যোৱা ২৭ অক্টোবৰত ম্যানমাৰৰ উত্তৰ শ্বান প্ৰদেশত ১০২৭ অভিযান আৰম্ভ হোৱাৰ পিছত বিদ্ৰোহীয়ে তিনিখন প্ৰদেশ আৰু দুটা অঞ্চলৰ ৩০০ৰো অধিক জুন্টা ঘাটি আৰু ২০খন চহৰ দখল কৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিযানৰ সপ্তম সপ্তাহত ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স, টাং নেশ্যনেল লিবাৰেচন আৰ্মী আৰু আৰাকান আৰ্মীয়ে উত্তৰ শ্বান প্ৰদেশৰ প্ৰায় ৩০০টা ঘাটি দখল কৰে।
৮ ডিচেম্বৰলৈকে উত্তৰ শ্বান প্ৰদেশৰ কমেও আঠখন চহৰ জুন্টা আৰু ইয়াৰ মিত্ৰশক্তিৰ পৰা দখল কৰাৰ পিছত মিত্ৰজোঁটে লাইকাউ চহৰখন দখল কৰাৰ প্ৰস্তুতি চলাইছে।
লগতে পঢ়কঃ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ! গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু শিশুসহ ৮জনৰ
আৰাকান সেনাই ৰাখাইন আৰু চিন প্ৰদেশৰ কমেও ৪৫টা জুন্টাৰ ঘাটি আৰু আউটপোষ্ট দখল কৰিছে। উত্তৰ শ্বান প্ৰদেশৰ পৰা সামৰিক শাসন ব্যৱস্থাক উৎখাত কৰিবলৈ সাগাইং, মণ্ডল, মাগৱে আৰু চিন প্ৰদেশৰ বিদ্ৰোহীসকলক প্ৰেৰণা দিয়া হৈছে।
কাচিন ইণ্ডিপেনডেন্স আৰ্মিৰ সহযোগত পিপলছ ডিফেন্স ফোৰ্চেছ (পিডিএফ)য়ে সাগাইং অঞ্চলৰ কমেও তিনিখন চহৰ দখল কৰিছে। আনহাতে, চিনৰ প্ৰদেশৰ প্ৰতিৰোধ বাহিনীয়ে ৮ ডিচেম্বৰলৈকে কমেও সাতখন চহৰ দখল কৰিছে।
১১ নৱেম্বৰত কাৰেনি প্ৰদেশত কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চ (কেএনডিএফ), কাৰেনি আৰ্মী, কাৰেনি নেচনেল পিপলছ লিবাৰেচন ফ্ৰণ্ট আৰু পিডিএফৰ দ্বাৰা অপাৰেচন ১১১১ নামৰ আন এক চৰকাৰ বিৰোধী আক্ৰমণ আৰম্ভ হয়।
লগতে পঢ়কঃ তোলপাৰ তেলেংগানা! মুছলমান প্ৰ’টেম অধ্যক্ষৰ পৰা নলয় শপত, বৰ্জন বিজেপিৰ
কেএনডিএফে জনোৱা মতে, কাৰেনি প্ৰদেশৰ লাইকাউ আৰু ডেমোছ’ টাউনশ্বিপ আৰু দক্ষিণ শ্বান প্ৰদেশৰ চুবুৰীয়া পেকন টাউনশ্বিপত ৩৫টাতকৈও অধিক জুন্টা ঘাটি অপাৰেচন ১১১১ আৰম্ভ হোৱাৰ পৰাই প্ৰতিৰোধ বাহিনীৰ হাতত পৰিছে।
কাৰেনি আৰু মন প্ৰদেশ আৰু বাগো অঞ্চলতো চৰকাৰী বাহিনীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ হয়। ৩ ডিচেম্বৰত কাৰেনি ৰাষ্ট্ৰীয় মুক্তি সেনা আৰু মিত্ৰশক্তিৰ প্ৰতিৰোধ বাহিনীয়ে বাগো অঞ্চলৰ মন চহৰ দখল কৰে।
লগতে পঢ়কঃভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?
২০২১ চনত সামৰিক জুন্টাই ক্ষমতা দখল কৰাৰ পিছত দেশৰ আইন-শৃংখলাৰ পৰিস্থিতিয়ে ব্যাপক অশান্তি আৰু সংঘৰ্ষৰ মাজেৰে পাৰ হৈ আহিছে। অৰ্থনীতিৰ পতন ঘটিছে। এটা এটাকৈ বিদেশী বিনিয়োগকাৰী গুচি গৈছে। ৰিজাৰ্ভ প্ৰায় শেষ হৈ গৈছে। অশান্ত সীমান্তত এতিয়া বন্ধ হৈ পৰিছে স্থল ব্যৱসায়। চৰকাৰী বাহিনীৰ দমনৰ ফলত মানৱ অধিকাৰৰ পৰিস্থিতিৰ পতন ঘটিছে।