• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC World Cup 2023: পাক নুঘুৰিল পাকিস্তানৰ! ইডেনতো ইংলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়; হতাশাৰে বিশ্বকাপৰ পৰা ঘুৰিল বাবৰ বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 8:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মইন আলীৰ নিৰ্বিষ স্পিন বলিং। তাতেই দিশহাৰা মহম্মদ ৰিজৱান। উদ্যমহীন পাকিস্তানৰ উইকেটকীপাৰগৰাকীয়ে নিজৰ পৰিণতিকে যেন বিশ্বাস কৰিব পৰা নাই। এই এখন ছবিতে পাকিস্তানৰ সমগ্ৰ বিশ্বকাপ অভিযান বৰ্ণনা কৰিব পাৰি। মাথোঁ হতাশা আৰু হতাশা। সেই হতাশাৰ অন্ত পৰে চূড়ান্ত লজ্জাজনক পৰাজয়ৰ সৈতে। তাকো সেই ইংলেণ্ডৰ হাতত, যি ইংলেণ্ডে চলিত বিশ্বকাপত সেই অৰ্থত একো দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে।

শনিবাৰে ইডেনত বাবৰ বাহিনী নমাৰ সময়তো ছেমি ফাইনেলৰ ক্ষীণতম সম্ভাৱনা এটা আছিল। অৱশ্যে সেয়া বাস্তৱধৰ্মী নাছিল। বাবৰ আজমে হয়তো সেই সম্ভাৱনাৰ কথা ভবাও নাছিল। হয়তো তেওঁলোকে নূন্যতম জয় বিচাৰিছিল।

কিন্তু পাক দলটোৱে তাৰো আশে পাশে যাব নোৱাৰিলে। ইয়াৰ বিপৰীতে জো ৰুটছ আৰু সংগীসকলে হঠাতে কিংবদন্তি ৰক তাৰকা মিক জেগাৰৰ সন্মুখত তেওঁলোকৰ শ্ৰেষ্ঠ ছন্দ আৱিষ্কাৰ কৰিলে। ফলত ৯৩ ৰানৰ বিশাল ব্যৱধানত সাৱ্যস্ত কৰিলে জয়।

ইডেন গাৰ্ডেনৰ বেটিং সমৰ্থিত উইকেটত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৯ উইকেটত ৩৩৭ ৰান কৰে। ভাৰতৰ বিৰুদ্ধে ১৩০ ৰানত অল আউট হোৱাসকলেই বিশ্ববিখ্যাত পাকিস্তানৰ বলিং বিভাগক ধৰাশায়ী কৰি তুলিলে। বেন ষ্টোকেছে ৭৬টা বলত ৮৪ ৰান সংগ্ৰহ কৰে। ৰুটে কৰে ৭২টা বলত ৬০ ৰান। বেয়াৰষ্টোৱেও ৫৯ ৰান সংগ্ৰহ কৰে।

পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে ১০ অভাৰত ৭২ ৰান দিলেৰে। উইকেট পালে দুটা। আৰু হেৰিছ ৰাউফে দিলে ৬৪ ৰান। অৱশ্যে তেওঁ তিনিটা উইকেট লাভ কৰে।

দৰ্শকে হয়তো ভাৱিছিল ৩৩৮ ৰানৰ টাৰ্গেট লৈ নামি বাবৰ বাহিনীয়ে বেটিঙত ধুমুহা তুলিব। হয়তো ক্ৰিকেট অনুৰাগীসকলে উত্তেজনাপূৰ্ণ খেল এখনৰ আশা কৰিছিল। কিন্তু ইংলেণ্ডৰ বলাৰসকলে আৰম্ভণিতে সেই আশাত চেঁচা পানী ঢালি দিলে। পাকিস্তানৰ দুয়োজন অ’পেনাৰ ১০ ৰানৰ ভিতৰতে ঘূৰি আহিল।

অধিনায়ক বাবৰেও ব্যৰ্থতাৰ সৈতে চৰম হতাশাৰে বিশ্বকাপ যাত্ৰাৰ অন্ত পেলালে। তেওঁ ৩৮ ৰান লৈ পেভলিয়নলৈ উভতি গ’ল। ইয়াৰ পিছত এজন এজনকৈ ৰিজৱান (৩৬), ইফতিখাৰ (৩) শ্বাকিল (২৯) সকলোৱে নিজৰ নিজৰ উইকেট দলিয়াই দি উভতি আহিল।

পাকিস্তানৰ আঘা ছলমান (৫১)ৰ বাহিৰে কাৰো যুঁজখন মনত ৰখাৰ যোগ্য নহয়। অৱশ্যে শেষ উইকেটত মহম্মদ ৱাছিম ​​জুনিয়ৰ আৰু হেৰিছ ৰাউফে অলপ যুঁজ দিয়ে। কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। পাকিস্তানৰ ইনিংছ ২৪৪ ৰানতে সমাপ্ত হয়। ইংলেণ্ডে ৯৩ ৰানত জয়লাভ কৰে। এই জয়ৰ ফলত বাটলাৰৰ বাহিনীয়ে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত খেলাৰ যোগ্যতা লাভ কৰে।

সংক্ষিপ্ত স্কোৰ

ইংলেণ্ড: ৩৩৭-৯ (ষ্ট’কছ ৮৪, ৰুট ৬০)

পাকিস্তানঃ ২৪৪ (আঘা ছলমান ৫১, বাবৰ ৩৮)

ইংলেণ্ড ৯৩ ৰানত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm
হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm
সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd