• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত ভাৰতীয় হ’ল স্বাধীনতা সংগ্ৰামীৰ কন্যা! NRC-ৰ বিড়ম্বনাত ‘বিদেশী’ হৈছিল বঙাইগাঁৱৰ সেজেবালা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 10:51 am
সেজেবালা ঘোষ।

সেজেবালা ঘোষ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে তিনি বছৰীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে বঙাইগাঁও জিলাৰ ৭৩ বছৰীয়া সেজেবালা ঘোষে। সেজেবালা ঘোষ, এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কন্যা। ২০২০ চনত তেওঁক বিদেশী ন্যায়াধিকৰণে (FT) বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালৰ নথি-পত্ৰৰ সম্যক পৰীক্ষাৰ অন্তত একেখন ন্যায়াধিকৰণে তেওঁক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল সেজেবালা ঘোষৰ কঠিন যুঁজ। তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত উঠা প্ৰশ্নৰ উত্তৰ দিবলৈ আদালতত হাজিৰ হ’বলৈ কোৱা জাননী লাভ কৰে। স্তম্ভিত আৰু অপমানিত হৈ তেওঁ চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পিছ (চিজেপি) নামৰ এন জি অ’ৰ পৰা আইনী সহায় বিচাৰিছিল।

সেই এন জি অ’ৰ হৈ শ্ৰীমতী ঘোষৰ গোচৰত যুঁজ দিবলৈ অধিবক্তা দেৱান আব্দুৰ ৰহিমক নিযুক্তি দিয়া হৈছিল। অধিবক্তা ৰহিমে ১৩ খন বৈধ নথি দাখিল কৰিছিল যিয়ে ১৯৫১ চনৰ আগতে অসমত ঘোষৰ পৰিয়ালৰ উপস্থিতি স্পষ্টকৈ প্ৰমাণ কৰিছিল।

Apply Now

লগতে পঢ়কঃ এতিয়া কি হ’ব? ভাঙি গ’ল ধ্বংসাৱশেষ আঁতৰোৱা মেচিন; বন্ধ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কাৰ্য

এই নথিসমূহৰ ভিতৰত আছিল সেজেবালা ঘোষৰ পিতৃৰ শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, পাছপ’ৰ্ট, ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৫৮ চনৰ ভোটাৰ তালিকা। ১৯৬২ চনৰ ডোনেশ্যন স্লিপত আৰু ১৯৬৬ চনৰ মঙলদৈৰ ভোটাৰ তালিকাতো সেজেবালা ঘোষৰ মাতৃৰ নাম লিপিবদ্ধ হৈছিল। ইয়াৰ উপৰিও ১৯৮৯, ১৯৯৭, ২০০৫, ২০১১ আৰু ২০২০ চনত বঙাইগাঁৱৰ ভোটাৰ তালিকাত সেজেবালা ঘোষৰ নিজৰ নাম আছে।

প্ৰমাণ পোৱাৰ পিছতো প্ৰক্ৰিয়াগত বিলম্বৰ বাবে গোচৰটো তিনি বছৰ ধৰি চলিল। অৱশেষত ২০২৩ চনৰ ৪ নৱেম্বৰত বিদেশী ন্যায়াধিকৰণে সেজেবালা ঘোষক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে। এফ টিয়ে দাখিল কৰা নথি-পত্ৰৰ বৈধতা মানি লৈ ঘোষ পৰিয়ালৰ অসমত দীৰ্ঘদিনীয়া বসবাসক স্বীকৃতি দিয়ে।

ৰায়দানৰ পিছত সেজেবালা ঘোষে কয় যে তেওঁ সকাহ পাইছে আৰু লাভ কৰা ন্যায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ যি অপমান সহ্য কৰিছিল তাৰ সেই ক্ষোভ আৰু আঘাত ব্যক্ত কৰে।

লগতে পঢ়কঃমৰ্মান্তিক! বিশ্ববিদ্যালয়ৰ সংগীত অনুষ্ঠানত পদপিষ্ট হৈ ৪ জন ছাত্ৰৰ মৃত্যু, আহত প্ৰায় ৬০ জন

তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ পিতৃৰ ত্যাগক কেতিয়াও প্ৰশ্ন উত্থাপন কৰা উচিত নহয়। ‘মোৰ দেউতা আছিল এজন স্বাধীনতা সংগ্ৰামী। চন্দ্ৰশেখৰ আজাদৰ ঘনিষ্ঠ সহযোগী আছিল আৰু এই দেশৰ স্বাধীনতাৰ বাবে বহু ত্যাগ কৰিছিল। কিন্তু স্বাধীনতাৰ সাত দশকৰ পাছত তেওঁৰ কন্যাক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা হৈছিল, ই লজ্জাজনক।” বঙাইগাঁৱৰ শালবাগান গাঁৱত থকা কৃষ্ণভক্ত সেজেবালা ঘৰত অকলে থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd