• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিএছচি কেলেংকাৰীত জড়িত সকলক চৰকাৰে সুৰক্ষা দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ডি ৱাই এফ আইৰ প্ৰতিবাদ

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে পালন কৰাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 1:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে মানৱীয়তাৰ প্ৰসংগ আৰু কালি বিভাগীয় তদন্তৰ কথা উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্ববৃহৎ এপিএছচি কেলেংকাৰীত জড়িতসকলক ৰক্ষণাবেক্ষণ দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি তথা শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি ইয়াক শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত আজি গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে।

সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ ভুমিকাত স্তম্ভিত হৈ পৰিছে আৰু এয়া ন্যায় ব্যৱস্থা আৰু ৰাজ্যবাসীৰ প্ৰতি কৰা চৰম ভেঙুচালি বুলি অভিহিত কৰিছে। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনাইছে। পৰিতাপৰ বিষয় যে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিৰ মাজেৰে মুকলিকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাক আয়োগক অপমান কৰাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীক তাছিল্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই? কিয় তেওঁ ভুল বাখ্যা কৰিবলৈ তৎপৰ হৈছে? কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত হোৱা এই বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুৱা অনিহাত নানা প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

লগতে পঢ়কঃ ‘দ্য নিউয়ৰ্ক ক্ৰাইমছ’! গাজাৰ বাতৰিত পক্ষপাতিত্বৰ অভিযোগ; নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ত প্ৰতিবাদ

আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে সেই সময়ৰ কেবিনেট মন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী গৰাকীও এই কেলেংকাৰীৰ অংশীদাৰ নেকি ? অথবা সেই সময়ৰ কেলেংকাৰী মহানায়কসকলে আজিৰ চৰকাৰৰ বৰঘৰত থিতাপি লৈছে নেকি ? ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ক্ষেত্ৰত এছ আই টি গঠন কৰা আৰু ২০১৪ বৰ্ষৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ সলনি বিভাগীয় তদন্ত ঘোষণা কৰাৰ মাজেৰে প্ৰকৃততে অনিয়মেৰে নিৰ্বাচিত হোৱা বিষয়াসকলক সুৰক্ষা দিয়াৰ কৌশল গ্ৰহণ কৰিছে। ৩৯ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ৩৪ জনৰ ক্ষেত্ৰত বিভাগীয় তদন্ত কিয় ? প্ৰকৃততে এই ৩৪ জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেই মুখ্যমন্ত্ৰীৰ আচল স্বৰূপ ওলাই পৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ কথা আৰু কাম দেখি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ – তেওঁৱেই এপিএছচি কেলেংকাৰীৰ মহানায়ক নেকি?

বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ দুখনকৈ প্ৰতিবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক কাৰ্যকৰী নকৰিবলৈ নানা বাহানাৰ আশ্ৰয় লৈছে। এপিএছচিৰ অধ্যক্ষ ৰাকেশ পালৰ অধীনত হোৱা ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাত চূড়ান্ত অনিয়ম হোৱাটো আৰক্ষী তদন্ত পোহৰলৈ আহিছিল। ইয়াৰ ভিত্তিতে ৩৯ এপিএছ-এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। বাকী অভিযুক্ত ৩৪ জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি সুৰক্ষা দিবলৈ উঠিপৰি লাগিছে।

লগতে পঢ়কঃ গুৱাহাটীৰ ‘ডাবল মাৰ্ডাৰ’ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ

উল্লেখ কৰা প্ৰয়োজন যে ২০১৩ বৰ্ষত ৪২০০০ যুৱক-যুৱতীয়ে আৰু ২০১৪ বৰ্ষত ২৫০০০ যুৱক-যুৱতীয়ে এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। এই দুয়োটা পৰীক্ষাতে মেধা আৰু বুদ্ধিমত্তাক একাষৰীয়া কৰি ধন আৰু ৰাজনৈতিক প্ৰভাৱেৰে পৰীক্ষাত অনুত্তীৰ্ণ সকলে চাকৰি ল’বলৈ সক্ষম হৈছিল। অসৎ উপায়েৰে চাকৰি লোৱা ৩৪ জন বিষয়াৰ ক্ষেত্ৰত মানীৱয় দৃষ্টি আৰু হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীৰ ক্ষেত্ৰত কি দৃষ্টি গ্ৰহণ কৰা হ’ব?

ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত মানৱীয়তাৰ কথা কোৱা এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম পৰিবহণ নিগম (ASTC)ৰ ৭০০ কৰ্মচাৰীক আৰু মীন বিভাগৰ প্ৰায় ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৱতীৰ্ণ হোৱা প্ৰায় ১৪ লাখ প্ৰাৰ্থীক সঠিক সলাফল ঘোষণা নকৰি আৰু কাট অফ নম্বৰ নিদি চৰম অন্যায় কৰিছিল।

দুৰ্নীতি বিৰোধী অভিযানৰ নামত সাধাৰণ পিয়ন, চৌকিদাৰ, লাট মণ্ডলক গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ ল’ব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে উচ্চ পৰ্যায়ৰ বিষয়াসকলক ৰক্ষণাবেক্ষণ দিব ওলাইছে।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়সমূহক জনপ্ৰতিনিধিৰ বিৰুদ্ধে থকা গোচৰ দ্ৰুত নিষ্পত্তি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

চৰকাৰৰ এনে দুৰ্নীতিৰ পক্ষে লোৱা অৱস্থানক ধিক্কাৰ জনাই আৰু দুৰ্নীতি অনিয়মেৰে নিৰ্বাচিত হোৱা বিষয়াসকলক শীঘ্ৰে বৰ্খাস্ত কৰাৰ লগতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে পালন কৰাৰ দাবীত আজি ডি ৱাই এফ আইয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ডি ৱাই এফ আইয়ে বঞ্চিত প্ৰাৰ্থী, সচেতন যুৱক-যুৱতী আৰু গণতান্ত্ৰিক ৰাইজক লৈ দিশপুৰ যাত্ৰাৰ দৰে কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd