• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতাৰণা : চৰকাৰী বন্ধৰ তালিকাত নাই মিচিং জনগোষ্ঠীৰ প্ৰাণৰ জাতীয় উৎসৱ আলি-আ:য়ে-লৃগাং

জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই মন্ত্ৰী ৰনোজ পেগুকে ধৰি জনগোষ্ঠীটোৰ প্ৰতিনিধি সকলৰ: নিৰ্মল পায়েং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 4:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুগ যুগ ধৰি অসমৰ ভূমিপুত্ৰ তথা দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং ৰাইজে প্ৰাণৰ তথা জাতীয় কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে-লৃগাং ফাগুনৰ প্ৰথমটো বুধবাৰত পালন কৰি আহিছে। 

অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটোৰ এই পৱিত্ৰ উৎসৱ আলি-আ:য়ে-লৃগাংৰ দিনটোত বাৰে বাৰে দাবী জনাই অহা স্বত্বেও চৰকাৰে বন্ধ ঘোষণা নকৰাটোৱে  বিজেপি চৰকাৰখনে যে অসমৰ ভূমিপুত্ৰ সকলক অৱমাননা কৰে সেইয়া দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে। 

Apply Now

আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নির্মল পায়েঙে এখনি সংবাদমেলৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি কয়, ” যি সময়ত বিজেপি চৰকাৰখনে জাতি, মাটি,ভেটি ৰক্ষা কৰাৰ শ্ল’গান দি চৰকাৰ গঠন কৰিছিল তেনে সময়ত অসমৰ মিচিং ৰাইজক আজিও প্ৰতাৰণা কৰি আহিছে। মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল ফাগুনৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ আলি-আ:য়ে-লৃগাঙৰ দিনা সমগ্ৰ অসমত চৰকাৰী বন্ধ পালন কৰা হওঁক। বিভিন্ন সময়ত চৰকাৰী পক্ষৰ বিভিন্ন নেতা, মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত মিচিং ৰাইজৰ আৱেগ অনুভূতি আদায় কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰা সততে দেখা পোৱা যায় যে আলি-আ:য়ে-লৃগাংত চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব। কিন্তু অসম চৰকাৰে প্ৰকাশ কৰা এই বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাটো বাদ পৰিল মিচিং ৰাইজৰ হেঁপাহৰ আলি-আ:য়ে-লৃগাং। চৰকাৰৰ এই সিদ্ধান্তই মিচিং ৰাইজৰ আৱেগত আকৌ এবাৰ চূড়ান্ত আঘাত কৰিলে। বিজেপি চৰকাৰখনে কেৱল মাত্ৰ মিচিং ৰাইজৰ ভোট আদায় কৰিবৰ বাবে ব্যৱহাৰ কৰি আহিছে মন্ত্ৰী ৰনোজ পেগুৰ দৰে মিচিং জনগোষ্ঠীৰ নেতাক। যি গৰাকী ৰনোজ পেগুৱে মিচিং ৰাইজৰ অৰ্থনৈতিক আন্দোলনৰ ভূমিকা গ্ৰহণ কৰিম বুলি কৈছিল, যি গৰাকী ৰনোজ পেগুৱে মিচিং জনগোষ্ঠীক আৰ্থ-সামাজিক দিশত সৱল কৰিম বুলি আন্দোলনৰ নেতৃত্ব লৈছিল, যি গৰাকী ৰনোজ পেগুৱে মিচিং জনগোষ্ঠীটোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, যি গৰাকী ৰনোজ পেগুৱে মিচিং জাতিটোক ৰাজপথলৈ উলিয়াই আনি ষষ্ঠ অনুসূচী প্ৰদান কৰিব লাগিবই বুলি আন্দোলন কৰি আজি বিজেপি চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পাইছিল, সেই ৰনোজ পেগুয়ে এতিয়া যেন পাহৰি গ’ল সকলো।

মিচিং জনগোষ্ঠীৰ কোনো সমস্যাৰ প্ৰতি ৰনোজ পেগু দায়বদ্ধ যে নহয় সেই কথা আজি আকৌ এবাৰ প্ৰমাণ হৈছে। কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত মিচিং ৰাইজক ব্যৱহাৰ কৰিছে ৰনোজ পেগুৰ দৰে নেতাই। কেইজনমান মুষ্টিমেয় নেতাক নিজৰ হাতত ৰাখি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰে। যাৰ কাৰণে আজি মিচিং ৰাইজ অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে। আমি ৰাইজৰ দলৰ তৰফৰ পৰা স্পষ্টভাৱে ক’ব বিচাৰো ৰনোজ পেগু এজন মিচিং জাতিৰ বাবে পিতা নহয় মিচিং জাতিৰ মহা প্ৰতাৰক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰনোজ পেগু, ভূৱন পেগু, নৱ দলে, ভূৱন গামৰ দৰে কেইজনমান নেতাক বিধায়ক বনাই, মন্ত্ৰীত্বৰ দায়িত্ব দিয়েই মিচিং ৰাইজৰ সকলো সমস্যা সমাধান হ’ল বুলি যদি ভাবিছে সেইয়া মূৰ্খৰ স্বৰ্গত বাস কৰিছে। জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নথকা এই নেতা সকলক মিচিং ৰাইজে ভালদৰে চিনি লৈছে। পৰৱৰ্তী সময়ত এওঁলোকৰ দৰে নেতাক আগত ৰাখি হিমন্ত বিশ্ব শৰ্মাই যদি মিচিং ৰাইজৰ পৰা ভোট ভিক্ষা কৰিবলৈ যায়, তেন্তে তাৰ উত্তৰ মিচিং ৰাইজে নিজেই দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd