• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ সকলো মহাবিদ্যালয়-বিশ্ববিদ্যালয় চৌহদত মোডীৰ ফটোসহ চেলফি বুথ নিৰ্মাণৰ বাবে UGCৰ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2023 2:56 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত ছেলফি বুথ নিৰ্মাণ কৰিব লাগিব। তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিভিন্ন ছবি থাকিব। শিক্ষক-ছাত্ৰ-দৰ্শনাৰ্থীক মোডীৰ সেই ছবিবোৰৰ সন্মুখত চেলফি তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ উৎসাহিত কৰিব লাগে।

দেশৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষই কেম্পাছত চেলফি বুথ বনাবলৈ এনে নিৰ্দেশনা লাভ কৰিছে। ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগে দিছে এই নিৰ্দেশনা। ইয়াৰ বাবে শুকুৰবাৰে আয়োগে উপাচাৰ্য-অধ্যক্ষলৈ এখন পত্ৰ প্ৰদান কৰিছে।

অহা বছৰ দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে এনে গাইডলাইনক লৈ বিতৰ্ক বিয়পি পৰিছে। পৰ্যবেক্ষক মহলৰ মতে শাসকীয় মোডী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ বাবে কেম্পাছসমূহক বেচৰকাৰী প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ ফটোসহ চেলফি বুথ বনাবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

লগতে পঢ়কঃ ধৰ্ষণত অভিযুক্ত হ’ব পাৰেনে এগৰাকী মহিলা? বিচাৰৰ বাবে আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে

অৱশ্যে বিশ্ববিদ্যালয় অনুদান আয়োগে অন্য ধৰণে কৈছে। আয়োগৰ তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কৃতিত্ব আছে। চেলফি বুথত সেইবোৰৰ ফটো প্ৰদৰ্শন আৰু তাত চেলফি লোৱাটোৱে ভাৰতীয়সকলৰ মাজত সামূহিক গৌৰৱৰ ভাৱনাক উৎসাহিত কৰিব। ইয়াৰ সমান্তৰালকৈ ই ভাৰতৰ সাফল্যৰ বিষয়ে জানিবলৈ যুৱ মনৰ মাজত আগ্ৰহ জগাই তোলাত ভূমিকা গ্ৰহণ কৰিব।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব মনীষ যোশীয়ে উপাচাৰ্য-অধ্যক্ষলৈ লিখা এখন পত্ৰত কয় যে নৱপ্ৰজন্মৰ শক্তি আৰু উৎসাহক ব্যৱহাৰ কৰাৰ এক অনন্য সুযোগ আছে। বিভিন্ন ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ পৰা প্ৰেৰণা লৈ তেওঁলোকৰ মনক উদ্দীপিত কৰিব লাগে।

প্ৰতিটো কেম্পাছৰ গুৰুত্বপূৰ্ণ স্থানত এই চেলফি বুথ নিৰ্মাণৰ নিৰ্দেশনা দিয়া হৈছে। কোৱা হৈছে যে চেলফি বুথত থ্ৰীডি ছবি প্ৰদৰ্শন কৰিব লাগে। শিক্ষা খণ্ডৰ আন্তৰ্জাতিককৰণ, স্মাৰ্ট ইণ্ডিয়া হেকাথন, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি আদি বিভিন্ন বিষয় মনত ৰাখি বুথসমূহ নিৰ্মাণ কৰিব লাগে।

লগতে পঢ়কঃমোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট

সমালোচকসকলে কয় যে চৰকাৰ বা বিশ্ববিদ্যালয় অনুদান আয়োগক এনে অভিযান চলাবলৈ শিক্ষানুষ্ঠানৰ চৌহদত এনে কাঠামো নিৰ্মাণ কৰিবলৈ কোৱাৰ কোনো আইনী ব্যৱস্থা নাই।

বিভিন্ন শিক্ষাবিদে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ ফটোখন ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণে অপপ্ৰচাৰত ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ কৰ’না টিকাকৰণৰ প্ৰমাণ পত্ৰত মেলাত মোডীৰ ফটোসহ চেলফি বুথ স্থাপনকে ধৰি বিভিন্ন ঘটনাৰ সাক্ষী হৈ আহিছে দেশৰ ৰাইজে।

সমালোচকৰ মতে এই কাৰ্যকলাপৰ জৰিয়তে এক অতি সূক্ষ্ম ধাৰণা প্ৰচাৰৰ প্ৰয়াস কৰা হৈছে, আৰু সেয়া হ’ল ভাৰতৰ এই অবিশ্বাস্য কৃতিত্বৰ বাবে মাত্ৰ এজন ব্যক্তিৰ (মোডী) ভূমিকা আছে।

লগতে পঢ়কঃখাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ! সোমবাৰে লোকসভাত দাখিল হ’ব এথিক্স কমিটিৰ প্ৰতিবেদন

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে কয় যে চেলফি বুথসমূহে প্ৰচাৰ কৌশলক উৎসাহিত কৰিব, বিতৰ্কৰ সৃষ্টি কৰিব আৰু মানুহক সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ সুযোগ দিব।

অধ্যাপকেজনে লগতে কয় যে বিশ্ববিদ্যালয়খন বহু মতামতক লালন-পালন কৰাৰ স্থান। যদি চেলফি বুথ থকাৰ ধাৰণাটো কেৱল এজন প্ৰভাৱশালী ব্যক্তিৰ দৰে বিজ্ঞাপন দিয়াৰ ঠাই হয়, তেন্তে ই দীৰ্ঘম্যাদীভাৱে বিশ্ববিদ্যালয়খনৰ ধাৰণাৰ পৰিপন্থী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd