• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বহু পলম হৈ গ’ল বিশ্ব চেম্পিয়নৰ! একেৰাহে পাঁচখনত পৰাজয়ৰ পিছত নেদাৰলেণ্ডৰ বিৰুদ্ধে সান্তনাৰ জয় ইংলেণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 8:41 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ছেমি ফাইনেলৰ সপোন শেষ হৈছিল। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে এইবাৰৰ প্ৰদৰ্শন লজ্জাজনক। পৰাজয়ৰে আৰম্ভ হৈছিল বিশ্বকাপ। দ্বিতীয়খন মেচত জয়ৰ পিছত কেবল পৰাজয়ৰ মুখ দেখিছে ইংলেণ্ডে। একেৰাহে পাঁচখন মেচত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডৰ আত্মবিশ্বাসো প্ৰায় হেৰুৱাইছিল। অৱশেষত তেওঁলোকে বিজয়ৰ মুখ দেখিলে।

নেদাৰলেণ্ডৰ বিৰুদ্ধেও যথেষ্ট চাপত পৰিছিল ইংলেণ্ড। কিন্তু বেন ষ্ট’কছ আৰু ক্ৰীছ ৱ’কছৰ বেটিঙে ইংলেণ্ডক পুনৰ মেচখনলৈ ঘুৰাই আনে।

ৰান চেজত নেদাৰলেণ্ড অতি আক্ৰমণাত্মক। মাত্ৰ ১৭৯ ৰানতে অল আউট হৈ যায় ডাচ দলটো। অৱশেষত একেৰাহে পাঁচখনত পৰাজয়ৰ পিছত আহিল জয়। ইংলেণ্ডে নেদাৰলেণ্ডক ১৬০ ৰানত পৰাস্ত কৰে।

Apply Now
নেদাৰলেণ্ডক পৰাস্ত কৰিলে ইংলেণ্ডে। ফটোঃ সংগ্ৰহীত।

ইংলেণ্ডে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাত প্ৰায় বিধ্বস্ত হৈ পৰা ইংলেণ্ড আৰম্ভণিৰে পৰাই বিধ্বংসী হৈ পৰিছিল। ডেভিদ মালানে ৭৪টা বলত ৮৭ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলিছিল।

কিন্তু মাজৰ অভাৰত হঠাতে বিপদত পৰিল ইংলেণ্ড শিবিৰ। ১৩৩-১ৰ স্ক’ৰৰ পৰা ইংলেণ্ডে দ্ৰুতগতিত ১৯২-৬ স্ক’ৰত উপনীত হয়। ডাঙৰ স্ক’ৰৰ সম্ভাৱনা কমি আহিছিল। কিন্তু বেন ষ্ট’কছ তেতিয়াও ক্ৰীজত আছে। সেইটোৱেই আছিল আশা।

বেন ষ্ট’কছ আৰু ক্ৰীছ ৱ’কছে এটা দীঘলীয়া যুটি বান্ধে। ষ্ট’কছৰ বেটৰ পৰা আহে  ৮৪ বলত ১০৮ ৰান। আনহাতে, ক্ৰীছ ৱ’কছে ৪৫টা বলত ৫১ ৰান সংগ্ৰহ কৰি উভতি আহে। লৱাৰ অৰ্ডাৰে বিশেষ অৰিহণা যোগাব নোৱাৰিলে। ইংলেণ্ডে নেদাৰলেণ্ডক ৩৪০ ৰানৰ ডাঙৰ লক্ষ্য বান্ধি দিয়ে।

ইংলেণ্ডৰ জয়ৰ মূল ৰূপকাৰ বেন ষ্টোকছ। ফটোঃ সংগ্ৰহীত।

ক্ৰিকেট জগতখনে এদিন পূৰ্বে ৱানখেড়েত মেক্সৱেলৰ যাদুকৰী ইনিংছৰ সাক্ষী হৈছিল। ইয়াৰ দ্বাৰা ডাচ বেটছমেনসকল অনুপ্ৰাণিত হৈছিল নে নাই সেয়া এক কঠিন প্ৰশ্ন। আৰম্ভণিৰে পৰাই নেদাৰলেণ্ডৰ অতি আক্ৰমণাত্মক বেটিং। আৰু তাতেই বিপদত পৰিল দলটো। ৰান ৰেট ভাল হ’লেও ইটোৰ পিছত সিটোকৈ উইকেট হেৰুৱাই থাকে।

অধিনায়ক স্কট এডৱাৰ্ডছে ৩৮ ৰান সংগ্ৰহ কৰি উভতি যায়। সৰ্বোচ্চ সংগ্ৰহ তেজা নিদামাৰুৰ। তেওঁ ৩৪টা বলত ৪১ ৰান কৰি অপৰাজিত হৈ থাকে। নেদাৰলেণ্ডে ৩৭.২ অভাৰত মাত্ৰ ১৭৯ ৰান সংগ্ৰহ কৰি অল আউট হয়।

অৱশেষত সান্তনাৰ জয় ইংলেণ্ডৰ। ফটোঃ সংগ্ৰহীত।

মইন আলী আৰু আদিল ৰছিদে তিনিটাকৈ উইকেট দখল কৰে। ডেভিড উইলিয়ে লাভ কৰে ২টা উইকেট। ক্ৰীছ ৱ’কছে এটা উইকেট লয় আৰু এটা ৰান আউট কৰে। শতকীয় ইনিংছৰ বাবে মেন অৱ দ্য মেচ হয় বেন ষ্ট’কছ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd