জন্মদিনৰ উপহাৰ পাইছিল আৰু সেই উপহাৰে কাঢ়ি লৈ গ’ল প্ৰাণ। ঘটনাৰ বলি ইউক্ৰেইনৰ সেনাৰ কমাণ্ডাৰ ইন চীফ। এক মৰ্মান্তিক ঘটনাত ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ মেজৰ হেনাডি চেষ্টিয়াকোভে জীৱন হেৰুৱালে। উপহাৰটো আছিল এটা গ্ৰেনেড। এটা মাৰাত্মক অস্ত্ৰ ‘উপহাৰ’ হিচাপে লাভ কৰি তেওঁ প্ৰাণ হেৰুৱালে।
গ্ৰেনেডটো এজন অতি ঘনিষ্ঠ বন্ধুৰ পৰা উপহাৰ হিচাপে পাইছিল। ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ হেনাডিয়ে উপহাৰটো খুলি গোটেই পৰিয়ালটোক দেখুৱাইছিল। সেই সময়তে তেওঁৰ ১৩ বছৰীয়া ল’ৰাটোৱে আহি গ্ৰেনেডটো কাঢ়ি নিব বিচাৰে। তেতিয়াই গ্ৰেনেডটো বিস্ফোৰণ ঘটিল।
লগতে পঢ়কঃসংসদৰ নৈতিকতা সমিতিৰ পৰামৰ্শ: খাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ!
এই ঘটনাত হেনাডে চেষ্টিয়াকোভৰ ১৩ বছৰীয়া পুত্ৰ আহত হয়। গ্ৰেনেড আক্ৰমণত মৃত্যু হয় চেষ্টিয়াকোভৰ।
চেষ্টিয়াকোভে পুত্ৰৰ পৰা গ্ৰেনেডটো কাঢ়ি ল’ব বিচাৰে। কোৱা হৈছে যে দুয়োৰে মাজত হোৱা টনাটনিত এই বিস্ফোৰণ সংঘটিত হয়। কিয়েভৰ চাইকি গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰু তাতেই ইউক্ৰেইনৰ আৰক্ষীয়ে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে ইউক্ৰেইনৰ জাপ’ৰজিয়াত ৰাছিয়াৰ আক্ৰমণৰ ফলত ১৯ জন ইউক্ৰেইনৰ সৈনিকৰ মৃত্যু হয়। ইয়াৰ পিছত কমাণ্ডাৰ ইন চীফৰ মৃত্যু ঘটিল।
লগতে পঢ়কঃ গিলৰ ‘শুভ’ উত্থান: বাবৰক পিছ পেলাই ৰেংকিঙৰ শীৰ্ষত, শীৰ্ষস্থান পুনৰুদ্ধাৰ ছিৰাজৰ
বাতৰি অনুসৰি, জেনেৰেল ভেলেৰী জুলুঝানীয়ে হেনাডিক গ্ৰেনেডটো দিছিল। এই সমগ্ৰ উপহাৰ কাণ্ডটোৰ ফলত হোৱা মৃত্যুক লৈ ইউক্ৰেইনত তদন্ত চলি আছে।