• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেলতে থাকিব ছিছ’দিয়া; ৩৩৮ কোটি টকাৰ লেনদেনৰ কথা উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 30, 2023 2:30 pm
জেলতে থাকিব ছিছ’দিয়া; ৩৩৮ কোটি টকাৰ লেনদেনৰ কথা উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ প্রাক্তন উপ মুখ্যমন্ত্রী মনীষ চিছ’দিয়াৰ জামিন আৱেদন আকৌ এবাৰ নাকচ কৰা হ’ল৷ আম আদমি পাৰ্টিৰ নেতাগৰাকী আবকাৰী দুৰ্নীতিৰ গোচৰত বিগত ৭ মাহ ধৰি কাৰাগাৰত বন্দী হৈ আছে। জামিনৰ বাবে বাৰে বাৰে আবেদন কৰিও কোনো লাভ হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত দুৰ্নীতিৰ অভিযোগত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান তেওঁ জেলতে আছে।

জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ছিছ’ডিয়াই। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ বিচাৰপীঠে সোমবাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদন খাৰিজ কৰে। অৱশ্যে গোচৰটো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়া হৈছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে আগন্তুক ৬ৰ পৰা ৮ মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ পৰ্যবেক্ষণ যে যদি তদন্তৰ গতি লেহেমীয়া হয়, তেন্তে মনীষ চিছ’দিয়াই পিছত পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব।

লগতে পঢ়কঃ গাজাত ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰা বাবে ভাৰতীয় নাৰ্ছক বহিষ্কাৰ কৰিলে কুৱেইটে

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডিক জনাইছিল যে ছিছ’ডিয়াৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ অভিযোগ প্ৰমাণ কৰাটো কঠিন হ’ব। কেৱল উৎকোচ লোৱা হৈছে বুলি ধৰি লৈ গোচৰ উত্থাপন কৰোৱাটো সম্ভৱ নহয়।

জামিনৰ আবেদন নাকচ কৰি উচ্চতম আদালতে পৰ্যবেক্ষণ কৰে যে, “বহু আইনী প্ৰশ্নৰ উত্তৰ নোহোৱাকৈয়ে আছে। ইয়াৰ উপৰিও ৩৩৮ কোটি টকাৰ লেনদেনৰ বিষয়টো প্ৰায় প্ৰমাণিত হৈছে।”

ছিছ’ডিয়াৰ বিৰুদ্ধে মূলতঃ আবকাৰী নীতিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই অভিযোগে দিল্লীৰ শাসকীয় দলটোক থৰক-বৰক কৰি তুলিছিল। দিল্লীত আপ চৰকাৰে প্ৰৱৰ্তন কৰা আবকাৰী নীতিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই নীতিৰ বাবেই চিছ’ডিয়াৰ বিৰুদ্ধে আৰ্থিক সুবিধা পোৱাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইডি আৰু চিবিআই দুয়োটাই তেওঁক জিম্মাত লৈছিল।

লগতে পঢ়কঃ প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ আগতে উচ্চ ন্যায়ালয়েও নাকচ কৰে প্ৰাক্তন মন্ত্ৰী ছিছ’ডিয়াৰ জামিন আবেদন। আদালতে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুত্বপূৰ্ণ। তদুপৰি যোৱা মে’ মাহত উচ্চতম ন্যায়ালয়তো এই আবেদন নাকচ কৰা হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে, উপ-মুখ্যমন্ত্ৰী হিচাপে তেওঁ যথেষ্ট উচ্চ পদস্থ, সেয়ে প্ৰয়োজন হ’লে সাক্ষীক প্ৰভাৱিত কৰিব পাৰে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd