বীৰেন দত্ত (বীৰেন্দ্ৰনাথ দত্ত) চাৰক কেতিয়া লগ পাইছিলোঁ এতিয়া মনত নাই।কিন্তু, এসময়ত তেখেত মোৰ, আমাৰ(অন্বেষা) বৰ ওচৰৰ মানুহ আছিল।মানুহৰ লগত মানুহৰ সম্পৰ্কৰ অৰ্থ কি? সম্পৰ্কৰ বিস্তাৰ।একোজন মানুহৰ লগত হোৱা সম্পৰ্কই আপোনাক ক’লৈ যে লৈ যায়? বীৰেন দত্ত চাৰ কেতিয়াৰ মানুহ আছিল? যেতিয়া শিলপুখুৰীৰ এম এল বৰুৱা পথত জীৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, বীণা বৰুৱা, ফণী তালুকদাৰ, ডলী তালুকদাৰ, আৰু তিলক হাজৰিকা জীয়াই আছিল। সৌভাগ্যৰ কথা যে তেওঁলোকৰ মাজৰে অনুসূয়া হাজৰিকা এতিয়াও জীয়াই আছে।
মই এন বি টিত কাম কৰিবলৈ যোৱাৰ সময়ত আমিও তাতেই আছিলোঁ, তিলক হাজৰিকা খুৰাৰ ভাৰা ঘৰত। তেতিয়া মই থকা কোঠাটোৱেই ‘অন্বেষা’ৰ অফিছ আছিল। সেই ঘৰটোলৈ কিন্তু মই তাৰ বহু বছৰ আগতেই গৈছিলোঁ তিলক হাজৰিকাক লগ কৰিবলৈ। তেতিয়া তেওঁলোক কাষতে লাগি থকা দুমহলীয়া ঘৰটোলৈ যোৱা নাছিল।তেওঁলোকৰ মানুহ বহা কোঠাটো আন কেইটা কোঠাতকৈ অলপ ওখ আছিল।বোধহয় দুদুলমণি আৰু মই তেখেতক লগ কৰিবলৈ গৈছিলোঁ। তেওঁ ‘অসম বাণী’ৰ সম্পাদক হৈ আছিল।সেই সময়ত, প্ৰফুল্ল মহন্তৰ চৰকাৰক ‘অসম বাণী’য়ে সমালোচনা কৰাক লৈ অসমৰ বতাহ গৰম হৈ আছিল। শীতৰ এটি সন্ধিয়া অনুচ্চ কন্ঠেৰে তেখেতে সেইবোৰ কথা আমাক সবিস্তাৰে কৈছিল।
তিলক হাজৰিকাৰ ঘৰটো আছিল এম এল বৰুৱা পথৰ দ্বিতীয় কেকুৰিটোত। অলপ আগলৈ নৱকান্ত বৰুৱা চাৰৰ ঘৰ। বীৰেন দত্ত চাৰৰ ঘৰটো ৰাস্তাটোৰ সিটো পাৰে।মাজে মাজে কাষলতিৰ তলত বেগ এখন লৈ বীৰেন দত্ত চাৰ নৱকান্ত বৰুৱা চাৰৰ ঘৰলৈ আহে। ময়ো কিবা কিবি কথাত প্ৰায়ে দত্ত চাৰৰ ঘৰলৈ যাওঁ। দিল্লীৰ পৰা আহিলে এবাৰ তেখেতৰ ঘৰলৈ যোৱাটো মোৰ এটা কামৰ কাম আছিল। মই বেল টিপিম। বাইদেউ ওলাই আহি বহিবলৈ দিব। চাৰ ওলাই আহি হাঁহি এটা মাৰি ক’ব- অ’ মালাকাৰ! তাৰ পিছত কথা আৰু কথা। চাহ, জলপান। এন বি টিত মই কাম কৰি থকা সময়তো আমি ‘ডেউকা’ উলিয়াই আছিলোঁ। দত্ত চাৰে মাজে মাজে ‘ডেউকা’ত লিখিছিল।এবাৰ মই তেখেতৰ লগত সংস্কৃতিৰ বিষয়ে এটা দীঘলীয়া সাক্ষাৎকাৰ লৈছিলোঁ। প্ৰখ্যাত ঐতিহাসিক এ পি থমছন ঢুকোৱাৰ পিছত সুমিত চৰকাৰে তেখেতৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল’Economic and Political Weekly’ত।প্ৰবন্ধটো বৰ আটিল আৰু ভাবঘন আছিল।মই সেই প্ৰবন্ধটো ‘ডেউকা’ৰ বাবে অনুবাদ কৰিছিলোঁ।কিন্তু, প্ৰবন্ধটোৰ দুই/এটা বাক্যৰ অৰ্থ ভালকৈ ধৰিব পৰা নাছিলোঁ। এদিন মই প্ৰবন্ধটো দত্ত চাৰৰ ওচৰলৈ লৈ গৈছিলোঁ। তেখেতে মোক সেই বাক্য কেইটাৰ সঠিক অৰ্থ কৈ দিছিল।
দত্ত চাৰৰ বৰ পছন্দৰ মানুহ আছিল এ কে ৰামানুজন।ৰামানুজনক তেওঁ ব’ম্বে নে চেন্নাইৰ কোনোবা এখন লোক সংস্কৃতি বিষয়ক আলোচনাচক্ৰত লগ পাইছিল।তাৰ পিছত তেওঁ ৰামানুজনৰ কথা কিমান যে কৈছিল! তেনেকৈ নে কেনেকৈ ময়ো ৰামানুজনৰ প্ৰতি আগ্ৰহী হৈ পৰিছিলোঁ। এতিয়া ৰামানুজনৰ প্ৰায় আটাইবোৰ কিতাপেই মোৰ আছে।
আৰু এটা মজাৰ কথা মনত পৰিছে। তেতিয়া দত্ত চাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ পৰা অৱসৰ লৈছে। কথা প্ৰসংগত ক’ৰবাত হেনো হেৰম্বকান্ত বৰপূজাৰীয়ে মহেশ্বৰ নেওগক কৈছে- “হেৰা মহেশ্বৰ, এই বীৰেন ল’ৰাটোৰ কথা- বতৰাবোৰ ভাল হে, ল’ৰাটো চিৰিয়াছ।” দত্ত চাৰে মোক কথাটো কৈ হাঁহে।টেমচুলা আও এতিয়া আমাৰ মাজত নাই। টেমচুলা আওৰ লগত মোৰ চিনাকি হৈছিল দত্ত চাৰৰ যোগেদি। বোধহয় তেজপুৰ বিশ্ববিদ্যালয় নে ক’ত এখন আলোচনাচক্ৰ হৈছিল। তাতে তেওঁৰ লগত টেমচুলা আওৰ চিনাকি। চিনাকি হৈ গম পালে যে তেওঁ এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী পঢ়িছিল আৰু ডঃ হীৰেন গোহাঁইৰ ছাত্ৰী আছিল।টেমচুলা আওৰ গল্প সংকলন ‘These Hills Called Home: Stories from a War Zone’ পঢ়ি চাৰ অভিভূত হৈছিল আৰু মোক কিতাপখনৰ বিষয়ে গুৱাহাটীত এটা আলোচনাৰ আয়োজন কৰিবলৈ অনুৰোধ কৰিছিল। কিতাপখন পঢ়ি ময়ো চাৰৰ কথাটো সমৰ্থন কৰিছিলোঁ।তেতিয়া টেমচুলা আও North-Eastern Hill University ৰ ইংৰাজী বিভাগৰ মুৰব্বী আছিল।আমি তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ বৰ ভাল পালে। বোধহয় ২০০৬ চনত আমি ‘অন্বেষা’ৰ তৰফৰ পৰা উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত কিতাপখনৰ বিষয়ে বৰ সুন্দৰ আলোচনা এটাৰ আয়োজন কৰিছিলোঁ।আলোচনাত অংশগ্ৰহণ কৰিবলৈ টেমচুলা আওৰ লগত ছিলঙৰ পৰা আহিছিল ইচথাৰ শ্যাম আৰু কে এচ নংগকিনৃহ। তেতিয়াৰে পৰা মৃত্যুৰ আগলৈকে টেমচুলা বাইদেউৰ লগত মোৰ এক আত্মীয় সম্পৰ্ক আছিল।
কিন্তু, এটা কামৰ বাবে দত্ত চাৰৰ লগত আমি মানে অন্বেষা সদায় কৃতজ্ঞ হৈ থাকিব লাগিব। বোধহয় ২০০৯ চনত এদিন দত্ত চাৰে মোক ক’লে- “তুমি ইউনিচেফৰ দীপা দাসৰ লগত কথা পাতিবাচোন!” তাৰ পিছত সৌ সিদিনালৈকে অন্বেষা আৰু ইউনিচেফে একেলগে আমি কিমান কাম কৰিছিলোঁ। বিশেষকৈ চাহ জনগোষ্ঠীৰ শিশু সকলৰ কাৰণে কৰ্মশালাৰ যোগেদি আমি যিবোৰ কিতাপ প্ৰস্তুত কৰি উলিয়াইছিলোঁ, সেইবোৰ একক আৰু অনন্য আছিল। চানমাৰিৰ অলংকাৰ হোটেলত প্ৰথমে এসপ্তাহ আৰু কেইমাহমানৰ ব্যৱধানত আৰু এসপ্তাহৰ কৰ্মশালাৰ যোগেদি এই কিতাপবোৰ প্ৰস্তুত কৰা হৈছিল। এই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে আছিল হীৰেন গোহাঁই, বীৰেন্দ্ৰনাথ দত্ত, অন্নদাচৰণ ভাগৱতী, গণেশ কুৰ্মি আৰু সুশীল কুৰ্মি।কামবোৰ হৈ যোৱাৰ পিছত, এদিন দীপা দাসে মোক কৈছিল- মালাকাৰ, মোক আপোনালোকৰ কথা কোনে কৈছিল জানে নে? এনে এজন মানুহে মোক আপোনালোকৰ লগত কাম কৰিবলৈ পৰামৰ্শ দিছিল যিজন ব্যক্তিৰ ভাবমূৰ্তি মোৰ কাৰণে বৰ ওপৰত আছিল।আৰু সেই ব্যক্তিজন আছিল বীৰেন্দ্ৰনাথ দত্ত।
দত্ত চাৰ আৰু আৰু ৰমেন চৌধুৰীয়ে গুৱাহাটী শোধনাগাৰৰ পৃষ্ঠপোষকতাত এটা বৰ ডাঙৰ কাম কৰিছিল। তেওঁলোকে ‘অসমৰ সংগীতৰ ঐতিহ্য’ ( Musical Heritage of Assam) নামেৰে এটা কেচেট উলিয়াইছিল। গোটেই প্ৰকল্পটোৰ পৰিকল্পনা আছিল দত্ত চাৰৰ।অৰঙে দৰঙে গৈ তাৰ বাবে গীতৰ কলি সংগ্ৰহ কৰাৰ, আৰু ষ্টুডিঅ’ত প্ৰযোজনাৰ দায়িত্ব লৈছিল ৰমেন চৌধুৰীয়ে। অসমীয়া মানুহে নকৰা এটা কাম। দত্ত চাৰে বিচাৰিছিল কেচেটটো অসমীয়া মানুহে ঘৰে ঘৰে ৰাখক। সেই কাৰণে গুৱাহাটী শোধনাগাৰক তাৰ বাণিজ্যিক প্ৰচাৰৰ বাবে আমাৰ মানে অন্বেষাৰ লগত কথা পাতিবলৈ কৈছিল।তেতিয়াৰ গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক যোগেন বৰপূজাৰীয়ে কথাটোত হয়ভৰ দিছিল। তেখেতে অন্য ধৰণেও আগতে অন্বেষাক সহায় কৰিছিল। আমি কেচেটটো উলিয়ালোঁ। মানুহৰ পৰা বৰ ভাল সহাৰি নাপালোঁ। কিন্তু, দত্ত চাৰ আৰু ৰমেন চৌধুৰীৰ ওচৰত অসমীয়া সমাজ সদায় ইয়াৰ বাবে কৃতজ্ঞ হৈ থকা উচিত।
দত্তচাৰৰ আৰু এটা কামৰ লগত মই পৰোক্ষভাবে কিছু পৰিমাণে জড়িত আছিলোঁ। এবাৰ কথাই কথাই তেতিয়া অক্সফোৰ্ড ইউনিভাৰ্চিটি প্ৰেছত কাম কৰা অলকেশ ভট্টচাৰ্য্য আহি মোৰ লগত কথা পাতিছিল আৰু অসমৰ কোন কোন পণ্ডিতক তেওঁলোকে কিতাপ লিখিবৰ কাৰণে লগ ধৰিব পাৰে মোৰ পৰা নাম বিচাৰিছিল।মই আন দুই/এজনৰ লগতে দত্তচাৰৰ কথাও কৈছিলোঁ। পিছত গম পাইছিলোঁ চাৰে তেওঁলোকৰ বাবে কিতাপ এখনৰ কাম কৰিবলৈ লৈছিল। এই কিতাপখন আছিল ‘Cultural Contours of North-East India’। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ২০১২ চনত। কিতাপখন চলিছিল। পিছত পুনৰ মুদ্ৰণো কৰা হৈছিল।
বীৰেন্দ্ৰনাথ দত্ত কোন আছিল? তেখেত এজন লোক সংস্কৃতিৰ গৱেষক আৰু পণ্ডিত আছিল, এজন সংগীতজ্ঞ আৰু গায়ক আছিল, আৰু সৰ্বোপৰি, অসমীয়া নৱ জাগৰণ বুলি যদি কিবা এটা আলোক সন্ধানী যাত্ৰা এসময়ত আছিল বা এতিয়াও যদি অ’ত ত’ত তাৰ শীৰ্ণ ধাৰা এটা প্ৰবাহিত হৈ আছে, তাৰ তেওঁ এজন শেহতীয়া পথিক আছিল। অতিৰিক্ত, মই ২০২১ চনৰ ২৭ নবেম্বৰৰ দিনা সামাজিক মাধ্যমত লিখিছিলোঁঃ “নৱকান্ত বৰুৱাই বোধহয় শীতৰ কোনো এক ৰাতিপুৱা,নিজৰ ঘৰৰ পিৰালিত বহি, চাহখাই উঠি আমেজ কৰি পাইপডাল হুপি আছিল! মুখত মিচিকিয়া হাঁহি এটা লৈ চাই আছিল চোতালখনলৈ৷ এনেতে দেখিলে ক’ৰপৰা ঘনচিৰিকা এটা আহি মুখত দুবৰিবন লৈ, খৰিকালৈ চোতালত খেলি আছে৷এবাৰ ৰঙা টিকটিকিয়াকৈ ফুলি থকা ওৱালখনৰ ওচৰৰ ডালিমডালত পৰিছেগৈ৷ হয়তো আইনু বা জুনুকাই বীণা বাইদেউৰ পৰা খুজি আনি ঘনচিৰিকাটোক মচুৰ দাইল দুটামান খাবলৈ দিছে৷ বা ঘনচিৰিকাটো ইমান চিনাকি আৰু আপোন হৈ পৰিছে যে সিহঁতৰ কোনোবাজনীৰ হাতৰ পৰাই মচুৰ দাইল খাইছে৷আকৌ, কণমানি ঘনচিৰিকাই জঁপিয়াই জঁপিয়াই কেঞাবনৰ মাজে মাজে কাৰোবাক যেন বিচাৰি ফুৰিছে৷ এটা অতি সাধাৰণ ঘটনা, আমাৰ সকলোৰে এটা চিনাকি দৃশ্য৷কিন্তু কথাটোৱে নৱকান্তৰ মনত ৰেখাপাত কৰিলে৷ তেওঁ তাকলৈ এটা গীত লিখিলে৷ ৰাস্তাৰ সিপাৰে থাকে বীৰেন্দ্ৰনাথ দত্ত৷ কাষলতিৰ তলত জোলোঙাখন ওলোমাই মাজে মাজে নৱককাইদেউৰ ওচৰলৈ আহে৷কত কিমান কথা পাতে! বীৰেন চোৱাচোন,সেইদিনা লিখিলোঁহে! এহ ককাইদেউ, বৰ সুন্দৰ হৈছে৷ দিয়কচোন, ঘৰলৈ নি সুৰদি চাওঁ৷ বাহ! সুৰ দি তেওঁ কি সুন্দৰকৈ গালে৷ সেই সাধাৰণ ঘটনাটো এতিয়া এটা অসমৰ সাংস্কৃতিক সম্পদ হৈ পৰিল৷ গীতিমালিকাত সৰুতে শুনা সেই ফটফটীয়া গীতটি…….এনেকৈয়ে সাধাৰণৰ পৰা অসাধাৰণৰ সৃষ্টি হয়৷ একোটাহঁত যুগমীয়া সাংস্কৃতিক সম্পদৰ সৃষ্টি হয়৷”
আমি প্ৰকাশ কৰা জ্যোতি দাসৰ ‘অসমীয়া আহাৰ’ৰ কপি এটা দত্ত চাৰৰ হাতত তুলি দিবলৈ ২০২২ চনৰ ৪ জানুৱাৰীৰ দিনা জ্যোতি দাস, দুদুলমণি আৰু মই চাৰৰ তালৈ গৈছিলোঁ। সেইদিনা মই এই কথাখিনি চাৰক পঢ়ি দিছিলোঁ। চাৰে হাঁহি মাৰি মূৰ দুপিয়াইছিল। সেয়াই আমাৰ শেষ দেখা হ’ব বুলি মই তেতিয়াই জানিছিলোঁ।