• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতাক টেঁটুচেপা! চৰকাৰৰ অবাঞ্চিত কৰৰ বিৰুদ্ধে গুৱাহাটীত ১৫ টা বিৰোধী দলৰ উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 12:58 pm
জনতাক টেঁটুচেপা! চৰকাৰৰ অবাঞ্চিত কৰৰ বিৰুদ্ধে গুৱাহাটীত ১৫ টা বিৰোধী দলৰ উত্তাল প্ৰতিবাদ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনাধিষ্ঠ বিজেপি চৰকাৰে জনতাৰ ওপৰত জাপি দিয়া অবাঞ্চিত কৰৰ বোজাৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটীত ৰাজ্যখনৰ ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চই প্ৰতিবাদ সাৱ্যস্ত কৰে।

মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেএত বিৰোধী দলকেইটাৰ কেইবাশ কৰ্মীয়ে  চৰকাৰ বিৰোধী ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ প্ৰতিকৃতি দাহ কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়ত আৰক্ষীয়ে বাধা প্রধান কৰে। ইয়াক লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

ইয়াৰ পিছতে বিৰোধী দলকেইটাই অৱস্থান ধৰ্মঘটেৰে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে দিয়া ‘তেজপিয়া বিজেপি চৰকাৰ হায় হায়, তেজপিয়া বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত শৰ্মা চৰকাৰ হঁচিয়াৰ, বিজেপি লেইলেই ছেইছেই, হিমন্ত শৰ্ম গ’ বেক, জধে-মধে আৰোপ কৰা কৰ প্ৰত্যাহাৰ কৰক, সৰ্বসাধাৰণৰ ওপৰত শোষণ নচলিব আদি শ্লগানেৰে লক্ষীধৰ বৰা ক্ষেত্ৰ উত্তাল হৈ পৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা বিৰোধী ঐকামঞ্চৰ নেতা তথা ৰাজসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, ‘আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। এতিয়া মানুহ জীয়াই থকাৰ পথ ৰুদ্ধ হৈ আহিছে। গতিকে এতিয়াই যদি আমি সঠিকভাৱে প্ৰতিবাদ কৰি চৰকাৰখনক বাধ্য কৰাব নোৱাৰো, তেনেহ’লে আমাৰ ভৱিষাৎ অন্ধকাৰ হ’ব।‘

তেওঁ লগতে কয়, ‘চৰকাৰৰ বৰমুৰীয়াবোৰে কৈছে যে তেওঁলোকে হেনো বিহু কমিটীক ধন দিছে। বিহু কমিটাক ধন দিয়াৰ সৈতে কৰ বা মাছুল আৰোপৰ সম্পৰ্ক ক’ত? বিজেপিৰ নেতাসকল ইমানেই দুষ্ট যে তেওঁলোকে আমাক মাচুল আৰু কৰৰ মাজৰ পাৰ্থক্য শিকাইছে। এয়া অতি লজ্জাজনক কথা। মাচুল বুলি ক’লে

নাগৰিকে জেপৰ পৰা ধন নিব নালাগিব নেকি? এইবোৰ কথা কৈ প্ৰকৃতাৰ্থত বিজেপিয়ে ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে। মূল কথা হ’ল তেওঁলোকে এতিয়া জধে মধে কৰ আৰোপ কৰি ৰাইজৰ পৰা কিদৰে ধন কাঢ়ি নিব পাৰি, তৰ চিন্তাত মগ্ন হৈছে। এই চৰকাৰখনে সদায়ে নতুন নতুন কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ শোধাইছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ব্ৰিটিছকো চেৰ পেলাইছে। সেয়ে আজি মানুহে তেজখোৱা বিজেপি চৰকাৰ বুলি ক’বলৈ বাধ হৈছে। আমি বিৰোধী দলকেইটাই উমৈহতীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই লৈ যাম।’

অৱস্থান ধৰ্মধট কাৰ্যসূচীত অংশ লৈ বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দল চি পি আই (এম)ৰ প্ৰবীণ নেতা হেমেন দাসে কয়, ‘বিজেপি চৰকাৰৰ এয়া জনবিৰোধী কাৰ্য। তেওঁলোকে আৰ এছ এছৰ নীতি কাৰ্যকৰী কৰিবলৈ এইদৰে কৰ আৰোপ কৰিছে। সেয়ে পূজাৰ ওপৰত কৰ লগোৱা হোৱা নাই। কিন্তু পথসভা, সজাগতা অনুষ্ঠান আদিৰ নামতো কৰ আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এয়া সেৱা কৰ বুলি কৈছে। কিন্তু তেওঁলোকৰ মুখপাত্ৰই কৈছে এয়া মাচুল বুলি। তেওঁলোকে যিয়েই নাম নিদিয়ক কিয়, এইদৰে ৰাইজৰ ওপৰত মাধমাৰ শোধাই জধে-মধে কৰ আৰোপ কৰা কাৰ্য সম্পূৰ্ণ জনবিৰোধী আৰু গণতন্ত্ৰ বিৰোধী।‘

তেওঁ দাবী কৰে, ‘চৰকাৰে অতিশীঘ্ৰে কৰ সংগ্ৰহৰ এই নিৰ্দেশ প্ৰত্যাহাৰ কৰক। নৰেন্দ্ৰ মোডী চৰকাৰে ইয়াৰ পূৰ্বে পিঠাগুড়ি, চিৰা-মুৰিৰ ওপৰত জি এছ টি আৰোপ কৰিছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পথসভা, সজাগতা অনুষ্ঠানৰ ওপৰত কৰ লগাইছে। এইবোৰৰ পৰা সহজে অনুমেয় যে বিজেপি চৰকাৰৰ আৰ্থিক অৱস্থা অতি সংকটজনক সেয়ে তেওঁলোকে জয়ে মধে কৰ আৰোপেৰে ধন সংগ্ৰহ কৰিব বিচাৰিছে। যোৱা সময়ছোৱাত চৰকাৰখনে সম্পদ তথা উৎপাদন বুদ্ধিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ বিপৰীতে অনুপাদনশীণ কাম-কাজত ব্যস্ত থাকিল চৰকাৰখন। গতিকে আৰ্থিক অৱস্থা বেয়া হ’বই।‘

আনহাতে, জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে চামুচেৰে দি জে চি বি লগাই মানুহৰ পৰা কৰ কাটল লগাইছে। এই চৰকাৰখনৰ চৰিত্ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে। চৰকাৰখন যে সৰ্বসাধাৰণৰ শত, সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। বিজেপিয়ে  প্ৰকৃততে চৰকাৰ চলোৱা নাই, তেওঁলোকে উপনিবেশিক শাসন চলাইছে। ৰাইজক এফালৰ পৰা শোষণ কৰি গৈছে।‘

তেওঁ কয়, ‘মূল্যবৃদ্ধি কৰৰ বোজাৰে ৰাইজক টেঁটুচেপা দিছে আৰু ইয়াৰ বিপৰীতে ৰাজ্যবাসীৰ ধনেৰে বিজেপিৰ মন্ত্ৰী- বিধায়কে বিলাস কৰিছে। যোৱা পাঁচ বছৰত বিজেপি চৰকাৰে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত ১০৮ কোটি টকা ব্যয় কৰিছে। হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰৰ নামত ২০২১-২২ বৰ্ষত বিশ কোটি আৰু ২০২২-২৩ বৰ্ষত ৩৪.১৩ কোটি টকা উৰুৱাইছে। যোৱা দুবছৰত বিজ্ঞাপনৰ নামত এই চৰকাৰখনে দুশ কোটি টকা খৰচ কৰিছে। গুৱাহাটীত অনুষ্ঠিত কৰা কেবিনেট বৈঠকৰ নামত একৈশ কোটি টকা আৰু গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৩.৬৮ কোটি টকা ব্যয় কৰা হৈছে।‘

লুৰীণজ্যোতিয়ে কয়, ‘সৰ্বসাধাৰণৰ ছান কাঢ়ি জধে-মধে ধন সংগ্ৰহ কৰা চৰকাৰখনে এতিয়া বিহু কমিটী আৰু ৰাস কমিটিক ধন দিয়াৰ কথা কোৱাটো অতি হাস্যকৰ। কোনো কাৰণতে এই কৰ মানি লোৱা নহ’ব। ৰাইজে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ধন চৰকাৰে এইদৰে কাঢ়ি নিব নোৱাৰিব। কষ্ট কৰি কৰা উপাৰ্জনৰ কথা হিমন্ত বিশ্ব শৰ্মাই হয়তো অনুভৱ কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চাহ বাগিচা আছে, স্কুল আছে বা লুইছ বাৰ্গাৰৰ দৰে কেলেংকাৰীত তেওঁৰ নাম আহিছে। সেইবাবে হয়তো তেওঁ এইবোৰ অনুভৱ কৰিব নোৱাৰে।’

অসম প্রদেশ কংগ্ৰেহ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপে ব্ৰিটিছৰ শাসনকো চেৰ পেলাইছে।

তেওঁ কয়,“মোগলে জনসাধাৰণৰ ওপৰত জিজিয়া কৰ লগোৱাৰ কথা বুৰঞ্জীত আমি পঢ়িছিলো। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাতকৈও ওপৰত গৈ জধে-মধে কৰ আৰোপ কৰিছে। এয়া হিমন্ত বিশ্ব শৰ্মা কৰ। এই চৰকাৰখনে কাকো শান্তিত থাকিবলৈ দিয়া নাই। অৰুণোদয় আঁচনিৰ নামত এফালে, ১,২০০ টকা প্ৰদান কৰিছে আৰু আনফালে ৰাইজক শোষণ কৰি গৈছে। চৰকাৰখনে শ শ কোটি টকা খৰচ কৰি বিহু পাতি বিশ্ব ৰেকৰ্ড গঢ়িলে। অথচ দিল্লীত জি-২০ সন্মিলনত বিকৃত ৰূপত উপস্থাপনেৰে বিহুক অপমান কৰাৰ সময়ত চৰকাৰখন মৌন হৈ থাকিল।‘

গোস্বামীয়ে লগতে কয়, ‘ৰাজপথত এতিয়া মানুহে গাড়ী-মটৰ উলিয়াব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে। নিবনুৱা যুৱকে চাৰিচকীয়া আৰু দচকীয়া বাহন চলাই পৰিয়াল পোহপাল দিব নোৱৰা হৈছে। কিয়নো ৰাজপথত ফান্দ পাতি ৰৈ থাকে যান-বাহন আৰক্ষী। জধে-মধে জৰিমনা বিহিবলৈ তেওঁলোকক চৰকাৰে নিৰ্দেশনা দি থৈছে। চৰকাৰে পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীক ৰাজহ আহৰণৰ বাবে লক্ষ্য বান্ধি দিছে। সেয়ে এতিয়া জৰিমনা সংগ্ৰহ কৰিবলৈ ৰাইজৰ ওপৰত তেওঁলোক জঁপিয়াই পৰে।‘

অসম তুণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই চাণক্যৰ উদ্ধৃতি দি কয় ‘ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া প্ৰজা ভিক্ষাৰী হয়। বিজেপি চৰকাৰৰো মুৰব্বী অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেপাৰীসুলভ হোৱা বাবে ৰাজ্যৰ আৰ্থ সামাজিক অৱস্থাৰ অধোগতি হৈছে। এতিয়া আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ সৰ্বসাধাৰণৰ ওপৰত জাপি দিছে কৰৰ পিচত কৰ।’

কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয়লা ছিণ্ডিকেটৰ কথা উল্লেখ কৰি কয় যে লিডু-মাৰ্ঘেৰিটাৰ পৰা দৈনিক গড়ে ৭০০ কয়লাৰ ট্ৰাক ওলাই যায় আৰু প্ৰতিখন টাকৰ পৰা এক-ডেৰ লাখ টকাকৈ বিজেপি চৰকাৰৰ বৰমুৰীয়াই সংগ্ৰহ কৰিছে। দিছপুৰৰ প্ৰতাক্ষ পৃষ্ঠপোষকতাত এনে ছিণ্ডিকেট চলিছে বুলি অভিযোগ কৰি বৰদলৈয়ে কয় যে সেই ধন ৰাজকোষত জমা হোৱা হ’লেও ৰাইজৰ ওপৰত নতুনকৈ কৰ আৰোপ কৰাৰ প্রয়োজন নহ’লহেঁতেন।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা মহানগৰ জিলা কংগ্ৰেহৰ সভাপতি নৱজ্যোতি তালুকদাৰে কয়, ‘মোগলে এটা সময়ত ৰাইজৰ ওপৰত জিজিয়া কৰ আৰোপ কৰিছিল। এতিয়া বিজেপি চৰকাৰে জিজিয়া কৰৰ লেখীয়াকৈ কৰ আৰোপ কৰিছে। এইখন চৰকাৰ পূৰ্বৰ জনমত মোগলৰ শাসক আছিল। এতিয়া হিন্দু হিচাপে জন্ম লৈ তেওঁলোকে নতুন ৰূপত কৰ আৰোপ কৰিছে। স্বেচ্ছাচাৰী এই চৰকাৰখনক ৰাইজে বিদায় দিয়াৰ সময় আহিছে।‘ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd