• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আজি সংবিধান দিৱস: জানো আহক এই দিৱসৰ ইতিহাস তথা প্ৰাসঙ্গিকতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 7:00 am
Constitution Day
223
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সংবিধান দিৱস। দেশত প্ৰতি বছৰে আজিৰ দিনটোত, অৰ্থাৎ ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ স্মৃতিত আৰু ভাৰতীয় সংবিধান প্ৰণয়নকাৰীসকলৰ অৱদানক সন্মান জনোৱাৰ্থে এই দিৱস পালন কৰা হয়।

ভাৰতৰ ৰাষ্ট্ৰ পৰিচালনাৰ মূল আধাৰ এই সংবিধান ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান পৰিষদে গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হয়। সংবিধান প্ৰণেতা ড৹ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত সংবিধান পৰিষদৰ ২ বছৰ, ১১ মাহ, ১৮ দিনীয়া প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠে দেশৰ সংবিধান।

Apply Now

ভাৰতৰ সৰ্বোচ্চ আইন সংবিধানখনে ভাৰতক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে আৰু দেশৰ প্ৰতিগৰাকী নাগৰিককে ন্যায়, সমতা আৰু স্বাধীনতাৰ আশ্বাস দিছে তথা ভ্ৰাতৃত্ববোধক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰিছে।

ভাৰতীয় সংবিধানখন বিশ্বৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান হিচাপে স্বীকৃত। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হোৱাৰ সময়ত সংবিধানত মুঠ ৩৯৫ টা অনুচ্ছেদ, ৮টা অনুসূচী আৰু ২২টা সূচী আছিল। অৱশ্যে সম্প্ৰতি দেশৰ সংবিধানখনত ৪৪৮ টা অনুচ্ছেদ, ১২টা অনুসূচী আৰু ২৫ টা সূচী আছে।

উল্লেখ্য যে, ভাৰত চৰকাৰে গেজেট অধিসূচনাৰ জৰিয়তে ২০১৫ চনৰ ১৯ নৱেম্বৰত ২৬ নৱেম্বৰ দিনটো দেশত সংবিধান দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ভাৰতত সংবিধান দিৱস পালন কৰি অহা হৈছে।

সাধাৰণ অৰ্থত সংবিধান দিৱস হৈছে গণতান্ত্ৰিক মূল্যবোধৰ উদযাপন। অৰ্থাৎ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট গণতান্ত্ৰিক নীতিসমূহৰ উদযাপনেই হৈ সংবিধান দিৱসৰ মহত্ব। সংবিধান দিৱসে ভাৰতীয় সংবিধানে প্ৰদান কৰা ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শক জনমানসলৈ বহন কৰিছে।

ভাৰতীয় সংবিধানৰ ভেটিতে দেশত গঢ় লৈ উঠিছে আইনৰ শাসনৰ ধাৰণা। তাৰ সমান্তৰালৈ সংবিধানে প্ৰদান কৰিছে প্ৰতিগৰাকী নাগৰিককে সমতা, স্বাধীনতা, ন্যায়ৰ অধিকাৰ। নাগৰিকৰ এই অধিকাৰ সুৰক্ষিত কৰি দেশত আইনৰ শাসন প্ৰতিষ্ঠা সন্দৰ্ভত প্ৰতিগৰাকী নাগৰিক সজাগ হোৱা প্ৰয়োজন। সংবিধান দিৱসে এই সজাগতা সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰতীয় সংবিধানে নিশ্চিত কৰা ধৰ্মনিৰপেক্ষতা, সমাজবাদ, গণতন্ত্ৰৰ দৰে সাংবিধানিক মূল্যবোধ আৰু নীতিসমূহে ভাৰতীয় সমাজৰ বৈচিত্ৰ্যপূৰ্ণ তথা বহুত্ববাদী ব্যৱস্থাটোত ঐক্য আৰু সমতাৰ ধাৰণাক ফলপ্ৰসূ কৰি তুলিছে। এই সাংবিধানিক মূল্যবোধসমূহ দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ সংবিধান দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য।

ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিফলিত কৰিছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকেই হৈছে সৰ্বোচ্চ। গতিকে দেশৰ সমাজ-ৰাজনৈতিক চৰিত্ৰ সম্পৰ্কে নাগৰিকৰ মৌলিক জ্ঞান নিতান্তই প্ৰয়োজনীয়। সংবিধানে নিশ্চিত কৰা দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত সংবিধানপ্ৰদত্ত অধিকাৰ আৰু কৰ্তব্য নিশ্চিত কৰি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে সংবিধান দিৱসে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd