• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহু পলম হৈ গ’ল বিশ্ব চেম্পিয়নৰ! একেৰাহে পাঁচখনত পৰাজয়ৰ পিছত নেদাৰলেণ্ডৰ বিৰুদ্ধে সান্তনাৰ জয় ইংলেণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 8:41 am
7.7k
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে ছেমি ফাইনেলৰ সপোন শেষ হৈছিল। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে এইবাৰৰ প্ৰদৰ্শন লজ্জাজনক। পৰাজয়ৰে আৰম্ভ হৈছিল বিশ্বকাপ। দ্বিতীয়খন মেচত জয়ৰ পিছত কেবল পৰাজয়ৰ মুখ দেখিছে ইংলেণ্ডে। একেৰাহে পাঁচখন মেচত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডৰ আত্মবিশ্বাসো প্ৰায় হেৰুৱাইছিল। অৱশেষত তেওঁলোকে বিজয়ৰ মুখ দেখিলে।

নেদাৰলেণ্ডৰ বিৰুদ্ধেও যথেষ্ট চাপত পৰিছিল ইংলেণ্ড। কিন্তু বেন ষ্ট’কছ আৰু ক্ৰীছ ৱ’কছৰ বেটিঙে ইংলেণ্ডক পুনৰ মেচখনলৈ ঘুৰাই আনে।

ৰান চেজত নেদাৰলেণ্ড অতি আক্ৰমণাত্মক। মাত্ৰ ১৭৯ ৰানতে অল আউট হৈ যায় ডাচ দলটো। অৱশেষত একেৰাহে পাঁচখনত পৰাজয়ৰ পিছত আহিল জয়। ইংলেণ্ডে নেদাৰলেণ্ডক ১৬০ ৰানত পৰাস্ত কৰে।

নেদাৰলেণ্ডক পৰাস্ত কৰিলে ইংলেণ্ডে। ফটোঃ সংগ্ৰহীত।

ইংলেণ্ডে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাত প্ৰায় বিধ্বস্ত হৈ পৰা ইংলেণ্ড আৰম্ভণিৰে পৰাই বিধ্বংসী হৈ পৰিছিল। ডেভিদ মালানে ৭৪টা বলত ৮৭ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলিছিল।

কিন্তু মাজৰ অভাৰত হঠাতে বিপদত পৰিল ইংলেণ্ড শিবিৰ। ১৩৩-১ৰ স্ক’ৰৰ পৰা ইংলেণ্ডে দ্ৰুতগতিত ১৯২-৬ স্ক’ৰত উপনীত হয়। ডাঙৰ স্ক’ৰৰ সম্ভাৱনা কমি আহিছিল। কিন্তু বেন ষ্ট’কছ তেতিয়াও ক্ৰীজত আছে। সেইটোৱেই আছিল আশা।

বেন ষ্ট’কছ আৰু ক্ৰীছ ৱ’কছে এটা দীঘলীয়া যুটি বান্ধে। ষ্ট’কছৰ বেটৰ পৰা আহে  ৮৪ বলত ১০৮ ৰান। আনহাতে, ক্ৰীছ ৱ’কছে ৪৫টা বলত ৫১ ৰান সংগ্ৰহ কৰি উভতি আহে। লৱাৰ অৰ্ডাৰে বিশেষ অৰিহণা যোগাব নোৱাৰিলে। ইংলেণ্ডে নেদাৰলেণ্ডক ৩৪০ ৰানৰ ডাঙৰ লক্ষ্য বান্ধি দিয়ে।

ইংলেণ্ডৰ জয়ৰ মূল ৰূপকাৰ বেন ষ্টোকছ। ফটোঃ সংগ্ৰহীত।

ক্ৰিকেট জগতখনে এদিন পূৰ্বে ৱানখেড়েত মেক্সৱেলৰ যাদুকৰী ইনিংছৰ সাক্ষী হৈছিল। ইয়াৰ দ্বাৰা ডাচ বেটছমেনসকল অনুপ্ৰাণিত হৈছিল নে নাই সেয়া এক কঠিন প্ৰশ্ন। আৰম্ভণিৰে পৰাই নেদাৰলেণ্ডৰ অতি আক্ৰমণাত্মক বেটিং। আৰু তাতেই বিপদত পৰিল দলটো। ৰান ৰেট ভাল হ’লেও ইটোৰ পিছত সিটোকৈ উইকেট হেৰুৱাই থাকে।

অধিনায়ক স্কট এডৱাৰ্ডছে ৩৮ ৰান সংগ্ৰহ কৰি উভতি যায়। সৰ্বোচ্চ সংগ্ৰহ তেজা নিদামাৰুৰ। তেওঁ ৩৪টা বলত ৪১ ৰান কৰি অপৰাজিত হৈ থাকে। নেদাৰলেণ্ডে ৩৭.২ অভাৰত মাত্ৰ ১৭৯ ৰান সংগ্ৰহ কৰি অল আউট হয়।

অৱশেষত সান্তনাৰ জয় ইংলেণ্ডৰ। ফটোঃ সংগ্ৰহীত।

মইন আলী আৰু আদিল ৰছিদে তিনিটাকৈ উইকেট দখল কৰে। ডেভিড উইলিয়ে লাভ কৰে ২টা উইকেট। ক্ৰীছ ৱ’কছে এটা উইকেট লয় আৰু এটা ৰান আউট কৰে। শতকীয় ইনিংছৰ বাবে মেন অৱ দ্য মেচ হয় বেন ষ্ট’কছ। 

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd