দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত ছেলফি বুথ নিৰ্মাণ কৰিব লাগিব। তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিভিন্ন ছবি থাকিব। শিক্ষক-ছাত্ৰ-দৰ্শনাৰ্থীক মোডীৰ সেই ছবিবোৰৰ সন্মুখত চেলফি তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ উৎসাহিত কৰিব লাগে।
দেশৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষই কেম্পাছত চেলফি বুথ বনাবলৈ এনে নিৰ্দেশনা লাভ কৰিছে। ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগে দিছে এই নিৰ্দেশনা। ইয়াৰ বাবে শুকুৰবাৰে আয়োগে উপাচাৰ্য-অধ্যক্ষলৈ এখন পত্ৰ প্ৰদান কৰিছে।
অহা বছৰ দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে এনে গাইডলাইনক লৈ বিতৰ্ক বিয়পি পৰিছে। পৰ্যবেক্ষক মহলৰ মতে শাসকীয় মোডী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ বাবে কেম্পাছসমূহক বেচৰকাৰী প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ ফটোসহ চেলফি বুথ বনাবলৈ নিৰ্দেশ দিয়া হৈছে।
লগতে পঢ়কঃ ধৰ্ষণত অভিযুক্ত হ’ব পাৰেনে এগৰাকী মহিলা? বিচাৰৰ বাবে আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে
অৱশ্যে বিশ্ববিদ্যালয় অনুদান আয়োগে অন্য ধৰণে কৈছে। আয়োগৰ তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কৃতিত্ব আছে। চেলফি বুথত সেইবোৰৰ ফটো প্ৰদৰ্শন আৰু তাত চেলফি লোৱাটোৱে ভাৰতীয়সকলৰ মাজত সামূহিক গৌৰৱৰ ভাৱনাক উৎসাহিত কৰিব। ইয়াৰ সমান্তৰালকৈ ই ভাৰতৰ সাফল্যৰ বিষয়ে জানিবলৈ যুৱ মনৰ মাজত আগ্ৰহ জগাই তোলাত ভূমিকা গ্ৰহণ কৰিব।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব মনীষ যোশীয়ে উপাচাৰ্য-অধ্যক্ষলৈ লিখা এখন পত্ৰত কয় যে নৱপ্ৰজন্মৰ শক্তি আৰু উৎসাহক ব্যৱহাৰ কৰাৰ এক অনন্য সুযোগ আছে। বিভিন্ন ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ পৰা প্ৰেৰণা লৈ তেওঁলোকৰ মনক উদ্দীপিত কৰিব লাগে।
প্ৰতিটো কেম্পাছৰ গুৰুত্বপূৰ্ণ স্থানত এই চেলফি বুথ নিৰ্মাণৰ নিৰ্দেশনা দিয়া হৈছে। কোৱা হৈছে যে চেলফি বুথত থ্ৰীডি ছবি প্ৰদৰ্শন কৰিব লাগে। শিক্ষা খণ্ডৰ আন্তৰ্জাতিককৰণ, স্মাৰ্ট ইণ্ডিয়া হেকাথন, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি আদি বিভিন্ন বিষয় মনত ৰাখি বুথসমূহ নিৰ্মাণ কৰিব লাগে।
লগতে পঢ়কঃমোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট
সমালোচকসকলে কয় যে চৰকাৰ বা বিশ্ববিদ্যালয় অনুদান আয়োগক এনে অভিযান চলাবলৈ শিক্ষানুষ্ঠানৰ চৌহদত এনে কাঠামো নিৰ্মাণ কৰিবলৈ কোৱাৰ কোনো আইনী ব্যৱস্থা নাই।
বিভিন্ন শিক্ষাবিদে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ ফটোখন ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণে অপপ্ৰচাৰত ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ কৰ’না টিকাকৰণৰ প্ৰমাণ পত্ৰত মেলাত মোডীৰ ফটোসহ চেলফি বুথ স্থাপনকে ধৰি বিভিন্ন ঘটনাৰ সাক্ষী হৈ আহিছে দেশৰ ৰাইজে।
সমালোচকৰ মতে এই কাৰ্যকলাপৰ জৰিয়তে এক অতি সূক্ষ্ম ধাৰণা প্ৰচাৰৰ প্ৰয়াস কৰা হৈছে, আৰু সেয়া হ’ল ভাৰতৰ এই অবিশ্বাস্য কৃতিত্বৰ বাবে মাত্ৰ এজন ব্যক্তিৰ (মোডী) ভূমিকা আছে।
লগতে পঢ়কঃখাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ! সোমবাৰে লোকসভাত দাখিল হ’ব এথিক্স কমিটিৰ প্ৰতিবেদন
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে কয় যে চেলফি বুথসমূহে প্ৰচাৰ কৌশলক উৎসাহিত কৰিব, বিতৰ্কৰ সৃষ্টি কৰিব আৰু মানুহক সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ সুযোগ দিব।
অধ্যাপকেজনে লগতে কয় যে বিশ্ববিদ্যালয়খন বহু মতামতক লালন-পালন কৰাৰ স্থান। যদি চেলফি বুথ থকাৰ ধাৰণাটো কেৱল এজন প্ৰভাৱশালী ব্যক্তিৰ দৰে বিজ্ঞাপন দিয়াৰ ঠাই হয়, তেন্তে ই দীৰ্ঘম্যাদীভাৱে বিশ্ববিদ্যালয়খনৰ ধাৰণাৰ পৰিপন্থী হ’ব।