মছছিদত আজানৰ বাবে ব্যৱহাৰ কৰা লাউডস্পিকাৰক কেন্দ্ৰ দেশত বিগত কেইটামান বছৰ ধৰি এক বাদ-বিবাদ চলি আহিছে। সমান্তৰালকৈ চলি আহিছে সাম্প্ৰদায়িক ৰাজনীতিয়ো। লাউডস্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আহ্বানেৰে আদালতৰ কাষ চপাও পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ এনে এখন আবেদন খাৰিজ কৰি আবেদনকাৰীক তীব্ৰ ভৰ্ৎসনা কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে। মছজিদত আজানৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰ কৰিলে শব্দ প্ৰদূষণ হয় আৰু সেয়ে লাউডস্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা বিচাৰি আদালতত দাখিল কৰা হৈছিল আবেদন।
হিন্দুত্ববাদী সংগঠন বজৰং দলৰ নেতা শক্তিসিংহ জালাই এই আৱেদন দাখিল কৰি দাবী কৰিছিল যে লাউডস্পীকাৰৰ জৰিয়তে আজান দিয়াৰ ফলত শব্দ প্ৰদূষণ হয় আৰু মানুহৰ বিশেষকৈ শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে তথা অন্যান্য অসুবিধাৰ সৃষ্টি কৰে।
এই আবেদনৰ শুনানি গ্ৰহণ কৰি গুজৰাট উচ্চ ন্যায়ালয়ে মঙলবাৰে আবেদনখন সম্পূৰ্ণ ভুল ধাৰণা ভিত্তিত আধাৰিত বুলি অভিহিত কৰি খাৰিজ কৰে। আদালতে লগতে মানৱ কণ্ঠই দিয়া আজান কেনেকৈ শব্দ প্ৰদূষণ কৰিবলৈ অনুমোদিত সীমাৰ বাহিৰত ডেচিবেল বৃদ্ধি কৰিলে বুলিও প্ৰশ্ন কৰে।
গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল আৰু ন্যায়াধীশ অনিৰুদ্ধ পি মায়েৰে গঠিত বিভাগীয় বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। এনে আবেদনক মনোৰঞ্জন আখ্যা দি এনে মনোৰঞ্জন নহ’ব বুলিও বিচাৰপীঠে লগতে সকীয়াই দিয়ে।
তদুপৰি আবেদন সন্দৰ্ভত আবেদনকাৰীক মন্দিৰৰ প্ৰসংগ উত্থাপন প্ৰশ্ন কৰে বিচাৰপীঠে। “ আপোনালোকৰ মন্দিৰতো ঢোল আৰু সংগীতেৰে পুৱা সোনকালে, প্ৰায় ৩ বজাত আৰতিয়ো আৰম্ভ হয়। ই কোনো লোকৰে ক্ষেত্ৰত কোনো ধৰণৰ শব্দ প্ৰদূষণ নকৰে নেকি?”— এইদৰে প্ৰশ্ন কৰে আদালতে ।
মন্দিৰৰ ঘন্টা, ঢোলৰ শব্দ কোলাহলৰ ভিতৰত পৰিব নে তথা এই শব্দ মন্দিৰ চৌহদৰ বাহিৰলৈ নাযায় নেকি বুলিও বিচাৰপীঠে আবেদনকাৰী হিন্দুত্ববাদী নেতাজনক ভৰ্ৎসনা কৰে। বিচাৰপীঠে লগতে কয় যে শব্দ প্ৰদূষণ জুখিবলৈ বৈজ্ঞানিক পদ্ধতি স্থাপন কৰা হৈছে।
দহ মিনিটৰ আজানে শব্দ প্ৰদূষণ কৰা বুলি প্ৰমাণ কৰিবলৈ কোনো বিশেষ অঞ্চলৰ তথ্য প্ৰদান কৰাত ব্যৰ্থ হয় আবেদনকাৰী। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বজৰং দলৰ নেতাগৰাকীৰ আবেদন খাৰিজ কৰে।





