নেহৰু ভাৰতৰ পৰা হেৰাই গ’ল নেকি? সঁচাকৈয়ে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে একাংশ মানুহৰ মনত। কাৰণ আজি শিশু দিৱস; এই শিশু দিৱসৰ আলমতে নেহৰুৰ প্ৰাসংগিকতাক স্মৰণ কৰাৰ প্ৰয়োজন হৈ পৰিছে।
স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু ভাৰতীয় জনমানসৰ পৰা প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱাৰ কথা খোকোজা লগাৰ দৰে হৈ পৰিছে। কোনো কোনো মতবাদ অনুযায়ী নেহৰুৰ সন্দৰ্ভত কিছুমান দ্বিমতৰ অৱতাৰণা হোৱা দেখা যায়, তথাপিও কিন্তু ভাৰতীয় ইতিহাসৰ পৰা নেহৰুৰ প্ৰাসংগিকতাক নিশ্চয় অবলুপ্তি ঘটোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।
লগতে পঢ়কঃ আধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি
শিশু দিৱসে যেনেদৰে নেহৰুক ভাৰতীয় সমাজ ব্যৱস্থাত তুলি ধৰি আছে, আন কিছুমান আৰ্হি যেনে যুৱ চেতনা, অৰ্থনৈতিক আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটৰ ঘটনা কিছুমানেও নেহৰুক ভাৰতীয় জনগণৰ মাজত সদায় প্ৰাসংগিক কৰি ৰাখিছে।
সাম্ৰাজ্যবাদী শাসনৰ হাতোৰাৰ পৰা মাথো মুক্ত হোৱা আৰু বিক্ষিপ্ত হৈ থকা ভাৰতীয় ব্যৱস্থাক অতি নিষ্ঠাবান আৰু বুদ্ধিমত্তাপূৰ্ণ সহযোগী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰেৰণাৰে একগোট কৰি আপোন ভৰিত থিয় দি বিশ্বৰ বুকুত সাহসিকতাৰে মূৰ দাঙি থকাৰ দৃঢ়তাৰ শিক্ষা দিয়া নেহৰুক নিশ্চয়কৈ ভাৰতীই পাহৰিব নোৱাৰে।
বহুবোৰ কাৰকক জুকিয়াই নতুনকৈ আইনা চাবলৈ শিকা ভাৰতীয় সকলক আঙুলিত ধৰি আগবঢ়াই নিবলৈ পেটেলৰ দৰে লৌহ মানবৰ সততাক সাৰোগত কৰি মহাপ্ৰতাপী সাম্ৰাজ্যবাদী শক্তি ইংৰাজৰ মুখা-মুখি হৈ ভাৰতীয় সকলক সচেতন কৰি গঢ়ি তুলিবলৈ নেহৰুৱে যি প্ৰয়াস কৰিছিল, সেয়া জানো ভাৰতীয় জাতীয়তাবাদে পাহৰিব ?
লগতে পঢ়কঃ Children’s Day 2023: আজি ১৪ নৱেম্বৰ শিশু দিৱসৰ ইতিহাস, তাৎপৰ্য্য আৰু উদযাপন
সেয়েহে সেই কালৰ শিশু সকলক গঢ়ি তুলিবলৈ আৰু তেওঁলোকে ভবিষ্যতৰ বুকুত ভাল নাগৰিক হৈ পৰিচিতি লাভ কৰাৰ উদ্দেশ্যেৰে নিজৰ জন্মদিনটোকে শিশু দিৱসৰ উদ্যম লোৱা নেহৰুক নিশ্চয় সৰ্বকাল প্ৰাসংগিক কৰি ৰাখিব।