অৱশেষত ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰিলে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে। বৃহস্পতিবাৰে এই জনপ্ৰিয় ফটো আৰু ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত একাউণ্ট খুলি তেওঁৰ বহু প্ৰত্যাশিত আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস মুকলি কৰে।
কিতাপখনৰ বিষয়ে কোৱাৰ সময়ত তেওঁ ভিডিঅ’ বাৰ্তাত ইয়াক “প্ৰেম, কৰ্তব্য, ক্ষতি আৰু নিজৰ সঠিক স্থান বিচাৰি পোৱাৰ এক অনন্য কাহিনী” বুলি অভিহিত কৰে। একাউণ্টটো খোলাৰ কেইমিনিটমানৰ ভিতৰতে তেওঁৰ অনুগামীৰ সংখ্যাই ৪৫০০ অতিক্ৰম কৰে। বৰ্তমান তেওঁ মাত্ৰ তিনিটা একাউণ্ট ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা আৰু কংগ্ৰেছৰ অফিচিয়েল পেজ অনুসৰণ কৰে।
ছোনিয়া গান্ধীৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে তেওঁ উৎসাহেৰে ৫৪৪ পৃষ্ঠাৰ দীঘলীয়া স্মৃতিকথাখনৰ কভাৰ উন্মোচন কৰিছে। কিতাপখন হাতত পোৱাৰ পিছত, পৃষ্ঠাবোৰ উলোটাই গৈ শিশু অৱস্থাত তেওঁৰ পুত্ৰ ৰাহুল আৰু কন্যা প্ৰিয়ংকাৰ কিছুমান বিৰল ছবিও দেখা যায়।
ভিডিঅ’টোত তেওঁ প্ৰিয়ংকাক কোৱা শুনা যায়, “বহুত ছবি আছে প্ৰিয়ংকা!” অহা ১০ নৱেম্বৰত গ্ৰন্থৰ বজাৰলৈ আহিবলগীয়া এই আত্মজীৱনীখন ভাৰতত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে প্ৰখ্যাত প্ৰকাশন প্ৰতিষ্ঠান হাৰ্পাৰকলিন্স ইণ্ডিয়াই। আনহাতে, আমেৰিকাৰ কোম্পানী ‘আলফ্ৰেড এ ন’পফ’ই ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণটো বিশ্বজুৰি প্ৰকাশ কৰাৰ দায়িত্ব লৈছে।
ৰাজনৈতিক মহলৰ মতে ছোনিয়া গান্ধীৰ এই আত্মজীৱনীখনকলৈও কম পানীঘোলা হোৱা নাই। ইয়াৰ পূৰ্বে পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া (পি আৰ এইচ আই)ৰ সৈতে সম্পাদকীয় পৰিৱৰ্তন সন্দৰ্ভত কিছু মতানৈক্যৰ বাবে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। সেই সময়ত কংগ্ৰেছে তীব্ৰ অভিযোগ উত্থাপন কৰিছিল যে পেংগুইনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু ভাৰত-চীন সম্পৰ্কৰ সৈতে জড়িত কিছুমান অংশ গ্ৰন্থখনৰ পৰা আঁতৰাই পেলাবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল।
কিন্তু পেংগুইনে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে তেওঁলোকে কিতাপখন অতি গুৰুত্বসহকাৰে প্ৰকাশ কৰিব বিচাৰে। শেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বহু চৰ্চিত এই কিতাপখন হাৰ্পাৰ কলিন্সৰ জৰিয়তে বজাৰত মুকলি কৰা হৈছে।
ৰাজনৈতিক আৰু সাহিত্যিক মহলে ধাৰণা কৰে যে এই স্মৃতিকথাখনত যুদ্ধবিধ্বস্ত ইটালীত ছোনিয়া গান্ধীৰ প্ৰাৰম্ভিক শৈশৱ, পৰৱৰ্তী সময়ত ভাৰতলৈ আগমন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে তেওঁৰ জীৱনৰ বিভিন্ন অজ্ঞাত অধ্যায় মূৰ্ত হৈ উঠিব।
ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ মৰ্মান্তিক হত্যাকাণ্ড আৰু শাহুৱেক আৰু স্বামীৰ মৃত্যুৰ পিছত ৰাজনীতিত অনিচ্ছাকৃতভাৱে প্ৰৱেশ তথা ডাঙৰ ব্যক্তিগত বিপৰ্যয়কে ধৰি সকলো কথা বিতংভাৱে সামৰি লোৱা হৈছে। বিশেষকৈ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত ইউ পি এৰ ঐতিহাসিক বিজয়ৰ পাছতো তেওঁ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ আঁৰত সঠিকভাৱে কি ধাৰণাই কাম কৰিছিল, সেই ৰহস্যও এই গ্ৰন্থখনে উন্মোচন কৰিব পাৰে।





