দেওবাৰে পুৱা কেৰালাৰ কোচিৰ এটা কনভেনচন চেণ্টাৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। তাত এটা খ্ৰীষ্টান গোটে এখন সন্মিলন অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। কেই মিনিটৰ ভিতৰতে কনভেনচন চেণ্টাৰত কমেও তিনিটা বিস্ফোৰণৰ খবৰ পোৱা গৈছে।
এই বিস্ফোৰণত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন কমেও ৩০ জন আহত হয়। ইয়াৰে পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে, এই বিস্ফোৰণ কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে স্পষ্ট কৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।
বাতৰি অনুসৰি, আজি পুৱা প্ৰায় ৯ বজাত কোচিৰ কালামাছেৰীৰ কনভেনচন চেণ্টাৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। কেইমিনিটমানৰ ভিতৰতে আৰু কেইবাটাও বিস্ফোৰণ ঘটে। প্ৰথম অৱস্থাত ধাৰণা কৰা হয় যে উক্ত সন্মিলনত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃ ইজৰাইল-হামাছৰ সংঘাতত নিহত ২৯ জন সাংবাদিক; নিৰাপত্তাৰ নিশ্চয়তা নিদিয়ে ইজৰাইলে
ইপিনে, কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কোচিৰ সকলো চিকিৎসালয়ৰ চিকিৎসা কৰ্মচাৰীৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দিছে। কেইবাখনো চিকিৎসালয়ক সাজু হ’বলৈ কোৱা হৈছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত এন এছ জি আৰু সন্ত্ৰাসবাদ বিৰোধী বাহিনীক ততাতৈয়াকৈ কালামছেৰীলৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে, আৰক্ষী আৰু বোমা স্কোয়াড ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ চাৰিজনীয়া এটা দলো কালামছেৰীলৈ ৰাওনা হৈছে।
এই বিস্ফোৰণৰ ভিডিঅ’ আৰু ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে যে চাৰ্ট পিন্ধা কেইবাজনো লোকে হাত দুখন মূৰৰ ওপৰলৈ তুলি আৰ্তনাদ কৰিছে আৰু দূৰৈত জুই জ্বলি আছে।
লগতে পঢ়কঃকয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৩২জনৰ মৃত্যু, ১৪জন সন্ধানহীন
সেইদৰে, এটা ভিডিঅ’ত দেখা গৈছে এগৰাকী মহিলাৰ জ্বলি যোৱা মৃতদেহ মাটিত পৰি আছে। জুই নিৰ্বাপনৰ বাবে তাত প্ৰচুৰ পৰিমাণৰ পানী ঢালি দিয়া হৈছিল। সেই পানীত এটা মোবাইল ওপঙি আছে।
শেহতীয়া খবৰ অনুসৰি কনভেনচন চেণ্টাৰটো বৰ্তমান আৰক্ষীয়ে ঘেৰি ৰাখিছে। বিস্ফোৰণত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।