• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

The Happy News: যুদ্ধ-মৰামৰি নহয়, যিখন বাতৰি কাকতত ছপা হয় কেৱল ভাল খবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 3:12 pm
415
VIEWS
Share on FacebookShare on Twitter

টিভি চেনেল বা বাতৰি কাকত খুলিলেই যুদ্ধ, হিংসা, দুৰ্নীতি, হিংসাৰ খবৰ দেখা যায়। বহুসময়ত দেখা যায় যে ভাল ঘটনাবোৰ বিশেষ গুৰুত্বসহকাৰে ছপা নহয় কিন্তু বেয়া নেতিবাচক খবৰবোৰ ভালদৰে ছপা হয়। সেইবাবেই বহুতে বাতৰি কাকত পঢ়া নাই বা টিভিত বাতৰি নাচায়। এমিলি কক্সহেডে সেই একেখিনি লোকৰ বাবে মুকলি কৰিছে  ‘দ্য হেপি নিউজ’। য’ত আছে মাথোঁ ভাল খবৰ।

বাতৰি অনুসৰি, কাকত আৰু ছ’চিয়েল মিডিয়াত যুদ্ধ, হিংসা আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ চাই চাই যুক্তৰাজ্যৰ নাগৰিক এমিলি কক্সহেড এসময়ত মানসিকভাৱে বিপৰ্যস্ত হৈ পৰিছিল। তেতিয়াই তেওঁ এখন নতুন কাকত প্ৰকাশৰ কথা ভাবিলে য’ত দুখজনক ঘটনাৰ কোনো খবৰ নাথাকিব, থাকিব মাথোঁ ইতিবাচক খবৰ।

সেই ধাৰণাটোৰ পৰাই মিজ কক্সহেডে ২০১৫ চনত ‘দ্য হেপি নিউজ’ নামৰ কাকতখনৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

কেৱল ইতিবাচক খবৰেৰে ভৰা ৩২ পৃষ্ঠাৰ এইখন এখন পূৰ্ণাংগ বাতৰি কাকত। কিন্তু ই দৈনিক, সাপ্তাহিক বা মাহেকীয়া নহয় – ই তিনিমহীয়া কাকত। কাৰণ, প্ৰতিদিনে ৩২ পৃষ্ঠাৰ বাতৰি কাকত এখন ভৰোৱাৰ বাবে ইমান ভাল খবৰ পোৱাটো সহজ নহয়। পিচে, বাতৰি কাকতবোৰ সাধাৰণতে খৰখৰীয়া আৰু ইমান ৰঙীন নহয়। কিন্তু এই কাকতখন ইয়াৰ ঠিক বিপৰীত।

২০১৫ চনত কক্সহেডে ছ’চিয়েল মিডিয়াত তেওঁৰ পৰিকল্পিত হেপি নিউজৰ ফ্ৰণ্ট পেজ কেনেকুৱা হ’ব তাৰ ডিজাইন পোষ্ট কৰি লিখিছিল, ‘কল্পনা কৰক যদি এনেকুৱা এখন কাকত বাস্তৱত থাকিলেহেঁতেন।’ তেওঁৰ পোষ্টটো পঢ়ি বহুকেইজনে তেওঁক আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰাণিত কৰে। তেতিয়াই তেওঁ এখন বাতৰি কাকত আৰম্ভ কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁৰ সেই কাকতখন মানুহৰ হাতে হাতে জনপ্ৰিয় হৈ পৰে ।

কক্সহেডে কয়, “মই আৰু পাঠকসকলে কাকতখন হাতে হাতে বিয়পাই দিলোঁ। চুবুৰীয়া বা বন্ধুক দি, ৰে’ল বা বাছত দি অহাৰ জৰিয়তেই ই বহু মানুহৰ ওচৰলৈ যায়।”

কক্সহেডে কয় যে এই বছৰবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় খবৰটো আহিছিল অষ্ট্ৰেলিয়াৰ পৰা। অষ্ট্ৰেলিয়াৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজনে কিছুমান আহত পেংগুইনৰ বাবে কাপোৰ বনাইছিল। ইয়াৰ ছবি আৰু কাৰ্টুন কাকতত ছপা হৈছিল। তেওঁৰ বাবে সেই খবৰটো বাতৰি কাকতখনত ছপা হোৱা আটাইতকৈ মনোগ্ৰাহী খবৰ যেন লাগে।

কক্সহেডে ভাবে যে প্ৰতিদিনে পৃথিৱীত ভয়ংকৰ কথাবোৰ ঘটি আছে। মই সেইবোৰ লুকুৱাব নিবিচাৰো। কিন্তু মই ভাবো আমিও ভাল বস্তুবোৰৰ বিষয়েও জনা উচিত।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd