মহুৱা মৈত্ৰক কেন্দ্ৰ কৰি উৎকোচৰ বিনিময়ত সংসদত প্ৰশ্ন কৰাক লৈ আৰম্ভ হৈছিল বিতৰ্কৰ। তেওঁৰ বিৰুদ্ধে সংসদ পৰ্টেলৰ পাছৱৰ্ড ব্যৱসায়ী দৰ্শন হিৰানন্দানীক দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁ মহুৱাৰ নামত পৰ্টেলত প্ৰশ্ন আপলোড কৰিছিল। সেই ঘটনাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজনীতি তোলপাৰ লগাৰ বাবে সংসদৰ ডিজিটেল সাংসদ পৰ্টেলৰ কিছু নিয়ম সলনি কৰা হৈছে।
বাতৰি অনুসৰি, লোকসভাত সাংসদসকলৰ সহায়ক বা বিশেষ সহায়কসকলক ডিজিটেল সাংসদ পৰ্টেল বা এপটোৰ ব্যৱহাৰত নিয়ন্ত্ৰণ কৰা হৈছে। ফলত সংসদৰ সহায়ক বা বিশেষ সহায়কসকলে সেই এপ বা পৰ্টেলত আগৰ দৰে বহুতো কাম কৰিব নোৱাৰে। ফলত এতিয়াৰ পৰা কেৱল সাংসদসকলেহে সাংসদসকলৰ প্ৰশ্নৰ বাবে জাননী দাখিল কৰিব পাৰিব, তেওঁলোকৰ সহায়ক বা বিশেষ সহায়কসকলে নহয়। লগতে সাংসদসকলৰ ভ্ৰমণ বিলো পৰ্টেলত আপলোড কৰিব লাগিব।
লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!
ইপিনে, ২০১৯ চনৰ পি আৰ এছ লেজিছলেটিভ ৰিচাৰ্চৰ প্ৰতিবেদনত কোৱা হৈছে যে লোকসভাৰ ৭৫ শতাংশ সাংসদৰ অন্ততঃ স্নাতক ডিগ্ৰী আছে। ১০ শতাংশই মাধ্যমিক ডিগ্ৰী লাভ কৰিছে। পৰ্টেলটোত বিশেষ সহায়কসকলে একো কৰিব নোৱাৰাৰ বাবে বহু সাংসদ অস্বস্তিত পৰিব নেকি তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।
আনহাতে, ডিজিটেল সংসদৰ নতুন নিয়ম অনুসৰি সাংসদসকলৰ নিযুক্তিপ্ৰাপ্ত সহায়কসকলে এতিয়া জাননীৰ খচৰা প্ৰস্তুত কৰিব পাৰিব। কিন্তু সেই জাননী কেৱল সাংসদসকলেহে দাখিল কৰিব পাৰিব। অৱশ্যে ডিজিটেল সংসদ পৰ্টেলত সহায়ক বা বিশেষ সহায়কসকলৰ নিজা একাউণ্ট আছে। তাত OTP আহিব তেওঁলোকৰ মোবাইললৈ। সহায়কসকলে সেই একাউণ্টৰ পৰা জাননী দাখিলৰ সুবিধা হেৰুৱাইছে।
লগতে পঢ়কঃ ‘জনতাক টেঁটু চেপা দিয়া কৰ নীতিৰে গণতান্ত্ৰিক অধিকাৰো হৰণৰ চেষ্টা বিজেপি চৰকাৰৰ’
বৰ্তমানৰ নিয়ম অনুসৰি ডিজিটেল সংসদ একাউণ্টত লগ ইন কৰিলে অ’টিপি সহায়কসকলৰ মোবাইললৈ প্ৰেৰণ কৰা হ’ব। জাননী দাখিল কৰাৰ সময়ত আন এটা অ’টিপি সৃষ্টি হ’ব। বৰ্তমান সহায়কসকলৰ একাউণ্টৰ পৰা মেচেজ টেবটো আঁতৰোৱা হৈছে। যি টেবত ৰাজ্যসভা, লোকসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন আছিল। সেইবোৰ সাংসদসকলৰ ইমেইলত আহিছিল। যি ইমেইলটো সেই টেবটো সংলগ্ন কৰা আছিল। অৱশ্যে সেই টেবটো এতিয়া আঁতৰাই দিয়া হৈছে।