেতন মহলৰ  মাজত এনে আশংকাই বিৰাজ কৰিছে আৰু ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ নাগৰিক, সংগঠনৰ অভিযোগ – বৃহৎ নদীবান্ধৰ দ্বাৰা হব পৰা ভয়ানক পৰিবেশিক ক্ষতিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ নাম মাত্ৰও  চিন্তিত নহয়।

লখিমপুৰ জিলাখনৰ অসম অৰুণাচল সীমান্তবৰ্তী  অৰুণাচল প্ৰদেশৰ য়াজুলীত অৱস্থিত ৪০৫ মেগাৱাতৰ এটা  ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প “ৰঙানদী জলবিদ্যুৎ প্ৰকল্প”ৰ পৰা এৰি দিয়া পানীয়েই যেতিয়া বিগত ২০০৮ বৰ্ষত লখিমপুৰত ভয়াবহ বান প্ৰলয়ৰ সৃষ্টি কৰি ২২ জনকৈ লোকৰ মৃত্যু ঘটোৱাৰ লগতে শ শ ঘৰ দুৱাৰ, কৃষি ভূমি ,পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।

তৎসতেও কেন্দ্ৰ -ৰাজ্য চৰকাৰে ৰাইজৰ জীৱন সম্প্ৰতিৰ নিৰাপত্তাৰ দিশটোৰ প্রতি গুৰুত্ব নিদি গেৰুকামুখত ২০০০মেগাৱাটৰ নামনি সোৱণশিৰি জল বিদ্যুত প্ৰকল্পৰ নিৰ্মান কাৰ্যৰে ৰাইজক আন এক ভয়াবহ বিপয্যয়লৈ ঠেলি দিলে তাৰেই জ্বলন্ত উদাহৰণ বিগত সময়ত নামনি সোৱণশিৰি প্ৰকল্পস্থলীত সংঘটিত ঘটনা প্ৰবাহ।

শেহতীয়াকৈ গেৰুকামুখৰ প্রকল্পস্থলীত ভূমিস্খলন হৈ প্ৰকল্পৰ ড্ৰাইভাৰচন টানেল বন্ধ হৈ পৰাৰ ফলত সোৱণশিৰি নদী শুকাই পৰা ঘটনা অনাগত ভৱিষ্যতৰ দিনত বৃহৎ নদীবান্ধটোৰ পৰা হব পৰা পাৰিবেশিক বিপৰ্যয়ৰ দিশটোকে উন্মোচন হোৱাত উত্তৰ অসমৰ সকলোলোক বৃহৎ নদীবান্ধক লৈ আতংকিত আৰু শংকিত।

উল্লেখযোগ্য যে লখিমপুৰৰ ৰঙানদীত ৪০৫ মেগাৱাট বিজুলী শক্তি উৎপাদন কৰিব পৰা ৰঙানদী প্ৰকল্পৰ কাম ১৯৮৪ চনত আৰম্ভ হোৱাৰ পাছৰে পৰা লখিমপুৰৰ বিভিন্ন সন্থা, সংগঠনৰ লগতে ৰাজ্যজুৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল যদিও কেন্দ্ৰ ৰাজ্য চৰকাৰে ৰাইজৰ প্ৰতিবাদ, দাবীক কানসাৰ নিদিলে ফলত বাৰিষা – খৰালি নদীপৰীয়া ৰাইজ নদীৰ বান খহনীয়া, খৰালি শুকান মৰুভূমি সদৃশ পৰিস্থিতিৰ লগত যুঁজি সৰ্বসান্ত হৈছে।

বৰ্তমান অধিক জটিল পৰিস্থিতি এতিয়া আৰম্ভ হ’ল নামনি সোৱণশিৰি প্ৰকল্পৰ ক্ষেত্ৰত। ৰাইজে বাৰিষা- খৰালি নদীবান্ধে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিক লৈ জীৱন নিৰ্বাহ কৰাৰ বাবে সাজু হব লগা পৰিস্থিতি আহি পৰিল আৰুত ধন-জন সা-সম্পত্তিক হেৰুৱাই সৰ্বসান্ত হোৱাৰ পথ স্পষ্ট হল বুলি সমালোচনা হৈছে। বাৰিষা -খৰালি চৰকাৰ প্ৰশাসনে ৰঙানদীৰ নৈপৰীয়া ৰাইজক সতৰ্কবাণী শুনোৱাৰ দৰে নামনি সোৱণশিৰি বান্ধ প্ৰকল্পৰ ক্ষেত্ৰতো সতৰ্কবাণীৰে ৰাইজক সতৰ্ক কৰাৰ বাহিৰে ৰাইজক নদীবান্ধৰ ভয়ানক পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ উপায় নাথাকিব।

উল্লেখ্য যে কেৱল ১০০ মেগাৱাটৰ কাৰ্বি লাংপি প্ৰকল্পই যোৱা কেইটা বছৰত নগাঁও,মৰিগাঁও, হামৰেনত মানুহক হাহাকাৰত পেলাইছে । ১৫০ মেগাৱাট বিজুলী শক্তি উৎপাদন কৰা ভুটানৰ কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ বাবে ২০০৪ চনৰ পৰা নলবাৰী,বাক্সা ,বৰপেটা, আদি জিলাৰ ৰাইজে বানপানীত হাবুডুবু খাইছে । নামনি সোৱণশিৰি প্ৰকল্প ২০০০মেগাৱাটৰ। তেতিয়াহ’লে সোৱণশিৰিৰ নামনিত থকা গেৰুকামুখ,গোগামুখ,ঘূণাসুঁতি জেঙৰাইমুখ ,মাজুলী কমলাবাৰীৰ মানুহে নগাঁও,মৰিগাঁও বাসীতকৈ শ গুণ অধিক দুৰ্যোগৰ বাবে সাজু থাকিব লাগিব ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে এশ মেগাৱাটৰ পৰা পাঁচশ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধে প্ৰলয়ৰ সৃষ্টি কৰি বহু নিৰীহ মানুহৰ প্ৰাণ নাশ কৰাৰ লগতে হাজাৰ হাজাৰ মানুহক গৃহহীন কৰাৰ উপৰি প্ৰাকৃতিক পৰিবেশৰ ওপৰত কুপ্ৰভাৱ পেলাই আহিছে।

ডঃ শইকীয়াই লগতে কয় যে  দুহেজাৰ মেগাৱাট সম্পন্ন সোৱণশিৰিৰ উক্ত নদী বান্ধে অদূৰ ভৱিষ্যতে কিমান বিস্তৰ ক্ষতি কৰিব তাৰ উদাহৰণ আমি সকলোৱে প্ৰত্যক্ষ কৰিলো। এসময়ৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত এনে জলবোমা নিৰ্মাণ কৰি জীৱ কুলৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনাৰ লগতে এনে জলবোমা তৈয়াৰ কৰি চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰাৰ দিশে অগ্ৰসৰ হৈছে। ভৱিষ্যতৰ কোনো কুপ্ৰভাৱৰ কথা নভাবি ক্ষন্তেকীয়া  উন্নয়ন তথা বিকাশৰ নামত নিৰ্মান কৰা এনে বৃহৎ নদী বান্ধে  হাজাৰৰ পৰা  লাখৰ ঘৰত সাধাৰণ নাগৰিকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সম্ভাৱনা অধিক।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মান হোৱা এনে বান্ধৰ কুফলৰ বাবে কোনো লোকৰ মৃত্যু হ’লে এনে মৃত্যুক ৰাষ্ট্ৰৰ দ্বাৰা হত্যা কৰা বুলি আমি ভাবিবলৈ বাধ্য হ’ম আৰু এনেধৰণৰ ঘটনা হ’ব  মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা। সেয়ে উক্ত প্ৰকল্পৰ নামনি অঞ্চল সম্পূৰ্ণ ভাৱে সুৰক্ষা নিশ্চিত নকৰালৈকে উক্ত বৃহৎ নদীবান্ধৰ জলবিদ্যুৎ প্ৰকল্পৰ  কাম বন্ধ ৰাখিবলৈ দাবী জনোৱাৰ লগতে অন্যথা ভাঙি দিবলৈ বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ  শইকীয়াই আহ্বান জনায়।

আনহাতে, লখিমপুৰৰ অসম জাতীয়তাবাদী যূব ছাত্ৰ পৰিষদৰ সৌৰভ কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে  প্ৰতি বছৰে  ৪০৫ মেগাৱাট ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰত বিগত দিনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইফালে নিৰ্মান সম্পূৰ্ণ নৌহওতেই  সোৱণশিৰি ২০০০ মেগাৱাটৰ প্ৰকল্পই  ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াকে ধৰি ৰাজ্যৰ সচেতন মহলে আশংকা কৰাৰ দৰেই শেহতীয়াকৈ সোৱণশিৰি শুকাই ভয়ানক পৰিস্থিতিৰ সূচনা হ’ল বুলি তেওঁ উল্লেখ কৰে।

এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যৰ দুজনকৈ ৰাজনৈতিক নেতা অখিল গগৈ আৰু লুৰিন জ্যোতি গগৈয়ে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

এন ই নিউজ, লখিমপুৰ

এন ই নিউজ, লখিমপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd